চেন্নাইত কৰ্মৰত অৱস্থাত ৯ জন নিৰ্মাণ শ্ৰমিকৰ মৃত্যুত শোক

চেন্নাইত কৰ্মৰত অৱস্থাত ৯ জন নিৰ্মাণ শ্ৰমিকৰ মৃত্যুত শোক

ৰঙিলী বাৰ্ত্তাসেৱা-  চি আই টি ইউ , অসম ৰাজ্যিক কমিটীয়ে চেন্নাইত কৰ্মৰত অৱস্থাতে ৯ জন নিৰ্মাণ শ্ৰমিকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে আৰু পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ৩০ ছেপ্টম্বৰত তামিলনাডুৰ উত্তৰ চেন্নাইৰ ,থিৰুভেল্লুৰ জিলাৰ মিনজুৰত নৰ্থ চেন্নাই থাৰ্মেল পাৱাৰ ষ্টেচনৰ নিৰ্মাণ কাৰ্যত নিয়োজিত ৯ জন অসমৰ নিৰ্মাণ শ্ৰমিকে কৰ্মৰত অৱস্থাতে মৃত্যু মুখত পৰে৷প্ৰকৃততে নিয়োগ কৰ্তা সকলে নিৰ্মাণ আইন প্ৰায়েই মানি নচলে আৰু সংশ্লিষ্ট চৰকাৰেও আইন প্ৰয়োগত গুৰুত্ব নিদিয়ে৷যাৰ পৰিনতি হ’ল এনে নিদাৰুণ ঘটনা । জীৱিকাৰ তাৰনাত অসমৰ কাৰ্বি আংলং আৰু হোজাই জিলাৰ পৰা গৈ অস্থায়ী শ্ৰমিক হিচাবে কাম কৰি আছিল উল্লেখিত পাৱাৰ ষ্টেচনত।জানিব পৰা মতে মৃত শ্ৰমিক কেইগৰাকী হ’ল মুন্না কেম্প্ৰাই, সৰ্বোজিত থাউচেন, ফেইবিট ফাংলু, বিডায়ুম পাৰবোচা, পৱন সৰোং , প্ৰয়ান্তো সৰোং, সুমন খাৰিকাপ , ডিমাৰাজ থাওসেন আৰু দ্বীপক ৰাঈজু্ং ।চি আই টি ইউয়ে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত শ্ৰমিকৰ কৰ্মস্থলীৰ নিৰাপত্তা আৰু মজুৰি নিৰাপত্তাৰ বিষয়টো গুৰুত্ব সহকাৰে ল’বলৈ বাৰাম্বাৰ দাবী জনাই থকা স্বত্বেও চৰকাৰ নিৰ্লিপ্ত হৈ থাকিল । বি জে পি চৰকাৰ যে শ্ৰমিকৰ প্ৰতি দায়িত্বহীন এই ঘটনাবোৰেই হ’ল চাক্ষুস উদাহৰণ। যোৱা মাহত গুৱাহাটীৰ শিলপুখুৰীৰ নিৰ্মিয়মান উৰনীয়াসেতুৰ ওপৰৰ পৰা পৰি শ্ৰমিক এজনৰ মৃত্যু হৈছিল। চৰকাৰে কি দায়িত্ব পালন কৰিলে আজিলৈকে জানিব পৰা ন’গল।চি আই টি ইউ অসম ৰাজ্যিক কমিটীৰ সাধাৰণ সম্পাদক তপন শৰ্মাই নিৰ্মাণ আইন অমান্য কৰি শ্ৰমিকক কামত খটুৱাই থকা নিয়োগকৰ্তা প্ৰতিষ্ঠান অথবা ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় । পৰিযায়ী শ্ৰমিকৰ ক্ষেত্ৰত থকা আইনখনৰো উপযুক্ত প্ৰয়োগৰ দাবী জনায়। অসমৰ লক্ষ লক্ষ পৰিযায়ী শ্ৰমিকক সুৰক্ষা দিয়াৰ দায়িত্বও চৰকাৰেই ল’ব লাগিব৷