চোলা – মৃগাংক বৰুৱা

চোলা

মৃগাংক বৰুৱা
বনগাঁও(কছাৰীহাট),গোলাঘাট

(১)
পিতায়ে পকোৱা ৰেডিঅ’টোত
গীতিমালিকাৰ গান বাজে
ইউনিফৰ্ম চোলাৰ এৰাই যোৱা বুটামটো
আয়ে আলফুলে গাতে চিলাই
সুতাডাল আগদাঁতেৰে চিঙে
কিতাপৰ বেগটো পিঠিত আঁৰি
হাতখন মূৰত ফুৰাই কয়–
‘ধীৰে সুস্থিৰে যাবি
ছাৰে কোৱা কথা মন দি শুনিবি’
শৈশৱৰ জোৰা-টাপলি মৰা দিনবোৰত
শিলৰ ৰেখাৰ দৰেই মনত ৰৈ গ’ল
আয়ে আমাক লৈ দেখা সপোনবোৰৰ কথা
মনত ৰৈ গ’ল
ধেলা চাবোনেৰে ঘঁহি ঘঁহি
জগত সভালৈ ওলাই যাবলৈ যোগাৰ কৰা
একমাত্ৰ চোলাটোৰ দাগবোৰ ধোৱাৰ দৃশ্য…
তেনে দিনবোৰতেই
ঘামত ভিজা চোলাটোৰ সৈতে দেউতা
কাষত ৰ’লেই অনুভৱ কৰিছিলোঁ
বটবৃক্ষ এজোপাৰ ছাঁ
জীৱন যুঁজৰ মুখামুখি হ’বলৈ
ইয়াৰ ছাঁতে আয়েও সুখৰ আলয় সাজি
লৈছিল ভৰাই এবুকু উশাহ
চোলাটোৰ ভিতৰৰ দেউতাজনেও
ঘিটমিটিয়া অসাধু আন্ধাৰ দূৰলৈ খেদি
খামুছি ধৰিছিল আজীৱন
নিৰাপত্তাৰ অদৃশ্য দেৱাল এখন…
(২)
আছেনে মনত তোমাৰ
অকাশিনীলা চোলাটোৰ কথা
ক’লা পেণ্টটোৰ সৈতে ধুনীয়া দেখা
সযতনে ৰাখিছোঁ সামৰি
এসাগৰ নীলাৰেই বাকচ ভৰি
মৰম এগালে জেপটো ৰাখিছে ফুলাই
যদিও উৰিছে তাৰ ৰং
অনেক কথাৰে বুকুৰ ধপ ধপনি কিছুমান লাগি থাকি
চিনাকি গোন্ধ এটিয়ে উতলা কৰে মন
যেতিয়াই বাকচটো খুলি চাওঁ
পুৰণি দিনৰ কথা-অকথাত হেৰাই যাওঁ
আৰু তুমি দেখুৱা পোহৰৰ বাটকটা খোজটি
পুনৰ বিচাৰি পাওঁ
ক’ত যে অনুশীলন ঢাপে ঢাপে জীয়নৰ
নিজকে নতুন ৰূপত নিৰ্মাণৰ
সামৰি ৰাখিছে চোলাটিয়ে প্ৰতিদিন, প্ৰতিক্ষণ
নিজৰ বিৰুদ্ধে নিজে কৰা যুদ্ধৰ অনেক ৰং
এনেকৈয়ে জিলমিল ধূসৰিত ছবিবোৰ
স্মৃতি গধূৰ হয়
চকুলো দুটোপাল
তাম বৰণীয়া চোলাটোতে পৰি ৰয়…

(৩)
সোঁৱৰনিৰ কুঁৱলী ফালি
মিঠা সুবাস নামে আজি ধাৰাষাৰ
স্কুলীয়া চোলাটো পিন্ধাৰ ক্ষণত
পৰুৱাৰ লানিটো দেখুৱাই
তই শিকোৱা কথাষাৰ–
‘দেখিছ’নে বোপাই একেলগে সিহঁত
কেনেকৈ কৰে খোৱাৰ যোগাৰ
মাওখে উটিলে নাই মৰণ পৰুৱাৰ’
আই–
তই শিকোৱা এনে কিছুমান কথাইহেচোন
মোক সমাজত বাট বুলিবলৈ আজিও শিকায়
যদিও বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষা সমাপ্তিৰ
প্ৰমাণ পত্ৰবোৰ আছে ৰঙচুৱা ফাইলটো ভৰায়
কেতিয়াবা,
নিজানৰ নিৰলা পৰত
পঢ়াশালিৰ দিনতে এৰি অহা বহু কথা
মোৰ তেজৰ কণিকাৰ আকাশত
এডাল ফ্লোৰেচেন্ট ৰেখা হৈ জিলিকিলেই
কথা পাতো সেই চোলাৰ লগত
আৰু মনৰ শব্দবোৰ সামৰি থওঁ
অস্পষ্ট বাক্যৰ মাজত…