চুমি বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বোকাখাতৰ দুই যুৱকক আটক আৰক্ষীৰ

চুমি বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বোকাখাতৰ দুই যুৱকক আটক আৰক্ষীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ট্ৰেডিং গোচৰত অভিযুক্ত চুমি বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বোকাখাতৰ দুই যুৱকক আটক বোকাখাত আৰক্ষীৰ। বোকাখাত আৰক্ষীয়ে বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক সোমবাৰে নিশা আটক কৰে । জানিব পৰা মতে, যোৱা সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈছিল চুমি-তাৰ্কিকে। এই কাৰ্যত চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, ২০১৬ চনৰ পৰাই তাৰ্কিকৰ সৈতে সহযোগী হিচাপে কাম কৰি আহিছে শোভনজ্যোতি কুৰ্মীয়ে। আজি CIDয়ে গুৱাহাটীলৈ তলব কৰিছে শোভনজ্যোতিক। উল্লেখযোগ্য যে, এতিয়াও সন্ধান নাই চুমি বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাৰ। IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত গঠিত CIDৰ ৭ জনীয়া SITয়ে আৰম্ভ কৰিছে তদন্ত।পলাতক চুমি বৰা আৰু তাৰ্কিক বৰা CIDএ ‘Wanted’ ঘোষণা কৰিছে। ট্ৰেডিং কেলেংকাৰীত জড়িত ২২ জনক Look Out Circular জাৰি কৰিছে SITএ। মুঠ ২৮টা গোচৰত দীপাংকৰ বৰ্মন, চুমি বৰা, তাৰ্কিক বৰা, ৰাজীৱ বৰাকে ধৰি ২২ জন অভিযুক্তলৈ লুক আউট চাৰ্কুলাৰ জাৰি কৰিছে CIDৰ বিশেষ তদন্তকাৰী দলে।