চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰিস্থিতিত উদ্বিগ্ন প্ৰকাশ ভাৰতৰ

চুবুৰীয়া ৰাষ্ট্ৰ নেপালৰ পৰিস্থিতিত উদ্বিগ্ন প্ৰকাশ ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া ৰাষ্ট্ৰ অগ্নিগর্ভ হৈ উঠা নেপালৰ পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ভাৰতে। কেন্দ্ৰীয় বৈদেশিক মন্ত্রালয়ে চৰকাৰৰ বিৰুদ্ধে গণ বিদ্রোহত উত্তপ্ত হৈ পৰা নেপালৰ পৰিস্থিতি সন্দৰ্ভত সূক্ষ্ম নিৰীক্ষণ ৰাখি দেশখনত থকা ভাৰতীয় নাগৰিক আৰু সীমান্তৱৰ্তী অঞ্চলৰ ভাৰতীয়ক সতর্কতা আৰু সজাগতা বর্তাই ৰাখিবলৈ পৰামৰ্শমূলক জাননী জাৰি কৰিছে। মন্ত্ৰালয়ৰ এক বিবৃতিত ভাৰতৰ নাগৰিকসকলক চুবুৰীয়া ৰাষ্ট্ৰখনৰ পৰিস্থিতি শান্ত নোহোৱালৈকে দেশখন ভ্রমণ নকৰিবলৈ পৰামৰ্শ আগবঢ়োৱা হৈছে। চুবুৰীয়া দেশখনত যিসকল ভাৰতীয় নাগৰিক বর্তমান আবদ্ধ হৈ আছে, তেওঁলোকক সতর্ক হৈ থাকি ভাৰতীয় দূতাবাসৰ সৈতে অহৰহ যোগাযোগ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে। যিসকল ভাৰতীয় নাগৰিক নেপালত আছে, তেওঁলোকক য’তেই আছে তাতে সাৱধানতাৰে থাকিবলৈ নির্দেশ দি অনাহকত পথলৈ ওলাই নাহিবলৈ বিবৃতিত পৰামৰ্শ আগবঢ়াইছে। ইপিনে, কাঠমাণ্ডুস্থিত ভাৰতীয় দূতাবাসত কেইবাটাও হেল্পলাইন নম্বৰ মুকলি কৰি ভাৰতীয় নাগৰিকসকলক যোগাযোগ ৰক্ষা কৰিবলৈ আহ্বান জনাইছে।