চেঁকুৰ – লখিমী শৰ্মা

PC - Freepik
চেঁকুৰ
 লখিমী শৰ্মা, যোৰহাট 
ঠিক কলিজা আৰু উশাহৰ দৰেই,
অক্লান্ত চেঁকুৰি আছিল মোৰ মনৰ চেতক ।
চেঁকুৰ, চেঁকুৰ, নেজ দঙা চেঁকুৰ ।
কট্‌ বট্‌, কট্‌ বট্‌, কট্‌ বট্‌ ।
যেন সি ঘৰ সাজিব বহুতৰ বুকুত,
সপোন সিঁচিব সিহঁতৰ শেলুৱৈ গজা চকুত।
চেঁকুৰত ধূলি উৰিছিল ।
চিঞৰি পলাইছিল পোক খোঁচৰা চৰাইৰ জাক,
বাটৰুৱাই ৰ লাগি চাইছিল,
দৃশ্যৰ পৰা ধূসৰিত প্ৰতিধ্বনিলৈ
চেঁকুৰ দ্ৰুততৰ হৈছিল ।
কোনেও মোক প্ৰশ্ন কৰা নাছিল।
মসৃণ পথত সকলোৱেই প্ৰায় নিৰ্ভুল ধাৱক ।
কিন্তু প্ৰশ্ন নকৰা মানেই প্ৰশ্ন নথকা নহয় ।
লাহে লাহে প্ৰশ্নবোৰ গোটমাৰি মেঘ হৈ মোৰ পিছ লৈছিল , অথচ
মই গম পোৱা নাছিলোঁ ।
অকস্মাৎ বিজুলী গাজনি আৰু শেষ নোহোৱা বৰষুণ…
বিধ্বস্ত হৈ পৰিল চেতক ।
ক্লেদময় পথত সোমাই পৰি , তাৰ দুৰ্দান্ত খুৰাবোৰো বিৱশ হৈ পৰিল ।
লাস্যময় তেজী শৰীৰৰ ভৰো আজি তাৰ শত্ৰু হৈছিল,
জীৱন – প্লাৱিতা পাবলৈ সি আটাহ পাৰি জঁপিয়াইছিল ।
দুৰ্ভাগ্য,
তাৰ চিৎকাৰ আৰু কিৰীলিৰ পাৰ্থক্য আনৰ বাবে দুৰ্বোধ্য ।
তাৰ জিনখন আৰু পিঠিৰ মোনাৰ পৰা
চেতনাৰ বীজবোৰৰ লগত ময়ো ছিটিকি পৰিছিলোঁ ।
যোগ্যতাৰে পাৰ হৈ অহা পথবোৰো অসতৰ্ক অহংকাৰৰ
অপতৃণে ছেগ বুজি চানি ধৰিছিল ।
সত্য , শিৱ , সুন্দৰৰ অপবাদত ছটফটাই,
এজন অশ্বাৰোহীৰ মৃত্যু হৈছিল ।
ৰজাঘৰত বেতনবহীৰ এটা পৃষ্ঠা ফালি পেলোৱা হৈছিল ।