চুলি নাবান্ধিবা যাজ্ঞসেনী – অসীম জ্যোতি দাস

PC- Fizdi.com

চুলি নাবান্ধিবা যাজ্ঞসেনী

অসীম জ্যোতি দাস, মৰিগাঁও

চুলি নাবান্ধিবা তুমি যাজ্ঞসেনী
তোমাৰ মুক্ত কেশে সোঁৱৰাব !
তোমাৰ লগত হোৱা প্ৰতিটো
ঘোৰ অন্যায়ৰ কথা ৷
তোমাৰ মুক্ত কেশে মুক্ত কৰিব,
এই সুন্দৰ ধৰাক গ্ৰাস কৰা
অসূয়া শক্তিৰ পৰা ৷
চুলি নাবান্ধিবা যাজ্ঞসেনী,
তোমাৰ মুক্ত কেশে প্ৰতি পল
অনুপলে সোঁৱৰাব তোমাৰ ওপৰত
কুপদৃষ্টি দিয়া
প্ৰতিটো আসুৰিক চৰিত্ৰৰ কথা ৷
তুমি মুক্ত কেশে থাকিব লাগিব যাজ্ঞসেনী,
তোমাৰ মুক্ত কেশে সুৰক্ষিত কৰিব,
অনাগত ভৱিষ্যতৰ নাৰীৰ জীৱন ৷
তোমাৰ মুক্ত কেশে সোঁৱৰাব,
নাৰী নিৰ্যাতনৰ ভয়ঙ্কৰ
পৰিণতিৰ কথা ৷
সেয়েহে তুমি চুলি নাবান্ধিবা যাজ্ঞসেনী,
তোমাৰ মুক্ত কেশে তোমাক দিব
তোমাৰ লগত হোৱা
ঘোৰ অন্যায়ৰ মহা ন্যায়,
জগতে দিব নোৱাৰা ন্যায় দিব
তোমাৰ মুক্ত কেশে ৷
সেয়েহে কৈছোঁ !
তুমি চুলি নাবান্ধিবা যাজ্ঞসেনী ৷