চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হ’ল যশপ্ৰীত বুমৰাহ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত ঘোষণা কৰা হ’ল চেম্পিয়নছ ট্ৰফী ২০২৫ৰ বাবে ভাৰতীয় দল । বিচিচিআইয়ে ভাৰতৰ চূড়ান্ত দল ঘোষণা কৰে । ভাৰতৰ তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহক আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বাহিৰ কৰা হৈছে । প্ৰাক্তন ভাৰতীয় ফাষ্ট বলাৰ অজিত আগাৰকাৰৰ নেতৃত্বত ৫ জনীয়া ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে বুমৰাহৰ স্থানত যুৱ সোঁহাতৰ ফাষ্ট বলাৰ হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত কৰিছে । বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই এক সংবাদমেলত কয়, ‘পিঠিৰ তলৰ অংশৰ আঘাতৰ বাবে ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহ আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পৰা বাহিৰ হৈছে । পুৰুষৰ বাছনি সমিতিয়ে বুমৰাহৰ স্থানত হৰ্ষিত ৰাণাক দলত অন্তৰ্ভুক্ত কৰিছে ।” ৰাষ্ট্ৰীয় বাছনি সমিতিয়ে শেহতীয়াকৈ এদিনীয়া খেলত আত্মপ্ৰকাশ কৰা স্পিনাৰ বৰুণ চক্ৰৱৰ্তীকো চেম্পিয়নছ ট্ৰফীৰ বাবে দলত অন্তৰ্ভুক্ত কৰিছে ।ঘৰুৱা বৰ্তনীত তামিলনাডুৰ হৈ খেলা চক্ৰৱৰ্তীয়ে বিস্ফোৰক অপেনাৰ যশস্বী জয়ছোৱালৰ স্থান লৈছে । জয়ছোৱালক বিচিচিআইয়ে চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা অস্থায়ী দলত অন্তৰ্ভুক্ত কৰিছিল । স্পিনাৰসকলক সহায় কৰিব পৰা ডুবাইৰ পিটছবোৰৰ প্ৰকৃতিৰ প্ৰতি লক্ষ্য ৰাখি চক্ৰৱৰ্তীক দলত অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনা যথেষ্ট । অৱশ্যে ১৮ জানুৱাৰীত চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষণা কৰা টীম ইণ্ডিয়াৰ ১৫ জনীয়া দলটোত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু এতিয়া টিম ইণ্ডিয়াত পুনৰ পৰিৱৰ্তন আনিব লগা হৈছে বিচিচিআইয়ে। এতিয়া বুমৰাহৰ ঠাইত হৰ্ষিত ৰাণাক দলক অন্তৰ্ভুক্ত কৰা হৈছে। হৰ্ষিত ৰাণাক ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত বুমৰাহৰ বেক আপ হিচাপে স্থান দিয়া হৈছিল। এই শৃংখলাৰ সময়ত হৰ্ষিত ৰাণাই এদিনীয়াত অভিষেক কৰিছিল। চেম্পিয়নছ ট্ৰফীৰ বাবে ঘোষিত চূড়ান্ত ভাৰতীয় দলটো হ’লঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গীল (উপ-অধিনায়ক), বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল (উইকেটকীপাৰ), ঋষভ পন্ত (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছামি, অৰ্শদীপ সিং, ৰবীন্দ্ৰ জাদেজা, বৰুণ চক্ৰৱৰ্তী। ইয়াৰ উপৰিও নন ট্ৰেভেলিং ৰিজাৰ্ভত আছে- যশস্বী জয়ছৱাল, মহম্মদ চিৰাজ, শিৱম ডুবে।