চৈয়দা হামিদৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ জিলাই জিলাই এজাহাৰ দাখিল
১৫ জিলাত দাখিল এফ আই আৰ, গ্ৰেপ্তাৰৰ দাবী
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘প্ৰপাগণ্ডা মেচিন’ ৰ শ্ৰুতলিপি অনুসৰি অসম বিদ্বেষী মন্তব্য কৰা দিল্লীৱালা নেত্ৰী চৈয়দা হামিদৰ বিৰুদ্ধে কমেও ১৫ খন জিলাত এজাহাৰ দাখিল কৰিছে অসম জাতীয় পৰিষদে। গুৱাহাটী মহানগৰ সহ ৰাজ্যখনৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰি জাতীয় পৰিষদৰ নেতাসকলে হামিদক গ্ৰেপ্তাৰ কৰি ৰাজ্যত সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ দাবী জনায়।উল্লেখ্য যে পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্যা চৈয়দা হামিদে ২৪ আগষ্টৰ দিনা গুৱাহাটীলৈ হৈ ‘অসমত বাংলাদেশী থাকিলে কি অসুবিধা’ বুলি প্ৰশ্ন কৰি অবৈধ নাগৰিকৰ হৈ উকালতি কৰাই নহয়, পিচদিনা দিল্লীত ‘অসম এখন ভয়ংকৰ ঠাই’ হৈ পৰা আৰু ‘অসমীয়া জাতিয়ে ফ্ৰাংকেষ্টাইন’ৰ ভূমিকা গ্ৰহণ কৰা বুলি মত প্ৰকাশ কৰিছিল। অসম জাতীয় পৰিষদে ইতিপূৰ্বে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ মালিকানাধীন সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত এগৰাকী সাংবাদিকৰ ‘অতি ঘনিষ্ঠ’ চৈয়দা হামিদক মুখ্যমন্ত্ৰী শৰ্মাইহে তেনেদৰে বক্তব্য দি অসমত সাম্প্ৰদায়িক পৰিৱেশ ৰচিবলৈ শ্ৰুতলিপি দিছিল।নেত্ৰীগৰাকীৰ উক্ত বক্তব্যই অসমীয়া জাতিক অপমান কৰা আৰু তেওঁৰ বক্তব্যই অসমত গোষ্ঠীগত বিভেদৰ সৃষ্টি কৰিব বুলি আশংকা কৰি আজি অসম জাতীয় পৰিষদে তেওঁৰ বিৰুদ্ধে জিলাই জিলাই বিভিন্ন থানাত এজাহাৰ দাখিল কৰে। তাৰে কামৰূপ মহানগৰ জিলা সমিতিয়ে গুৱাহাটীৰ দিচপুৰ থানাত আৰু বাকী জিলা সমিতিসমূহে সংশ্লিষ্ট জিলাৰ থানাসমূহত এজাহাৰ দাখিল কৰে। এই বাতৰি লিখা পৰলৈকে কামৰূপ মহানগৰ, কামৰূপ গ্ৰাম্য, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেও, যোৰহাট, নগাঁও, চিৰাং, কোকৰাঝাৰ, ধুবুৰী, বজালী, বৰপেটা, নলবাৰী আৰু কৰিমগঞ্জ জিলা সমিতিয়ে এজাহাৰ দাখিল কৰে।এজাহাৰত নেত্ৰীগৰাকীৰ বিৰুদ্ধে অসমবাসীৰ জাতীয় অনুভূতিত আঘাত কৰা আৰু সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰি দুটা জনগোষ্ঠীৰ মাজত সংঘাত সৃষ্টিৰ প্ৰয়াস চলোৱাৰ অভিযোগ উত্থাপন কৰা হয়। সেই মৰ্মে তেওঁৰ বিৰুদ্ধে ভাৰতীয় ন্যায়িক সংহিতাৰ ১৯৫, ৩৫৩ আৰু ৩৫৬ ধাৰাৰ লগতে অন্য প্ৰয়োজনীয় ধাৰাৰ অধীনত গোচৰ ৰুজো কৰাৰ দাবী কৰা হয়।’আমি ইতিপূৰ্বে সংবাদ মেল যোগে চৈয়দা হামিক গ্ৰেপ্তাৰ কৰিব লাগে বুলি দাবী কৰিছিলো। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গ্ৰেপ্তাৰ নকৰো বুলি কৈছে। ইয়াৰ পৰাই স্পষ্ট হৈ পৰি যে চৈয়দা হামিদ কাৰ মানুহ আৰু কাৰ শ্ৰুতলিপিত তেওঁ উক্ত কাম কৰিছে। এইবাৰ আমি এজাহাৰ দাখিল কৰিলো। এইবাৰো যদি বগ্পেপ্তাৰ নকৰে বা চৈয়দা হামিদক সাৰি যাবলৈ দিয়ে, তেনেহ’লে প্ৰমাণ হৈ যাব যে চৈয়দা হামিদৰ সৈতে মুখ্যমন্ত্ৰীৰ ভিতৰুৱা বুজাবুজি আছে” – দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়।