চুপাৰ ডাঞ্চাৰ টকজিৰ কে দলেক সকলোৱে সহায় সহযোগিতা কৰোঁ আহক – অতুল পাচনি

চুপাৰ ডাঞ্চাৰ টকজিৰ কে দলেক সকলোৱে সহায় সহযোগিতা কৰোঁ আহক – অতুল পাচনি

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰীয় পৰ্যায়ৰ নৃত্য প্ৰতিযোগিতাত স্বপ্ৰতিভাৰে জিলিকি উঠিছে অসম সন্তান টকজিৰ কে দলে। মুম্বাইত নৃত্য প্ৰতিযোগিতাত চ’নী টিভিৰ চুপাৰ ডাঞ্চাৰ চেপ্টাৰ ৫ৰ টপ ১২ত উপনীত হৈছে প্ৰচুৰ সম্ভাৱনাম নৃত্য শিল্পী টকজিৰ কে দলে। টকজিৰ কে দলেক টপ-১০ ত বৃহৎ ব্যৱধানত আগবঢ়াই নিয়াত সমগ্ৰ অসমবাসীয়ে পূৰ্ণ সমৰ্থন জনাবলৈ সাজু হৈ থাকিব লাগিব কাৰণ আমি সকলোৱে টকজিৰৰ সাফল্যৰ হাৰ বৃদ্ধি কৰিবলৈ ভোট দিবলৈ আহ্বান কৰিলো। গুৱাহাটী হেঙেৰাবাৰীস্থিত চানচাইড গেষ্ট হাউচৰ এক সংবাদ মেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই আহ্বান জনাইছে বিশিষ্ট অভিনেতা অতুল পাচনিয়ে। অসম লুতাদৰ সম্পাদক ড° অৰিন্দম প্ৰিন্স পাংগিঙে আঁতধৰা অনুষ্ঠানত জ্যেষ্ঠ অভিনেতা অতুল পাচনিয়ে আৰু কয় যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাত অসমৰ পৰা দেৱজিৎ সাহা, ফ্লৰিনা গগৈ, আধ্যাশ্ৰী উপাধ্যায়, আপ্পুন পেগু ইত্যাদিয়ে অসমবাসীৰ গৌৰৱ বৃদ্ধি কৰিবলৈ সক্ষম হোৱাৰ দৰে এইবাৰ টকজিৰ কে দলেই চুপাৰ ডাঞ্চাৰ চেপ্টাৰ ৫ৰ চুড়ান্ত বাচনিৰ শীৰ্ষত উত্তীৰ্ণ হৈ অসম আৰু অসমীয়াৰ হৃদয় জয় কৰিবলৈ সকলোৱে জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে পূৰ্ণ সমৰ্থন আগবঢ়ালে জয় নিশ্চিত।সংবাদ মাধ্যমৰ আগত জনপ্ৰিয় কণ্ঠশিল্পী পাপৰি গগৈ, অভিনেত্ৰী তৰুলতা কুটুম, সমাজকৰ্মী মৃগেন্দ্ৰ ভাগৱতী, সদৌ গুৱাহাটী মিচিং কেবাঙৰ সভাপতি উকেন পেগু, কৈলাস ইণ্ডাষ্ট্ৰীজৰ সঞ্চালক কাৰ্তিক ডেকা, এন ই হাইজিন চলুচনছৰ সঞ্চালক নৱ সামান্য লগতে বহু গণ্য মান্য ব্যক্তি শুভাকাংক্ষীয়ে চুপাৰ ডাঞ্চাৰ টকজিৰ কে দলেক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰাৰ লগতে টকজিৰৰ জয়ৰ বাবে অসমবাসীয়ে সহায় সহযোগিতা কৰিবলৈ উদাৰ সৰলতাৰ আহ্বান জনায়।ইয়াৰোপৰি টকজিৰ কে দলেক চ’নী টিভিৰ চুপাৰ ডাঞ্চাৰ চেপ্টাৰ ৫ৰ চুড়ান্ত প্ৰতিযোগিতাত ভোট দিয়াৰ উপৰিও টকজিৰ কে দলেৰ ব্যক্তিগত ফেচবুক পেজ, ইনষ্টাগ্ৰাম, ইউটিউবত ফ’ল’ও, চাবচক্ৰাইব কৰিবলৈয়ো অসমবাসীলৈ অনুৰোধ কৰে কণ্ঠশিল্পী পাপৰি গগৈয়ে। যিহেতু এগৰাকী নৃত্য শিল্পীক প্ৰতিযোগিতাত ভোটৰ হাৰ বৃদ্ধিৰ সমান্তৰালকৈ তেওঁৰ ব্যক্তিগত চচিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হোৱাৰ হাৰো দিশ নিৰ্ণয় কৰে। অভিনেতা অশ্বিনী কুমাৰ দলেৰ সুযোগ্য সন্তান টকজিৰ কে দলেক ইতিমধ্যে বলীউডৰ শিল্পা চেন্টিৰ দৰে অভিনেতা অভিনেত্ৰী পৰিচালক নৃত্য শিল্পী কৰিঅ’গ্ৰাফাৰৰ গীতামা, মাৰ্জী ইত্যাদিৰ পৰা উচ্চ প্ৰশংসিত হৈছে।