চেতনাৰ আৰোহিণী: উপলব্ধি , প্ৰতিবাদ আৰু তন্ময়তা
জ্যোতি খাটনিয়াৰ
ছবিয়ে যিবোৰ সমলৰ ভিত্তিত এখন জগত তৈয়াৰ কৰি লয় , তাত সম্পৰ্ক আৰু অনুসন্ধানৰ এক গভীৰ স্থান থাকে। ছবিয়ে ক’ৰবাত যদি অন্তৰ্নিহিত দৃষ্টিৰ যোগেদি কেতবোৰ পৰম সত্যৰ সন্ধান কৰিছে, তেনেহলে আন ক’ৰবাত ই আমাৰ সংঘাতপূৰ্ণ সময় আৰু পৰিস্থিতিক অতিক্ৰমি এখন অন্য জগতৰো সন্ধান দিছে। বহু সময়ত এখন শিল্পকৰ্ম পোনপটীয়াকৈ প্ৰতিবাদৰ ভাষা নহৈ সমকালীন পৰিস্থিতিৰ সমীক্ষাত্মক অধ্যয়ন ( critical study ) হ’ব পাৰে। আধুনিক আৰু সমকালীন শিল্পই এক ধৰণৰ ৰূপান্তৰৰ মাধ্যমেৰে কাম কৰে। এক বিশেষ গতিশীলতাক নিজৰ সৃষ্টিৰ সৈতে সংলগ্ন কৰি নতুন অভিজ্ঞতা আৰু সম্ভাৱনাৰ এখন জগত তৈয়াৰ কৰাৰ প্ৰচেষ্টা আধুনিক শিল্পচেতনাৰ এক গুৰুত্বপূৰ্ণ অংগ। উদাহৰণস্বৰূপে , আধুনিক চিত্ৰকলাৰ দুগৰাকী শক্তিশালী শিল্পী — এডভাৰ্ড মুন্খ আৰু ভেন গঘৰ কথাই ক’ব পাৰি। মুন্খে অকল জীৱনৰ অস্তিত্ব সংক্ৰান্তীয় জটিলতাকে ধৰি ৰখা নাই ; মানৱ শৰীৰৰ স্বাভাৱিক পৰিবৰ্তনৰ কথা যেনে বয়ঃসন্ধি ( puberty) ৰ দৰে বিষয়কো তেওঁ এক নতুন পৰিসৰ প্ৰদান কৰিছে। মুন্খৰ বয়ঃসন্ধি ( puberty, ১৮৯৪-৯৫) ছবিত এগৰাকী কিশোৰীৰ সহজাত সংকোচক মুন্খে শিল্পৰ পৰিসৰ (artistic range) প্ৰদান কৰিছে। কণমানিজনিৰ শাৰীৰিক পৰিবৰ্তনৰ সন্মুখত তাইৰ অসহায় অৱস্থাটো এক ধৰণেৰে ইয়াত ফুটি ওলাইছে। কণমানিজনিয়ে নিজৰ শৰীৰৰ চেতনাৰ এই পৰিবৰ্তনক ( যৌন সচেতনতা ; এগৰাকী সমালোচকৰ ভাষাত her dawning sexual awareness ) কিদৰে নিজৰ মনৰ মাজত প্ৰকৃতাৰ্থত উপলব্ধি কৰে, সেয়া মুন্খে এজন পুৰুষ শিল্পী হিচাপে হয়তো বুজিও নুঠিব বা প্ৰকাশো কৰিব নোৱাৰিব। কিন্তু মুন্খৰ সফলতা হ’ল যে অন্য এগৰাকী মানুহৰ মনৰ অৱস্থা বা পৰিবেশক তেওঁ কেনভাছত সঠিক ভাৱে পৰিকল্পনা কৰিব পাৰিছে আৰু সেই পৰিস্থিতিৰ প্ৰতি দৰ্শকৰ মনত সহানুভূতিৰ সৃষ্টি কৰিব পাৰিছে। যিজন মুন্খে শৰীৰৰ পৰিবৰ্তনক এক শৈল্পিক মাত্ৰা দিছে , সেই একেজন মুন্খেই ‘ চিঞৰ ‘ (The Scream, ১৮৯৩) ছবিত আকৌ বাহিৰৰ জগতৰ এক শক্তিশালী অভিঘাতে কিদৰে মানুহক যন্ত্ৰণাকাতৰ আৰু আতংকগ্ৰস্ত কৰি তুলিছে, তাৰ খবৰ আটাইতকৈ নিৰ্ভুল ভাৱে ধৰি ৰাখিছে। বিয়লিৰ বেলা চহৰৰ এটা পথেদি খোজ কাঢ়ি যোৱা এজন মানুহ। হঠাৎ তেওঁৰ অনুভৱ হৈছে আকাশখন তেজ ৰঙা, পাহাৰবোৰ গভীৰ নীলা । শিল্পী মুন্খৰ নিজৰ ভাষাত : ” It was a Time when Life had lacerated my Soul. ” এই উপলদ্ধিয়ে সময় , জীৱন আৰু আত্মাক এক বিশেষ বিন্দুত সংযোগ কৰিছে। এক গভীৰ আৰু তীব্ৰ অনুভূতিৰ ভয়ংকৰ উপস্থিতিক ৰং আৰু গতিৰে মুন্খে কেনভাছত ধৰি ৰাখিছে । শিল্পীজনাৰ আভ্যন্তৰীণ আৰু বাহ্যিক, দুয়োটা জীৱনেই ইয়াত গভীৰভাৱে সংযুক্ত হৈ পৰিছে। সমালোচকৰ দৃষ্টিত মুন্খৰ এই ছবিখন বাস্তব ( concrete reality) আৰু বিষয়ী অভিজ্ঞতা ( subjective experience ) ৰ আটাইতকৈ তাৎপৰ্যপূৰ্ণ সংযোগ। এই ছবিখনত যি অবয়ৱ, সি চিঞৰিব খুজিছে নে আন চিঞৰক শুনিব খুজিছে—- এই দুয়োটা প্ৰশ্ন সমান্তৰালভাৱে আমাৰ সন্মুখত আছে। পুৰুষ নে মহিলা, তৰুণ নে বৃদ্ধ , এই চিঞৰৰ কাৰণ কি, কোনোটোৰেই উত্তৰ এই কেনভাছে দিয়া নাই। কিন্তু ই বিভিন্ন সমান্তৰাল প্ৰশ্নৰ সন্মুখত দৰ্শকক থিয় কৰি দিছে। মুন্খৰ দেশ, নৰৱেৰ প্ৰসিদ্ধ সমালোচক, Øystein Ustvedt ৰ ভাষাত : ” The painting becomes a mirror, through which the works meaning arises in the encounter with each individual viewer. “
আধুনিক চেতনাক গভীৰভাৱে স্পৰ্শ কৰা আন এজন শিল্পী ভেন গঘে তেওঁৰ ভয়াবহ অস্থিৰতা আৰু হতাশাৰ মাজত জীৱনৰ এক অন্য স্তৰৰ অনুসন্ধানক বিচাৰি পাইছে। চেতনাৰ ব্যক্তি বিশেষ বা ব্যক্তি নিৰ্ভৰ উপাদানসমূহে কিদৰে শিল্পী এজনৰ সামগ্ৰিক দৃ্ষ্টিক প্ৰভাৱিত কৰিব পাৰে, তাৰ বিখ্যাত উদাহৰণটোৱে হ’ল ভেন গঘ। গ্ৰাম্য চহা জীৱনৰ অন্ধকাৰ আৰু দুৰ্দশাগ্ৰস্ত ছবি অঁকাত সিদ্ধহস্ত ভেন গঘে কি ধ্যানমগ্ন তন্ময়তাৰে সূৰ্য্যমুখী ফুলবোৰ আঁকিছে, তাক বৰ্ণনা কৰা সহজ নহয়। উজ্জ্বল ৰঙ ( vibrant colour) আৰু ৰূপ ( form) সমূহে ভেন গঘৰ কেনভাছত যি সজীৱতা