চেম্পিয়নছ ট্ৰফীত আজি ভাৰত বনাম বাংলাদেশ

চেম্পিয়নছ ট্ৰফীত আজি ভাৰত বনাম বাংলাদেশ

ৰঙিলী বাৰ্ত্তাসেৱা- আজি ভাৰত আৰু বাংলাদেশৰ মাজত চেম্পিয়নছ ট্ৰফীৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব। ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত দুপৰীয়া ২:৩০ বজাৰ পৰা এই খেলখন অনুষ্ঠিত হ’ব ।  এই মেচত ভাৰতৰ নেতৃত্বত থাকিব ৰোহিত শৰ্মা, বাংলাদেশৰ অধিনায়ক হ’ব নাজমুল হাছান শান্তো । চেম্পিয়নছ ট্ৰফীৰ প্ৰথমথন মেচৰ পূৰ্বে আত্মবিশ্বাসী ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা। বুধবাৰে সংবাদমেল সম্বোধন কৰি সংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰোহিতে কয় যে আঠ বছৰৰ পাছত চেম্পিয়নছ ট্ৰফী অনুষ্ঠিত কৰা হৈছে। কিন্তু ট্ৰফী জয় কৰিবলৈ এতিয়াও বহু কাম বাকী আছে। আন টুৰ্ণামেণ্টৰ দৰেই গুৰুত্ব দি ভাৰতে চেম্পিয়নছ ট্ৰফী খেলিব।অধিনায়কগৰাকীয়ে কয়,  ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ভাল খেল প্ৰদৰ্শন কৰিছিল। প্ৰতিজন ক্ৰিকেটাৰে তেওঁলোকৰ প্ৰতিটো ভূমিকাতে সফল হৈছে। অৱশ্যে ভাৰততকৈ ডুবাইৰ পৰিবেশ বহু বেলেগ বুলিও তেওঁ স্বীকাৰ কৰিছে। ভাল প্ৰদৰ্শনৰ বাবে খেলপথাৰ আৰু প্ৰতিপক্ষক বুজি সেইমতে খেলিব লাগিব বুলিও কয়।বাংলাদেশৰ বিৰুদ্ধে প্ৰতিযোগিতাৰ প্ৰথমখন মেচৰ পূৰ্বে দলৰ প্ৰতিজন ক্ৰিকেটাৰেই ফিট হৈ আছে বুলিও কয় তেওঁ। মহম্মদ ছামিৰ প্ৰসংগত তেওঁ কয়, ছামি সম্পূৰ্ণ ফিট হৈ আছে। একেদৰে তেওঁ কয়, হাৰ্নিয়াৰ অস্ত্ৰোপচাৰৰ পিছত কুলদ্বীপেও পুনৰ ফিটনেছ লাভ কৰিছে। কোনে কিমান উইকেট লাভ কৰিছে, কৰিব সেয়া গুৰুত্বপূৰ্ণ নহয়, ছন্দত থকাটোহে গুৰুত্বপূৰ্ণ। টিম মেনেজমেণ্টো তেওঁলোকৰ পক্ষত আছে।”