চেম্পিয়নছ ট্রফীত জয়ৰে অভিযান আৰম্ভ টীম ইণ্ডিয়াৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চেম্পিয়নছ ট্রফীত বিজয়ৰে অভিযান আৰম্ভ কৰিলে টীম ইণ্ডিয়াই।ডুবাইত খেলা প্ৰথমখন খেলত ভাৰতে বাংলাদেশক ৬ উইকেটত পৰাস্ত কৰে। টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লৈ বাংলাদেশে ৪৯.৪ অভাৰত ২২৮ ৰান সংগ্রহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ৪৬.৩ অভাৰত ৪টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয়। খেলখনৰ আৰম্ভণিৰ পৰাই নিয়মীয়াভাৱে উইকেট হেৰুৱাই প্ৰবল চাপৰ সন্মুখীন হৈছিল বাংলাদেশ। প্রথম অভাৰতে আউট হয় অ’পেনাৰ সৌম্য সৰকাৰ। দ্বিতীয় অভাৰত পেভিলিয়নমুখী হয় অধিনায়ক নাজমূল হুছেইন শান্তো। ৭ অভাৰতে ভাৰতীয় পেচবলাৰে ৩টা উইকেট দখল কৰি বাংলাদেশক প্রৱল আঘাত হানে। অক্ষৰ পেটেলে নৱম অভাৰত দুটা উইকেট দখল কৰে। মাত্র ৩৫ ৰানতে ৫টা উইকেট হেৰুৱাই বিপৰ্যয়ৰ সন্মুখীন হয় বাংলাদেশ। ইয়াৰ পিছতে বাংলাদেশৰ ইনিংছ গঢ়াৰ দায়িত্ব লয় জাকেৰ আৰু হৃদয়ে। জাকেৰে ৬৮ ৰান আৰু ১১৮টা বলত শতৰান অৰ্জন কৰি হৃদয়ে বাংলাদেশক সন্মানজনক স্থিতিত উপনীত কৰায়। অৱশ্যে এই দুগৰাকী বেটাৰৰ বাহিৰে অন্য বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যর্থ হয়। ছামীয়ে ৫টা উইকেট দখল কৰি বাংলাদেশক একপ্রকাৰ বিধ্বস্ত কৰে। হৰ্ষিত ৰানাই ৩টা আৰু অক্ষৰ পেটেলে ২টা উইকেট দখল কৰে। জয়লাভৰ বাবে লক্ষ্য সহজ হ’লেও ডুবাইৰ মন্থৰ উইকেটত ভাৰতীয় বেটাৰে কিছু সংগ্রাম কৰিবলগীয়া হয়। অধিনায়ক ৰোহিত শৰ্মাই ৪১ ৰান কৰি বিদায় লোৱাৰ পিছত আনগৰাকী অ’পেনাৰ শুভমন গিলে ১২৯টা বল খেলি ৯টা চাৰি আৰু ২টা ছয় কোবাই ১০১ ৰানত অপৰাজিত হৈ ৰয়। অৱশ্যে বিৰাট কোহলী ৩৮টা বল খেলি ২২ ৰানত আউট হয়। শ্রেয়াছ আয়াৰে ১৫ৰান, অক্ষৰ পেটেলে ৮ ৰান কৰি পেভিলিয়নলৈ উভতি যোৱাৰ পিছত গিলৰ সৈতে দলক বিজয়লৈ আগুৱাই নিয়ে কেএল ৰাহুলে। উইকেটকীপাৰ বেটাৰগৰাকীয়ে ৪৭টা বলত ৪১ ৰান সংগ্ৰহ কৰে। এই দুগৰাকী বেটাৰৰ সুন্দৰ বেটিঙৰ সহায়ত ভাৰতে ৪৬.৩ অভাৰতে ২৩১ ৰান কৰি চেম্পিয়নছ ট্রফীত দলক বিজয় উপহাৰ দিয়ে।বাংলাদেশৰ হৈ ৰিছাদ হুছেইনে দুটা আৰু তাঞ্জিম হাছান চাকিব আৰু মুস্তাফিজুৰ ৰহমানে এটাকৈ উইকেট দখল কৰে ।