চেন্নাইত স্বাস্থ্য পৰীক্ষা কৰি ৰামেশ্বৰম,জগন্নাথ ধাম ভ্ৰমণযাত্ৰা
শৈলেন কুমাৰ, মিৰ্জা
জীৱনৰ সংজ্ঞা অনুপম আৰু মনোমোহা যেতিয়া আপোনাৰ শৰীৰৰ সুস্থ আৰু নিৰোগী হৈ থাকে ৷ ভালেসংখ্যক মানুহৰ পৰা জানিব পাৰিছোঁ,চেন্নাইৰ এপ’লো’ হস্পিতালৰ চিকিৎসা তথা চিকিৎসাগত পদ্ধতি বহু উন্নত মানদণ্ডৰ ৷ বহুদিনৰ পৰা মাঁয়ে মোক কৈ থাকে “ মোৰ মূৰটো কিবা ঘূৰাই থাকে অ,তই ডক্টৰক কৈ কিবা দৰৱ লৈ আহিবিচোন ” বহু ডক্টৰৰ পৰামৰ্শমতে দৰৱ খুৱালোঁ,তেজ পৰীক্ষা কৰালোঁ কিন্তু ক’ত সুফল নাপালোঁ ৷ অৱশেষত পৰিয়ালবৰ্গৰ সিদ্ধান্ত অনুসৰি মাঁক চেন্নাইৰ এপ’লো’ হস্পিতালত দেখুওৱাৰ বাবে থিৰাং কৰিলোঁ ৷ কথামতেই কাম বেছি অপেক্ষা নকৰি চলিত ২০২৫ বৰ্ষৰ মে মাহৰ ২৭ তাৰিখ মংগলবাৰে চেন্নাইলৈ যোৱাৰ দিন ৷ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান-বন্দৰৰ পৰা চেন্নাই আন্তৰাষ্ট্ৰীয় বিমান-বন্দৰলৈ বহু ভয়-শংকা,চিন্তা বুকুত বান্ধি উৰাজাহাজেৰে উৰা মাৰিলো ৷ ৰাতিপুৱা ৮-৩০ বজাত আৰম্ভ হোৱা বিমানযাত্ৰা প্ৰায় ২ আঢ়ৈ ঘণ্টা পাছত শেষ হৈ চেন্নাইত উপস্থিত হওঁ ৷ বিমান-বন্দৰৰ পৰা এপ’লো’ হস্পিতালৰ দূৰত্ব বেছি নহয়,মই অনলাইন উৱেৰ এখন ভাড়া কৰি গন্তব্যস্থানলৈ গতি কৰিবলৈ আৰম্ভ কৰিলোঁ ৷ এটা কথা ক’বলৈ লাগিব,যিহেতুকে চেন্নাইলৈ মই আগেপিছে গৈ পোৱা নাই আৰু বাহিৰত চিকিৎসা সন্দৰ্ভত মোৰ বিশেষ অভিজ্ঞতাও নাই গতিকে এই ক্ষেত্ৰত মোৰ এই যাত্ৰাকালত বহু বন্ধুবৰ্গ তথা সহপাঠীয়ে যথেষ্টভাৱে সহায়সহযোগিতা কৰিছে ৷ পৰিকল্পনা মতে আমি ক’ত থাকিম? কেনেদৰে ক’ত চিকিৎসা কৰিম সকলো নিৰ্ধাৰিত কৰি ৰখা হৈছিল ৷ এপ’ল’ হস্পিতালৰ ওচৰত বেংগলী মাৰ্কেটত নামেৰে এখন বজাৰ আছে য’ত আমাৰ অসমীয়া মানুহৰ বাবে থকাখোৱাৰ সম্পূৰ্ণ সুবিধা আছে ৷ তাত কোঠালী সমূহৰ মুল্য কম আপুনি