প্ৰদান কৰিছে, সেয়া মানৱ প্ৰমূল্যৰ চিৰন্তন শক্তিৰ সৈতে সম্পৰ্কিত। তেওঁৰ ভাতৃ থিওলৈ লিখা এখন চিঠিত ভেন গঘে লিখিছিল : ” In a picture, I want to give something comforting as music is comforting. I want to paint men and women with that something of the eternal that the halo used to symbolise and which we seek to give by the actual radiance and vibration of our colours. ” বহু সমালোচকৰ মতে ভেন গঘৰ ছবিৰ উদ্দেশ্যই আছিল যাতে দৰ্শকে নিজৰ ব্যক্তিগত অভিজ্ঞতাক এই ছবিৰ বিষয়বস্তুৰ সৈতে পোনপটীয়াকৈ সম্পৰ্কিত কৰিব পাৰে। কোৱাৰ দৰকাৰ নাই যে দৰ্শকৰ ব্যক্তিগত অভিজ্ঞতা যদি কেনভাছৰ সৈতে সম্পৰ্কিত হয়, তেনেহলে শিল্পী সত্তা দৰ্শকৰ সত্তাৰ প্ৰসাৰ হে হৈ উঠে। নিজৰ আৱেগ আৰু ৰঙেৰে ভেন গঘে সৃষ্টি কৰি যোৱা সূৰ্যমুখী ফুলবোৰ, তৰা ভৰা আকাশ , ঘেঁহুৰ পথাৰ, তেওঁৰ কাণৰ বেণ্ডেজ, কোনোখনেই আধুনিক শিল্প চেতনাৰ কেন্দ্ৰীয় স্থলত নথকাকৈ থকা নাই। তেওঁৰ প্ৰতিখন বিখ্যাত ছবিয়েই দৰ্শকৰ মনত এক গভীৰ আৱেগৰ সৃষ্টি কৰে আৰু এই আৱেগঘন আলোড়নে দৰ্শকক আধুনিকতাৰ বিভিন্ন দিশ সম্পৰ্কে সচেতন কৰি তোলে। ভেন গঘৰ শিল্প কৌশল ৰজাৰ ফ্ৰাইৰ শব্দ ধাৰ কৰি কবলৈ গলে Post – Impressionist কৌশলৰ অন্তৰ্গত। মুন্খ আৰু ভেন গঘ দুয়োজনে আমাক দুখন জগতৰ সন্ধান দিছে। দুয়োখন জগত পৃথক হ’লেও অৰ্থৰ সন্ধান আৰু মানৱীয় পৰিস্থিতিৰ দিশসমূহক উন্মোচন কৰাৰ ক্ষেত্ৰত দুয়োজনা শিল্পীৰ মাজত কোনোধৰণৰ মৌলিক পাৰ্থক্য নাই। দুয়োজন শিল্পীয়ে আধুনিক আৰু সমকালীন – দুয়োটা শিল্পচেতনাক বিশেষ ভাৱে ওজন আৰু আয়তন প্ৰদান কৰিছে। শেহতীয়াকৈ ইজৰাইল আৰু হামাছৰ সংঘাতে সীমাহীন মানৱীয় যন্ত্ৰণাৰ সৃষ্টি কৰিছে। স্বাভাৱিকতে শিল্পীসকলৰ সংবেদনশীলতাক অঞ্চলটোৰ ভয়ংকৰ পৰিবেশ , শিশু – মহিলা – পুৰুষসকলৰ মাজত চলা নিৰ্যাতন আৰু হত্যাই গভীৰভাৱে স্পৰ্শ কৰিছে। তাৰ মাজতো শিল্পীসকলে আশা এৰি দিয়া নাই ; মানৱতাক কোনোদিনে আওকাণ কৰা নাই। আৰৱিন পেনফস্কিয়ে তেওঁৰ এখন