চেটেলাইট টাউনশ্বীপ বাতিল আৰু ৰাইজক পট্টা দিয়াৰ আদি কেইবাটাও দাবীত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিৰ বিভিন্ন দল সংগঠনৰ সহায়-সহযোগত বিশাল নাগৰিক সভা
অসম চৰকাৰ হায় হায়,ভূমি পট্টা আমাক লাগিবই ধ্বনিৰে উত্তাল বৰদুৱাৰ বাগান
টংকেশ্বৰ ৰাভা দিছপুৰৰ বহতীয়া মানুহ-আৰছুৰ প্ৰাক্তন সভাপতি ৰমেন চিং ৰাভা
শৈলেন কুমাৰ,মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- আম্বানীৰ টাউনশ্বীপ আমাক নালাগে,টাউনশ্বীপ স্থাপন কৰি আমাক ধ্বংস কৰা নচলিব,ড.হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ,খিলঞ্জীয়াৰ ভূমি কাঢ়া অসম চৰকাৰ হায় হায়,ভূমিৰ পট্টা আমাক লাগিবই,টংকেশ্বৰ ৰাভাৰ কাম নাই আদি শ্লোগানেৰে উত্তাল হৈ পৰে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ বাগান অঞ্চল। প্ৰতিকূল বতৰক নেউচিও হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগান ভূমি পট্টন দাবী সমিতিয়ে বৰদুৱাৰ বাগানৰ জাৰাপাটা খেলপথাৰত অসমৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদিত ৰাইজ,দল সংগঠন,বিশিষ্ট বুদ্ধিজীৱি, আইনজীৱি,জাতি-জনগোষ্ঠীয় লোকৰ প্ৰতিনিধি,বিষয়ববীয়া,গৱেষক,নাট্যকৰ্মী,পৰিৱেশ কৰ্মীৰ উপস্থিতিত এখন বিশাল নাগৰিক সভা অনুষ্ঠিত কৰে। বৰদুৱাৰ বাগানৰ ৰাইজক উচ্ছেদ কৰি স্থাপন কৰিব খোজা ছেটেলাইট টাউনশ্বীপ বাতিল কৰা,বৰদুৱাৰ বাগানৰ খিলঞ্জীয়া লোকৰ ভূমিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ স্থায়ী ভূমি পট্টা নিশ্চিত কৰা,জনজাতি আৱেষ্টনী বেল্ট আৰু ব্লক সুৰক্ষা কৰা,বন আইন-২০০৬ চন মতেই সর্ব্বেচ্চ ২৯.৫ বিঘা ভূমি বনবাসী সকলক প্রদান কৰা,অসম গৌৰৱ পৰ্য্যটনস্থলী “চানডুবি বিল”ৰ জৈৱ বৈচিত্ৰ পৰিসীমা ৰক্ষা কৰা, তথাকথিত উন্নয়ণৰ নামত থলুৱা খিলঞ্জীয়া ভূমিপূত্র সকলক উচ্ছেদ কৰি উকিয়ামৰ কুলশী নদীত জলবিদ্যুত প্রকল্প নিৰ্মান বন্ধ কৰা, ৰামপুৰ অঞ্চলটোৰ দৰাবিল আর্দ্রভূমিত লজিষ্টিক পাৰ্ক নির্মান বন্ধ কৰাৰ লগতে কার্বি আংলং ডিমা হাচাও, বিটি আৰ তথা অসমৰ বিভিন্ন ঠাইৰ অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰা আদি বহু কেইটা গুৰুত্বপূৰ্ণ দাবীৰে কালি এই বিশাল নাগৰিক সভাখনি অনুষ্ঠিত কৰা হয়। এই ভুমি পট্টন দাবী সমিতিৰ মুখ্য আহ্বায়ক গোবিন্দ ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ২ নং বৰদুৱাৰ বাগান ভুমি পট্টন দাবী সমিতিৰ সম্পাদক আদিত্য নাগে। এই সভাত অৱসৰপ্ৰাপ্ত আয়ুক্ত জে ই কাথাৰে অংশগ্ৰহণ কৰি চৰকাৰে খিলঞ্জীয়া লোকৰ ভূমি কাঢ়িবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি উল্লেখ কৰে। তেওঁ কয়- ৰাইজৰ প্ৰতিবাদ অবিহনে এই ভূমি ৰক্ষা কৰাৰ কোনো গত্যন্তৰ নাই। তেওঁ মনু স্মৃতি পুথিৰ জড়িয়তেই আৰ এছ এছৰ যি উদ্দেশ্য পুৰণৰ কথা তাক উনুকিয়াই দিয়ে। লগতে এই পুথিত ট্ৰাইবেল মানুহখিনি ভৰিৰ তলুৱাৰ পৰা সৃষ্টি হোৱা বুলি উল্লেখ কৰে। তেওঁ দি ইণ্ডিয়ান কনষ্টিটিউচন অৱ ইণ্ডিয়া আৰু চিক্স চিডিউল এই দুখন কিতাপ লগত লৈ ঘূৰি ফূৰে বুলি কয়। এই সভাত প্ৰকৃতিশীল লেখক মইনা গোস্বামীয়ে মিৰ্জাৰ সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান সদিচ্ছাৰ তৰফৰপৰা অংশগ্ৰহণ কৰি কোনো কাৰণতে ৰাইজক ভাগ ভাগ নহবলৈ কয়। চৰকাৰে সদায়েই ৰাইজক ভাগ কৰি তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবলৈ বিচাৰিব। সেই বাবে ৰাইজক একগোট হৈ থাকিবলৈ আহ্বান জনায়। সভাত লেখক তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কিশোৰ কুমাৰ কলিতাই কয়- আপোনালোক একগোট হৈ থাকিলে কোনোৱে উচ্ছেদ কৰিব নোৰাৰে। তাৰ বাবে ভূমিৰ নথি পত্ৰ আদি ঠিকে ৰাখিবলৈ কয়। তেওঁ ছেটেলাইট টাউনশ্বীপৰ বিষয়ত বুজাই দিয়ে। বন আইন আৰু ৰায়তী আইনৰ বিষয়ত ভাষণ কৰি অঞ্চলটোত বছৰ বছৰ ভোগ দখল কৰি থকা ৰাইজৰ ভূমিৰ যি অধিকাৰ,সেই অধিকাৰৰ পৰা চৰকাৰে ৰাইজক উচ্ছেদ কৰিব নোৱাৰে বুলি কয়। অৱশ্যে চৰকাৰে নানান অজুহাত উলিয়াব যে সেই কথা ঠিক। ঐক্যবদ্ধ সংগ্ৰাম অবিহনে ৰাইজৰ বিকল্প নাই বুলি কয়। অধিবক্তা কৃষ্ণ গগৈয়ে অংশগ্ৰহণ কৰি তেওঁলোকে ৰাইজৰ সৈতে সদায়েই থাকিব বুলি কয়। ৰাইজে লগ লাগি থাকিলে চৰকাৰে উচ্ছেদ কৰাৰ কোনো সাহসেই নাপাব। ভূমিৰ অধিকাৰক কোনে বঞ্চিত কৰিব পাৰে বুলি চৰকাৰক কতাক্ষ কৰে। তেওঁ লগতে চিলিং আইন আৰু ১৯৭২ চনৰ ৰায়তী আইনৰ বিষয়তো ভাষণ প্ৰদান কৰে। এই সভাত দীঘলীয়াকৈ ভাষণ প্ৰদান কৰি আৰছুৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ৰমেন চিং ৰাভাই কয়-এটি দুষ্ট চক্ৰই তেওঁক কাপুৰুষ বুলি লিখিছে। তেওঁ কয়-যিয়ে যি লিখিছে লিখক। ৰমেন চিং ৰাভা ভয়াতুৰ মানুহ নহয়। পাপ কৰিলেহে ভয় কৰিব লাগে। পাপ নকৰিলে কাকো ভয় কৰাৰ কথা নাই। মোৰ গাত শিক্ষকৰ গুণ আছে। গতিকে আমি সংযম, শিষ্টাচাৰ বজাই ৰাখি চলি আহিছো। তেওঁ টংকেশ্বৰ ৰাভাৰ বদমাছি,নীলা শিয়ালৰ চৰিত্ৰৰ বিষয়ে কয়। তেওঁ কয়- টংকেশ্বৰ ৰাভা দিছপুৰৰ এজন বহতীয়া। তেওঁ টাউনশ্বীপৰ বিৰোধ কৰিব নোৱাৰে। বিপৰীতে আমাক ভূমিৰ পট্টাহে লাগে। কোনো টাউনশ্বীপ নালাগে। তেওঁ কয় সৰুৰ পৰাই আমি মানুহক ভালপাব শিকি আহিছো। সেই ভালপোৱাক এচামে তিৰস্কাৰ কৰে কৰক। তেখেতসকলৰ ইতিমধ্যেই ভৰিৰ তলৰ মাটি নোহোৱা মানুহত পৰিণত হৈছে। আমি শগুণৰ চৰিত্ৰ লৈ জীয়াই থকা মানুহ নহয়,ঈগলৰ চৰিত্ৰ লৈহে জীয়াই থকা মানুহ। আমি আনৰ কাঢ়ি কোৱা মানুহ নহয়,ৰঙা মদ খোৱা মানুহ নহয়। যোৱা চাৰি এপ্ৰিলতে টংকেশ্বৰৰ ভৰি চেলেকা বোৰে আমাক ধমকি দিয়ে। তেওঁ কয় আমাৰ কি প্ৰশ্ন কৰাৰ অধিকাৰ নাই নেকি। টংকেশ্বৰ ৰাভাৰ চামচাবোৰক টাউনশ্বীপৰ ভাল বেয়াৰ বিষয়ে সুধিবলৈ ৰমেন চিং ৰাভাই ৰাজহুৱাকৈ কয়। তেওঁ ৰাভা নেতা নৃপেন ৰাভা,কমলেশ্বৰ ৰাভা,ৰশ্মি ৰাভাক ৰাইজলৈ প্ৰশ্ন তুলিবলৈ আহ্বান জনায়। ট্ৰাইবেল কাউন্সিল টংকেশ্বৰ ৰাভাই ক’ত পাইছে বুলি ককৰ্থনা কৰে। যিদিনালৈকে মাটি ভেটি সুৰক্ষিত নহয়,সিদিনালৈকে আমি আপোনালোকৰ সৈতে আছো বুলি কৈ নীতা আম্বানীৰ টাউনশ্বীপ আমাক নালাগে বুৰি ৰাইজ সজাগ হবলৈ কয়। ইয়াৰ বাবে আমি বিৰোধ কৰিবই লাগিব। ৰায়তী আইনৰ ভিত্তিতে হওক বা বন আইনৰ ভিত্তিতে হওক আমি ভূমিৰ পট্টা পাবই লাগিব বুলি কৈ ভাষণৰ সামৰণি মাৰে। সভাত অধ্যক্ষ ড.অৱণী কুমাৰ দাসে কয়-এই বিজেপি চৰকাৰখনে মানুহ আৰু মাটিৰ ওপৰত চলোৱা অত্যাচাৰৰ বাবে চৰকাৰক ককৰ্থনা কৰে। এচাম দালালৰ জড়িয়তেই চৰকাৰে মানুহৰ ভূমিৰ অধিকাৰ কাঢ়িব বিচৰা কাৰ্য সচাই দুখজনক। দালাল,চৰকাৰী দুমুখীয়া মানুহবোৰ আমি চিনি লব লাগিব। নহলে বৰদুৱাৰত ছেটেলাইট টাউনশ্বীপ, ৰামপুৰৰ ডৰাবিলত লজিষ্টিক পাৰ্ক,উকিয়ামত নদী বান্ধ আদিয়ে ৰাইজৰ বিলাই-বিপত্তি কঢ়িয়াই আনিব। এই সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলাৰ সভাপতি মদন দাসে অংশগ্ৰহণ কৰি অসমত ইনাৰ লাইন পাৰ্মিটৰ প্ৰয়োজন বুলি উল্লেখ কৰে। অসমত যদি এই ইনাৰ লাইন পাৰ্মিট থাকিলহেতেন আমাৰ ভূমি বহিৰাগত বণিয়া,আম্বানী