চোৰৰ সন্দেহত এজন যুৱকক তামোল গছত বান্ধি মৰিয়াই হত্যা
ৰঙিলী বাৰ্ত্তাসেৱা– চোৰৰ সন্দেহত এজন যুৱকক তামোল গছত বান্ধি মৰিয়াই হত্যা । তামুলপুৰত সংঘটিত হৈছে এই ঘটনা । নিহত যুৱক জন তিনিপুখুৰী গাঁৱৰ বিনোদ ব্ৰহ্ম (২৭) বুলি জানিব পৰা গৈছে ৷ একে গাঁৱৰে বলাই দাস নামৰ লোকজনৰ ঘৰত পুৱতি নিশা সংঘটিত হৈছে এই ঘটনা। মৃত বিনোদ ব্ৰহ্মক বলাই দাসে ৰচিৰে বান্ধি মৰিয়াই মৰিয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে মৃতকৰ পৰিয়ালৰলোক।