চূড়ান্ত হ’ল শাসকীয় মিত্ৰজোঁটৰ আসন সমীকৰণ

চূড়ান্ত হ’ল শাসকীয় মিত্ৰজোঁটৰ আসন সমীকৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- বহু জল্পনা-কল্পনাৰ অন্তত  শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে চূড়ান্ত কৰিলে অসম বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে প্ৰাৰ্থী তালিকাৰ সমীকৰণ ৷ প্ৰাৰ্থী তালিকাক লৈ চলি থকা ব্যাপক উৎকণ্ঠাৰ মাজতে নতুন দিল্লীত দলটোৰ জ্যেষ্ঠ নেতা জে পি নাড্ডাৰ নতুন দিল্লীস্থিত চৰকাৰী বাসভৱনত প্রায় চূড়ান্ত কৰা হ’ল প্রার্থী তালিকা। শাসনাধিষ্ঠিত দলটোৰ ক’ৰ কমিটীৰ বৈঠকত অসমৰ প্রার্থিত্ব সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল, অসমৰ প্ৰভাৰীৰ দায়িত্বত থকা বৈজয়ন্ত জয় পাণ্ডা, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ উপস্থিতিত তালিকা সন্দর্ভত প্ৰাৰম্ভিক পর্যালোচনা সম্পন্ন কৰা হয়। উল্লেখ্য যে বুধবাৰে বিজেপিৰ কেন্দ্ৰীয় নির্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকতে প্রার্থী তালিকা চূড়ান্ত কৰা হ’ব। ইফালে মঙলবাৰে ক’ৰ কমিটীৰ বৈঠকৰ পাছতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত কয়- ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ অধ্যক্ষতাত অসমৰ নিৰ্বাচনৰ দলীয় টিকট সন্দর্ভত আলোচনা অনুষ্ঠিত হয় আৰু এই আলোচনাত অগপ-বিপিএফৰ লগত আমি কিধৰণে মিত্ৰতা কৰিম তাক চূড়ান্ত কৰা হয়। এই বৈঠকতে প্রার্থী তালিকা সন্দৰ্ভতো প্ৰাৰম্ভিক আলোচনা কৰা হয়। কাইলৈ বিয়লি ৭ বজাত কেন্দ্ৰীয় নির্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ’ব। এই বৈঠকৰ পাছতে বুধবাৰে নিশা বা বৃহস্পতিবাৰে পুৱা খুব সোনকালে আমাৰ প্রার্থী তালিকা প্রকাশ পাব। মুখ্যমন্ত্রীয়ে ইয়াকো স্পষ্ট কৰে যে প্ৰকাশ হ’বলগা প্রার্থী তালিকাত কেইবাখনো নতুন মুখ, মহিলা, সকলো জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিত্ব আৰু যুৱ সমাজৰো যথেষ্ট প্রতিনিধিত্ব দেখিবলৈ পোৱা যাব। বিজেপিৰ প্রার্থী তালিকা এখনেই প্রকাশ হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয়- অগপ আৰু বিপিএফক আসনসমূহ দিয়াৰ পিছত বাকী থকা সকলো আসনতে বিজেপিয়ে প্রতিদ্বন্দ্বিতা কৰিব। এই সকলো আসনৰ বিপৰীতে প্ৰাৰ্থীৰ নাম এখন তালিকাতে প্রকাশ হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই ইয়াকো উল্লেখ কৰে যে নিশ্চিতভাৱে ২-৩জন বৰ্তমানৰ বিধায়ক প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ব। অৱশ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবেহে তেওঁলোকৰ নাম কর্তন হ’ব। ইফালে আসন ভাগ-বাটোৱাৰাৰ সকলো প্রক্রিয়া সম্পন্ন হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয়- অগপই ২৬খন আসনত আৰু বিপিএফে ১১খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে বিজেপিয়ে ৮৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব।