চেংগুটি – ৰশ্মি ৰেখা দুৱৰা

PC - Facebook

অণুগল্প:

চেংগুটি

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

: “তই ভালকৈ খেলিব জনা নাই জুবি।চাৰিটা গুটিয়ে নেখেলে নহয়,পাঁচটা গুটি ল’ব লাগে।”
: “এহ্! তই বেছি জনা দেখাব নালাগে।”
: “মই শিকাই দিয়ো দে।পাঁচটা মিহি ধুনীয়া গুটি লৈ এনেকৈহে খেলে।”

জুবি আৰু ৰিনিৰ চেংগুটি খেলখন তামুলতি আইতাই থৰ লাগি চাইছে।বেমাৰে জুবুলা কৰা আইতাই অলপ সময়ৰ বাবে বৃদ্ধত্ব পৰিহাৰ কৰি শৈশৱৰ লগত মিতিৰালি পাতিছে।লুপ্তপ্ৰায় খেলবিধ জুবিহঁতে আদৰি লোৱাত সুখী হৈছে আইতা।

শিশুসুলভ মনেৰে কিমানযে মৰমলগা কথা হয়।বৰ প্ৰিয় আইতাৰ।আহোম যুগৰ কড়ি খেল,ম’হ যুঁজ,কণী যুঁজ আদি বহুতো খেলৰ বিৱৰণ দিলে আইতাই।দুয়োজনীৰ লগত কথাৰ ভাগ বতৰা কৰিয়ে সুঁৱৰি পেলাইছে অতীতৰ সপোন সপোন লগা পৃষ্ঠাবোৰ।