প্ৰভাৱশীল ৰচনা ‘ The History of Art as a Humanistic Discipline ‘ ত মানৱতাবাদ ধাৰণাটোৰ সৈতে ওত প্ৰোত ভাৱে জড়িত দুটা দিশৰ ফালে আঙুলিয়াই দিছে। এটা হ’ল মানুহ আৰু মানুহতকৈ কম কিবা এটা । আনটো হ’ল মানুহ আৰু মানুহতকৈ বেছি কিবা এটা। প্ৰথমটোৱে প্রমূল্য (value) ক দৰ্শাইছে আৰু দ্বিতীয়টোৱে সীমাবদ্ধতা(limitation)লৈ আমাৰ মনোযোগ আকৰ্ষণ কৰিছে। মানৱতাবাদী এজনে কৰ্তৃত্ব ( authority) ক আওকাণ কৰে। কিন্তু তেওঁ একে সময়তে ঐতিহ্য ( tradition) ক সন্মান কৰে। তেওঁ পৰম্পৰাৰ প্ৰয়োজন বুলি ভাৱে আৰু দৰকাৰ হলে ইয়াক পৰিবৰ্ধন কৰি ল’বলৈ প্ৰস্তুত থাকে। সমকালীন শিল্পীসকলে মুন্খ বা ভেন গঘৰ উপলব্ধিখিনিৰ মাজত থিয় হৈ এক ধৰণৰ নিশ্চয়তা ( certainty) আৰু নিৰন্তৰ প্ৰবাহ ( continuity) ক উপলব্ধি কৰে। মানৱতাবাদী দৃষ্টিকোণেৰে চাবলৈ গলে শিল্পৰ মহত্ব বা উদেশ্য তেতিয়াহে সাব্যস্ত হয়, যেতিয়া ইয়াক ৰসসমৃদ্ধ ভাৱে উপলব্ধি কৰিব পাৰি ( to be experienced aesthetically)। অভিজ্ঞতাৰ সৈতে সৌন্দৰ্য্যৰ সম্পৰ্ক কেনে হ’ব, ইয়াক লৈ ব্ৰিটিছ শিল্প সমালোচক ক্লাইভ বেলে গভীৰভাৱে চিন্তা চৰ্চা কৰিছিল। তেওঁ এইক্ষেত্ৰত তাৎপৰ্যপূৰ্ণ ৰূপ (significant form) ৰ ধাৰণা থিয় কৰিছিল । তাৎপৰ্যপূৰ্ণ ৰূপ হ’ল শিল্পৰ সেই বিশেষ গুণ, যি আমাৰ মনত নন্দনতাত্বিক অনুভূতি ( aesthetic feelings) সৃষ্টি কৰিব পাৰে। আধুনিক আৰু সমকালীন শিল্প চেতনাই মানৱতাবাদৰ সৈতে জড়িত দিশটোক বাদ দি চলিব নোৱাৰে। তাৎপৰ্যপূৰ্ণ ৰূপৰ ধাৰণাই সৌন্দৰ্যৰ ধাৰণাটোক এক বিশেষ পৰিসৰ প্ৰদান কৰাৰ চেষ্টা কৰিছে। বহু আলোচকৰ মতে সৌন্দৰ্য্য স্তৰহীন আৰু অভিন্ন। একাংশ নন্দনতাত্ত্বিকে কব খোজে যে শিল্প বস্তুৰ ক্ষেত্ৰত অলপ সুন্দৰ বা বেছি সুন্দৰ, এনেকুৱা কথা উঠিব নোৱাৰে। কিন্তু সকলো দৰ্শকে এটা কথা নিশ্চয় স্বীকাৰ কৰিব যে কোনো শিল্প সৃষ্টিৰ সন্মুখত চিৰকালৰ বাবে মন্ত্ৰমুগ্ধ দৰ্শক থাকিব নোৱাৰে। কালিদাসৰ সৃষ্টি পঢ়িও এসময়ত মহাকবি গ্যেটেৰ আমুৱাইছিল। সৌন্দৰ্য্যৰ গভীৰ স্পৰ্শৰ সৈতে সামাজিক দিশ এটা জড়িত হৈ থাকে। যি চেতনা সৌন্দৰ্য্যৰ আধাৰ নাইবা এই সৌন্দৰ্য্যৰ উৎস, তাৰ এটা সামাজিক দিশ আহি পৰে। নন্দনতাত্বিকসকলৰ মতে : ” যি চেতনা সৌন্দৰ্য্যৰ আধাৰ, বাহক আৰু স্ৰষ্টা, সেয়া স্পষ্টতঃ সামাজিক। ” ঊনবিংশ শতিকাৰ, বিংশ শতিকাৰ আৰু একবিংশ শতিকাৰ শিল্পীসকলে নিজৰ ভাব মণ্ডল, কল্পনা বা অনুভৱক যেতিয়াই দৰ্শকৰ বাবে তুলি ধৰিছে , তেতিয়াই এক অন্তৰ্নিহিত সিদ্ধিৰ কথা ক’ব খুজিছে। কিন্তু এই সিদ্ধি জীৱনৰ অন্তহীন অভিজ্ঞতাৰ অলি-গলি বা বাস্তৱৰ নিৰন্তৰ অভিঘাতৰ ফলত হে গঢ় লৈ উঠে। ওপৰত উল্লেখ কৰা পেলেষ্টাইনৰ সংঘাতে কেইগৰাকীমান শিল্পীক সেই স্তৰত উপনীত কৰিছে, যত আমি আধুনিক আৰু সমকালীন শিল্প চেতনাৰ প্ৰভাৱ দেখো। চাজ ইছা ( Saz Issa) , হালিমা আজিজ ( Halima Aziz) , হাডিল আল্ছাফাদি (Hadil Alsafadi) , মালাক মাট্টাৰ ( Malak Mattar), এই সকল শিল্পীয়ে নিদাৰুণ সময়, সংঘাত জৰ্জৰ পৰিবেশ আৰু মানৱতাৰ নিৰন্তৰ হত্যাৰ মাজতো শিল্পৰ যোগেদি এতিয়াও কথা কোৱাৰ সুযোগ বা সপোন দেখাৰ পৰিবেশ আছে বুলি ভাবিছো। তেওঁলোকে নিজৰ চেতনাক ইয়াৰ সামাজিক প্ৰসঙ্গৰ পৰা আঁতৰি থাকিবলৈ দিয়া নাই ; প্ৰতীক আৰু পৰিবেশৰ সৃষ্টি কৰোঁতে তেওঁলোকে মধ্যপ্ৰাচ্যৰ এই চিৰ অশান্ত অঞ্চলটোৰ জটিলতা আৰু পৰিচয় নিৰ্মাণ তথা অস্তিত্ব ৰক্ষাৰ বাবে কৰি থাকিবলগীয়া যুঁজ বাগৰ খনৰ গভীৰ তাৎপৰ্যপূৰ্ণ ইংগিত আৰু কথাবোৰক ৰং আৰু ষ্ট্ৰকেৰে ধৰি ৰাখিছে। ফলত তেওঁলোকৰ কেনভাছৰ নিৰ্দিষ্ট পৰিসৰত আহি পৰা বস্তু ( object) সমূহৰ মাজলৈ সোমাই আহিছে এক তন্ময়তা । মনলৈ আহে আধুনিক আৰু সমকালীন শিল্পকৰ্মৰ সন্মুখত থিয় হৈ সংবেদনশীল আৰু ঐতিহ্য সচেতন দৰ্শকৰ মনলৈ আহিব পাৰে ভাৰতীয় নন্দন তত্ত্বৰ এক বিশেষ উপলব্ধি : মানৱ মনে সৃষ্টি কৰা ‘ ভাৱ সৃষ্টি ‘ ৰ কোনো শেষ নাই। ভাৱ আৰু কল্পনা মানৱ মনৰ চিৰস্থায়ী সম্পদ। মানুহৰ সামাজিক জীৱন, মানুহে সৃষ্টি কৰা শিল্পৰ জগত — দুয়োটাই এই ভাৱ আৰু কল্পনাক কেন্দ্ৰ কৰি চলি থকা এক গতি প্ৰধান আৱেগৰ মূৰ্ত্ত ৰূপ।