চুবুৰীয়া-প্ৰণামী দেৱী তেলীয়া সোণৰী গাঁও

pc-nextdoorblog

চুবুৰীয়া

চুবুৰীয়া মানুহ ঘৰৰ প্ৰতিটো কামতে ওজৰ-আপত্তি নুগুচা,কথাই প্ৰতি অসন্তোষ প্ৰকাশ কৰা মহন্ত ডাঙৰীয়া এদিন চোতালত বহি থাকোতেই উচ্চ ৰক্তচাপ জনিত কাৰণত চকীখনৰ পৰা হাউলি পৰিল।সেই সময়ত ঘৰত একমাত্ৰ নাতিনীজনী হে আছিল,পো-বোৱাৰী বিশেষ কামত অলপ ওলাই গ’ল। ডাঙৰীয়া ৰ অৱস্থা দেখি কাষৰ মানুহ ঘৰৰ ল’ৰা ৰাতুলে নিজৰ জীয়েকে নাতিনীয়েকৰ লগত ঘৰৰ ৰখীয়া থৈ লৰালৰিকৈ তেওঁক চিকিৎসালয়লৈ লৈ গ’ল, আৰু পুতেকহঁতক খবৰটো দিলে।
কিছু সময়ৰ পাছত ৰাতুলক চিকিৎসকে ক’লে- “ধন্যবাদ, আপোনাৰ বাবেই আজি এখেতৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ’লো। আৰু অকনমান সময় পলম হোৱা হেতেঁন…..”

প্ৰণামী দেৱী
তেলীয়া সোণৰী গাঁও