চেনাব নদীৰ ওপৰত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং উদ্বোধন প্ৰধানমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- জম্মু-কাশ্মীৰৰ চেনাব নদীত নিৰ্মিত বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলংখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে । ইয়াৰ সমান্তৰালকৈ তেওঁ দেশৰ প্ৰথমখন কেব’ল ষ্টেড ৰে’ল দলং অঞ্জি দলঙো উদ্বোধন কৰে।মুঠ ৪৬ হাজাৰ কোটি টকাৰ এই প্ৰকল্প দেশবাসীৰ বাবে তেওঁ উৎসৰ্গা কৰে । জম্মু-কাশ্মীৰৰ উন্নয়নত নতুন যুগৰ সূচনা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্বৰ সর্বোচ্চ একক তোৰণ ৰে’লৱে দলঙৰ সমান্তৰালকৈ কাট্টাৰ পৰা শ্ৰীনগৰলৈ দুখন বন্দে ভাৰত এক্সপ্রেছ ৰে’লৰ শুভাৰম্ভ কৰে। কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ ৰে’লপথ সংযোগৰ সপোনক বাস্তৱায়িত কৰাৰ প্ৰসংগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জম্মু-কাশ্মীৰৰ বিকাশৰ ক্ষেত্ৰত কোনো বাধা আহিলেই প্রথমে তাৰ মুখামুখি মোদী হ’ব বুলি প্রতিশ্রুতি দিয়ে। কেন্দ্রীয়শাসিত অঞ্চলটোত পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা সন্ত্রাসবাদী কাৰ্যকলাপ আৰু ভাৰতীয় সশস্ত্র সেনাৰ অপাৰেচন সিন্দুৰৰ প্ৰসংগ উত্থাপন কৰি প্রধানমন্ত্রী মোদীয়ে কয়- পেহেলগামৰ সন্ত্রাসবাদী আক্ৰমণৰ পাছত জম্মু-কাশ্মীৰবাসীয়ে একতাৰ যি শক্তি দেখুৱালে তাৰ দ্বাৰা কেৱল পাকিস্তান নহয়, সমগ্ৰ বিশ্বৰ সন্ত্রাসবাদীয়ে শক্তিশালী বার্তা পালে। এমাহ পূর্বেই পাকিস্তানী সন্ত্রাসবাদীয়ে এই অঞ্চলটোলৈ অন্ধকাৰ নমাইছিল। এতিয়া পাকিস্তানে য’তেই অপাৰেচন সিন্দূৰৰ নাম শুনে তেতিয়াই লজ্জাজনক পৰাজয় মনত ৰাখিব। পাকিস্তানী সেনা আৰু সন্ত্রাসবাদীয়ে কেতিয়াও কল্পনা কৰা নাছিল যে ভাৰতে পাকিস্তানত প্ৰৱেশ কৰি সন্ত্রাসবাদীৰ বিৰুদ্ধে এনে বিধ্বংসী আক্রমণ চলাব। বছৰ বছৰ ধৰি নিৰ্মাণ কৰা সন্ত্রাসবাদৰ ঘাটি মিনিটতে ভাৰতীয় সেনাই ধূলিৰ সৈতে মিলাই দিছিল। জম্মু-কাশ্মীৰৰ জীৱিকা আৰু মানৱতাৰ বিৰুদ্ধে পাকিস্তানে আক্রমণ চলাই আছে। কাশ্মীৰৰ একক আত্মা আৰু মানৱতাৰ ওপৰত পাকিস্তানে আক্রমণ চলাইছে। ভাৰতীয় সশস্ত্র সেনাই অপাৰেচন সিন্দূৰৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ শক্তি দেখুৱালে। উল্লেখ্য যে উধমপুৰ-শ্রীনগৰ-বাৰামূলা ৰে’ল সংযোগী প্ৰকল্পৰ মূল উপাদান হিচাপে চর্চিত বিশ্বৰ সৰ্বোচ্চ ৰে’লৱে দলংখনে কাশ্মীৰ উপত্যকাৰ সৈতে ভাৰতৰ অন্য প্রান্তক সংযোগ কৰিব। শ্রীমাতা বৈষ্ণোদেৱী, কাট্টা আৰু শ্রীনগৰৰ মাজত দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ চলাচলৰ শুভাৰম্ভও কৰে মোদীয়ে। চেনাব দলং উদ্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয়- এতিয়া দেশ-বিদেশৰ পৰ্যটকে কেৱল কাশ্মীৰ চাবলৈয়ে নাযায়, চেনাব নদীৰ দলংখনো পৰ্যটকৰ আকৰ্ষণীয় স্থান হ’ব। বিশ্বখ্যাত আইফেল টাৱাৰতকৈও সুউচ্চ চেনাব নদীৰ ৰে’লৱে দলংখনত আছে অত্যাধুনিক প্রযুক্তিৰ কৌশল। চেনাব দলংখন ১,৩১৫ মিটাৰ, নদীৰ জলপৃষ্ঠৰ পৰা ৩৫৯ উচ্চতাত নির্মিত। স্থাপত্য আৰু অভিযান্ত্রিক কৌশলৰ মিশ্রন এই দলংখন অতি আকর্ষণীয়। ভিএছএল ইণ্ডিয়া আৰু এফকন ইনফ্রাস্ট্রাকচাৰে দক্ষিণ কোৰিয়াস্থিত আল্ট্রা কনষ্ট্রাকচন এন ইঞ্জিনীয়াৰিং কোম্পানীৰ সৈতে অংশীদাৰিত্ব কৰি ডিজাইন আৰু নিৰ্মাণ কৰিছে। দেশৰ সবাতোকৈ প্রত্যাহ্বানমূলক আৰু দুর্গম অঞ্চলত নির্মিত এই দলংখনৰ আধাৰশিলা স্থাপনৰ ক্ষেত্ৰত ডিজাইন প্ৰস্তুত কৰিছিল আইআইএছ বেংগালুৰু আৰু সহযোগ কৰিছিল আইআইটি দিল্লীয়ে।এই দলং উদ্বোধনী অনুষ্ঠাত উপ-ৰাজ্যপাল মনোজ সিনহা, জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত থাকে ।