ইচ্ছা কৰিলে নিজে খোৱা-খাদ্য সমূহ প্ৰস্তুত কৰি খাবলৈ পাৰে ৷ অসমৰ তুলনাত চেন্নাইত বস্তুবোৰৰ মুল্য অধিক,আমি কোঠালী এটা তিনিদিনৰ বাবে বুকিং কৰি ৰুমতে নিজে খোৱা-খাদ্য ৰান্ধিবাঢ়ি খোৱাৰ বাবে সিদ্ধান্ত কৰিলোঁ ৷ প্ৰথমদিনা আবেলি ভাগত আমি হস্পিতালত উপস্থিত হৈ মাঁৰ চিকিৎসাৰ বাবে ফাইল বনালোঁ ৷ দ্বিতীয়দিনা ৰাতিপুৱা ৬.৩০ বজাত হস্পিতালত উপস্থিত হৈ নিৰ্ধাৰিত স্বাস্থ্য পৰীক্ষা সমূহ কৰালোঁ ৷ স্বাস্থ্য পৰীক্ষাৰ অন্তত তৃতীয়দিনা ডক্টৰে ৰিপৰ্ট চালে ৰিপৰ্টত হাইপ্ৰেচাৰ থকা বুলি ধৰা পৰিল সেই অনুযায়ী ডক্টৰে ৬ মাহৰ দৰৱ খাবলৈ লিখি দিয়ে ৷ সুযোগসুবিধা বুজি ময়ো স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে থিৰাং কৰিলোঁ ৷ তেনেকৈ চেন্নাইত চিকিৎসা কৰি ৫ দিন উকলি গ’ল ৷ দেওবাৰে হস্পিতাল জৰুৰী সেৱাৰ বাহিৰে বাকী সমূহ বিভাগ বন্ধ থাকে,সময়-সুবিধা বুজি আমি ৩১ মে শনিবাৰে তামিলনাডুস্থিত হিন্দুধৰ্মৰ ৪ খন ধামৰ অন্যতম ধাম ৰামেশ্বৰম যোৱাৰ সিদ্ধান্ত লওঁ ৷ চেন্নাইৰ পৰা ৰামেশ্বৰমলৈ ৰেল,বাছ আৰু চাৰিচকীয়া বাহন যাতায়তৰ বাবে সকলো উপলব্ধ থাকে,আমি বাছেৰে যোৱাটোৱেই নিৰ্বাচন কৰিলোঁ ৷ ১জুন দেওবাৰে ৰাতিপুৱা ৬ বজাত ৰামেশ্বৰমৰ পবিত্ৰ ভূমিত পদাৰ্পণ কৰিলোঁ ৷ বেছি সময় বিলম্ব নকৰি আমি হোটেল এখনত গাঁপা ধুই তৈয়াৰ হৈ ৰামেশ্বৰম মন্দিৰ দৰ্শন কৰিবলৈ ওলাই আহিলোঁ ৷ ৰামেশ্বৰম মন্দিৰত প্ৰৱেশ কৰি ২২ টা কুন্দত গাধোৱাৰ নিয়ম ৷ আখ্যান অনুসৰি ৰামে যেতিয়া ৰাৱণক বধ কৰিছিল তেতিয়া ব্ৰাহ্মণ বধৰ ব্ৰহ্মহত্যাৰ পৰা পৰিত্ৰাণ বিচাৰি ২২ ডাল শৰেৰে ৰামেশ্বৰমৰ পবিত্ৰ ভূমিত কুন্দ স্থাপন কৰি ভগৱান ৰামে তাত স্নান কৰিছিল ৷ লোকবিশ্বাস অনুসৰি ভক্তপ্ৰাণ দৰ্শনাৰ্থীয়ে যদি সেই কুন্দত গাঁধুৱে তেতিয়া সকলো পাপৰ পৰা মুক্ত হব পাৰে