আদানীয়ে লৱ নোৱাৰিলেহেতেন বুলি উল্লেখ কৰে। সভাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা অসম মেঘালয় যুটীয়া প্ৰতিৰোধ সমিতিৰ এগৰাকী বিষয়ববীয়া জয়ন্ত ৰাভাই অংশগ্ৰহণ কৰি চৰকাৰে মাটি,নদ নদীৰ অধিকাৰ কাঢ়ি মানুহ আৰু জৈৱ-বৈচিত্র্যলৈ ভাবুকি আনিছে। তেনেক্ষেত্ৰত বৰদুৱাৰ বাগানত অসমৰ চৰকাৰে চেটেলাইট টাউনশ্বীপ,অসম মেঘালয়ৰ সীমান্তৰ উকিয়ামৰ কুলসী নদীত দুয়োখন চৰকাৰে স্থাপন কৰিব খোজা ৫৫ মেগাৱট জলবিদ্যুত প্ৰকল্পৰ বিৰোধ কৰে। ৰাইজৰ এই সকলো সমস্যাৰ সমাধান বাবে অসম মেঘালয় সীমান্ত যুটীয়া প্ৰতিৰোধ সমিতিয়ে সংগ্ৰামত থাকি সহায়-সহযোগ কৰি যাব।এই ভূমি পট্টন দাবী সমিতিৰ উপদেষ্টা আদিত্য ৰাভাই কয়-বিজেপি মিত্রজোঁট চৰকাৰে ভয়ংকৰ ষড়যন্ত্ৰৰে পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰদুৱাৰ বাগানৰ জনজাতি আবেষ্টনী ভাঙি ১৫০০ একৰ ভূমি জিএমডিএক গতোৱা তথা বৰদুৱাৰৰ ভূমিপট্টাহীন ৰাইজৰ ভূমি উচ্ছেদ কৰি ছেটেলাইট টাউনশ্বীপ প্রকল্প স্থাপন কৰিবলৈ দিয়া নহব বুলি চৰকাৰক হুংকাৰ দিয়ে। প্ৰয়োজনত ৰাভা,গাৰো, আদিবাসী, নেপালীৰ লগতে সাধাৰণ জাতি জনগোষ্ঠীৰ লোকেৰে ভৰি থকা বৰদুৱাৰ বাগান অঞ্চলৰ ৰাইজক লৈ ৰাজপথ ঘেৰাও আদি কাৰ্যসূচীৰ ৰূপায়ন কৰিব বুলি উল্লেখ কৰে। চৰকাৰৰ এই জনস্বাৰ্থ বিৰোধী প্ৰস্তাৱিত জি.এম.ডি.এৰ বৰদুৱাৰ বাগানত চেটেলাইট প্রকল্প বাতিল কৰা আৰু উক্ত এলেকাৰ ১নং,২নং আৰু ৩ নং ভূমিত বসবাস কৰি অহা ২১০০ টা পৰিয়ালক ভূমি পট্টা প্ৰদানৰ দাবী তোলে। শেষত এই ভূমি পট্টন দাবী সমিতিৰ মুখ্য আহ্বায়ক গোবিন্দ ৰাভাই সভাপতিৰ বৰদুৱাৰ বাগানত চেটেলাইট টাউনশ্বীপ বাতিলৰ দাবী উত্থাপন কৰে। এই নাগৰিক সভাত সুব্ৰত তালুকদাৰ, জয়ন্ত গগৈ, সমিতিৰ হৈ গজেন চন্দ্ৰ ৰাভা,ৰত্নেশ্বৰ ৰাভা,বানেশ্বৰ ৰাভা,অৰুণ দিয়া,ৰাম চিং দিয়া,জোতিষ ৰাভা,পখীৰাজ ৰাভা,ধনঞ্জয় দাস,ফুলমণি দাস,সীমান্ত কাকতী,দেৱজিত চৌধুৰী,জীতুমণি দাসকে ধৰি আদি বহুসংখ্যক সদস্য বিষয়ববীয়াৰ লগতে দৰাবিল গো চৰণীয়া সুৰক্ষা সমিতি,সন্মিলিত তিনিআলি সন্মিলিত সংঘ,সন্মিলিত ঝাৰোবড়ী আঞ্চলিক ক্লাৱ,আদিবাসী ছাত্ৰ সন্থা,বৃহত্তৰ বৰিহাট নাগৰিক মঞ্চ,বৰিহাট মাহিলী বৈঠকী,গৰীয়া-মৰিয়া আদি বিভিন্ন দল-সংগঠনৰ লোক উপস্থিত থাকে বুলি সমিতিয়ে জানিবলৈ দিয়ে।