বুলি জনবিশ্বাস আছে ৷ মন্দিৰ দৰ্শন কৰাৰ পাছত আমি এইবাৰ ৰামৰাৱণৰ যুদ্ধত লংকালৈ যাত্ৰা কৰিবলৈ ব্যৱহৃত ৰামসেতু পৰিদৰ্শন কৰিবলৈ ধনুচকোডীলৈ ওলালো ৷ ধনুচকোডীৰ সেই বিশেষ স্থান খনত তিনিখন সাগৰৰ মিলন আপুনি পৰিলক্ষিত কৰিব পাৰে ৷ বংগোপসাগৰ,হিন্দু মহাসাগৰ আৰু আৰৱ মহাসাগৰ সেই স্থানখিনিত মিলিত হৈছে ৷ তাৰপৰা শ্ৰীলংকা মাত্ৰ ১৮ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ ইয়াৰপাছত বিভীষণ মন্দিৰ,ৰামকৃষ্ণ মন্দিৰ,লক্ষণ মন্দিৰ,পঞ্চমুখী হনুমান মন্দিৰ আৰু নটৰাজ মন্দিৰ পৰিদৰ্শন কৰোঁ ৷ ৰামসেতু নিৰ্মাণৰ সময়ত যি পানীত উপঙি থকা শিল ব্যৱহাৰ হৈছিল,সেই শিল আমি পঞ্চমুখী হনুমান মন্দিৰত দেখাৰ সৌভাগ্য হ’ল ৷ গোটেই দিনটো ৰামেশ্বৰমৰ বিভিন্ন ঠাই ঘুৰি-ফুৰি সেইদিনাই সন্ধিয়া বাছেৰে চেন্নাইলৈ উভতি আহোঁ ৷ সোমবাৰ ২ জুন ৰাতিপুৱা চেন্নাইত উপস্থিত হৈ ডক্টৰৰ লগত পৰৱৰ্তী সময়ৰ চিকিৎসা সন্দৰ্ভত মতবিনিময় কৰি,৩ জুন মংগলবাৰে চেন্নাইৰ পৰা ভুৱনেশ্বৰলৈ উৰাজাহাজেৰে উৰা মাৰোঁ ৷ নিশা ১০ বজাত ভুৱনেশ্বৰত উপস্থিত হৈ চাৰিচকীয়া বাহন ভাড়া কৰি এইবাৰ ৪ধামৰ অন্য ধাম পুৰি জগন্নাথলৈ যাত্ৰা ৷ চলিত বছৰৰ জুনৰ ২৩ তাৰিখৰ পৰা জগন্নাথ ৰথযাত্ৰা আৰম্ভ হব তাকলৈ এতিয়া ব্যাপক উৎসৱমুখৰ পৰিৱেশ পুৰি চহৰত ৷ পুৰি চহৰৰ ঠায়েঠায়ে ৰথ নিৰ্মাণৰ কাম তীব্ৰগতিত চলি আছে ৷ ৪ মে বুধবাৰে ৰাতিপুৱা ৮ বজাত মন্দিৰ প্ৰাংগনত প্ৰৱেশ কৰিলোঁ ৷ প্ৰৱেশ কৰিয়েই দেখিলোঁ অগণন লক্ষলক্ষ ভক্তপ্ৰাণ ৰাইজৰ সমাগম ৷ আমি যোৱাৰ সময়ত মহাপ্ৰভুৰ মন্দিৰৰ মুখ্য দ্বাৰ বন্ধ আছিল ৷ প্ৰত্যেক ১ ঘণ্টাৰ মূৰেমূৰে জগন্নাথ মন্দিৰৰ দুৱাৰ ভক্তপ্ৰাণ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয় ৷ মন্দিৰ সন্দৰ্ভত যিবোৰ কথা শুনিবলৈ পাইছিলো তাত গৈ দেখাপালোঁ ১০০% কথা সঁচা আৰু শুদ্ধ ৷ মন্দিৰৰ কোনো ছাঁ দেখা নেপালোঁ ৷ মন্দিৰত মহাপ্ৰভুক দৰ্শন কৰোঁতে প্ৰত্যেক বাৰে অন্য ৰূপত দেখা পোৱাকে আদি কৰি চৌকাত মহাপ্ৰভুৰ বাবে যি ভোগ তৈয়াৰ হয় সেয়া একেবাৰে শেষৰ ওপৰৰ পাত্ৰতহে তৈয়াৰ হয় ৷ বিশেষকৈ এজোপা গছ কল্পবৃক্ষ নামেৰে যিডাল গছৰ কোনো শিপা নাই,জনবিশ্বাস মতে তাত সুটা বান্ধিলে ভক্তৰ সকলো মনোবাঞ্ছা পূৰণ হয় বুলি জনাজাত ৷ মন্দিৰ দৰ্শন কৰি এইবাৰ পুৰিৰ সাগৰৰ পাৰত গাঁ-ধুই সন্ধিয়া পুৰিৰ পৰা কলিকতালৈ বাছেৰে যাত্ৰা কৰোঁ ৷ ৫ তাৰিখ বৃহস্পতিবাৰে দিনৰ ১১ বজাত কলিকতাৰ হাওৰাত উপস্থিত হওঁ। কলিকতাৰ পৰা গুৱাহাটীলৈ উভতাৰ নিশা ৮ বজাত গুৱাহাটীলৈ উৰাজাহাজৰ সময় গতিকে বাকী থকা মূহূৰ্ত কেইটা কলিকতা চহৰৰ আশেপাশে ঘূৰিফুৰি কলিকতাৰ বিখ্যাত পৰ্যটন স্থল ভিক্টোৰিয়া মেমোৰিয়েলত উপস্থিত হৈ অতীতৰ সংঘটিত ঘটনাবোৰ পৰাধীনতাৰ কালৰ সেই বন্দীত্ব এবাৰ নিচেই কাষৰ পৰা ৰোমন্থন কৰোঁ ৷ অৱশেষত নিশা ১০ বজাত গুৱাহাটীৰ বিমানবন্দৰত অৱতাৰণা কৰি বহু উত্থানপতন,ঘাটপ্ৰতিঘাটৰে পৰিপূৰ্ণ স্বাস্থ্য পৰীক্ষাৰ লগতে ভ্ৰমণ- যাত্ৰা এটিৰ পৰিসমাপ্তি ঘটে ৷ উল্লেখ্য যে দক্ষিণত আমি বহু পৰিমাণে ভাষাৰ সমস্যাৰ লগতে খোৱাখাদ্যৰ সমস্যাৰ সম্মুখীন হৈছিলোঁ কাৰণ আমাৰ খাদ্য আৰু দক্ষিণৰ খাদ্যৰ মাজত আকাশপাতালৰ পাৰ্থক্য আছে ৷ কিন্তু দক্ষিণৰ মানুহবোৰ এটা বিশেষ গুণ নকৈ নোৱাৰিলোঁ তেওঁলোক অমায়িক তথা উপকাৰী,এই যাত্ৰাকালত বহু তিতাকেহা অভিজ্ঞতা হ’ল লগতে উল্লিখিত ঠাই সমূহ পৰিভ্ৰমণ কৰি সেই ঠাই সমূহৰ বিশেষত্ব জনাৰ লগতে মানুহবোৰৰ আচাৰব্যৱহাৰ, ভাস্কৰ্য, শিল্প, বিভিন্ন প্ৰকাৰৰ খাদ্যসম্ভাৰ লগতে সাগৰীয় মাছৰ জুতি, ঐতিহ্য, সংস্কৃতি,ভাৱধাৰা আদিৰ বিষয়ে জ্ঞান লাভ কৰি জীৱনৰ সাৰ্থকতাৰ পৰিভাষা হিচাপে সঞ্চিত হৈ ৰ’ল ৷