চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন – মনোৰঞ্জন বৰা

চুতীয়া ৰাজ্য আৰু কিছু স্থাপত্য-ভাস্কৰ্যৰ নিদৰ্শন

মনোৰঞ্জন বৰা
গোলাঘাট, দেৰগাঁও 

ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত অসম এখন পুৰণি সভ্যতাৰ আকাশলঙ্ঘী স্থানত থকা ৰাজ্য। যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য চাৰিটা ভাগত বিভক্ত আছিল। যেনে – ৰত্নপীঠ , কামপীঠ , স্বৰ্ণপীঠ আৰু সৌমাৰ পিঠ । এই ৰাজ্যৰ উত্তৰ পূবত অৱস্থিত সৌমাৰপীঠতেই  ৪০০ বছৰৰো অধিক সময় ধৰি প্ৰৱল প্ৰতাপী চুতীয়া ৰজাই শাসন কৰি আহিছিল। ভীষ্মক ৰজাৰ পৰা আৰম্ভ কৰি নীতিপাল ৰজাৰ সময়লৈকে লক্ষ্য কৰিলে দেখা যাব যে ৪০০ বছৰতকৈ ও অধিক বৰ্ষজুৰি চুতীয়া সকলে শাসন কৰি আহিছিল।  দেখা যাব যে সেই সময়ত চুতীয়া ৰাজ্য ইমান শক্তিশালী আছিল যে ১২২৮ খৃ:ত  অসমলৈ অহা আহোম সকলেও চুতীয়া ৰাজ্যৰ শক্তি আৰু পৰাক্ৰমৰ বিষয়ে  জানি চুতীয়া ৰাজ্যৰ দিশে মূৰ দাঙি চোৱা নাছিল। আহোম আৰু চুতীয়া সকলৰ মাজত যুদ্ধ হয় ১৫২৩ খ্ৰী:ত অৰ্থাৎ এই সূদীৰ্ঘ মাজৰ সময়ছোৱাত নিজস্ব স্বকীয় বৈশিষ্ট্য আৰু সংস্কৃতিৰ সৈতে উন্নতিৰ চৰম শিখৰত উপনীত হৈছিল চুতীয়া ৰাজ্য ।

চুতীয়াসকলৰ স্থাপত্য আৰু ভাস্কৰ্য লক্ষ্য কৰিলে দেখা যায় যে এটা সময়ত চুতীয়াসকল কাৰিকৰী দিশত যথেষ্ট আগৰণুৱা আছিল। ৰাস্তাঘাটৰ পৰা আৰম্ভ পুখুৰী আৰু মন্দিৰ থান নিৰ্মাণ কৰা লৈকে সকলো ক্ষেত্ৰতে চুতীয়াসকলে উন্নতিত শিখৰত উপনীত হৈছিল।

ইতিহাসে কয় যে কুণ্ডিল বা শদিয়াই হৈছে চুতীয়াসকলৰ বাসস্থান। চুতীয়াসকলৰ প্ৰধান ৰজা আছিল ভীষ্মক । এই ভীষ্মক ৰজাৰ দিনত সৃষ্টি হোৱা চুতীয়া ৰাজ্য বহুতো স্থাপত্য আৰু ভাস্কৰ্যৰ নিদৰ্শন বৰ্তমান পোৱা গৈছে , যদিও প্ৰাকৃতিক দুৰ্যোগ আৰু অন্যান্য কাৰণত প্ৰায় ধ্বংসৰ অৱস্থাত পৰিণত হৈছে যাৰ ফলত সকলো স্থাপত্য-ভাস্কৰ্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। যথেষ্ট সংখ্যক ভগ্নাৱশেষ হয়তো এতিয়াও মাটিৰ তলত আছে । চুতীয়া ৰাজ্যত উদ্ধাৰ হোৱা ভগ্নাৱশেষবোৰৰ পৰা সেই সময়ৰ শিল্পকলা আৰু ভাস্কৰ্য্যৰ বিষয়ে কিছু আভাস পোৱা গৈছে। সেইসময়ৰ ৰাস্তা বা আলিত ব্যৱহাৰ কৰা কিছুমান ইটাৰ ভগ্নাৱশেষ পোৱা গৈছে যাৰ দ্বাৰা ক’ব পৰা গৈছে এই ইটাৰ আকৃতি সম্পূৰ্ণ ৰূপে চুতীয়াসকলৰ । ভীষ্মক ৰজাৰ কুণ্ডিল নগৰত বৰ্তমানে যিখিনি ভগ্নাৱশেষ উদ্ধাৰ হৈছে তাৰ পৰা এইটো কথা ঠিক যে সেই সময়ত এওঁলোকৰ কাৰুকাৰ্য্যই যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল তথা অন্যান্য ৰজা দিনটো।

চুতীয়া জাতিৰ বুৰঞ্জীত উল্লেখ থকা অনুসৰি মালিনী থানৰ বিষয়ে উল্লেখ কৰিছে যে – ” মালিনী থানৰ ভাস্কৰ্য্যবোৰৰ মাজত শিলত কটা একো শাৰী একে জোখৰ আৰু ভঙ্গিমাৰ আৱক্ষ নক্সাৰ বিতোপন অপ্সৰাৰ মূৰ্তি দেখা যায়। ” মন্দিৰৰ সন্মুখত নক্সা, দুৱাৰত মহাদেৱৰ মূৰ্তি নাচি থকা কালী , সৰস্বতী আৰু চৰাই আদি মূৰ্তি খোদিত কৰা হৈছে। যাৰ দ্বাৰা তেওঁলোকৰ কাৰুকাৰ্যৰ নিদৰ্শন পোৱা গৈছে। কুণ্ডিল নগৰৰ মন্দিৰ , থান সমূহৰ বিষয়ে বিভিন্নজনে মন্তব্য আগবঢ়াই আহিছে। বেণুধৰ শৰ্মাই তেওঁৰ এটি প্ৰবন্ধত কৈছে যে  –  মন্দিৰৰ শিলত কটা মূৰ্তি বিলাক চুতীয়া শিলাকটীয়াৰ অদ্ভুত স্থাপত্য বিদ্যা  আছিল। তেখেতে চুতীয়া শিলাকটীয়াক অদ্ভুত স্থাপত্য বিদ্যাৰ সন্তান বুলিও ক’ব বিচাৰে।

কুণ্ডিল নগৰৰ প্ৰায় বিলাক ভগ্নাৱশেষ বা নগৰেই হওঁক সকলো স্থাপত্য-ভাস্কৰ্য বৰ্তমানেও মাটিৰ তলত আছে। আমি জানিব পৰা মতে সেই সময়ৰ কিছুমান ইটাত মানুহৰ চিত্ৰও দেখা গৈছে তথা অসমীয়া লিপি ব্যৱহাৰ কৰা দেখা গৈছে।  চুতীয়াসকলে নিৰ্মাণ কৰা হিলৈ , নৌকা , হাতী দাঁতৰ পাটি, সোণৰ তিনিচুকীয়া সিংহাসন, চটীয়া শিলত মʼৰা চৰাই  , গৰুণ্ডৰ মূৰ্তি , শিৱ আৰু পাৰ্বতীৰ মূৰ্তি, হাতীৰ মূৰ্তি, সোণৰ আৰু ৰূপৰ বিভিন্ন অলংকাৰ নিৰ্মাণ কৰা দেখা গৈছে। এইসকলো দেখি বুজা গৈছে যে ” চুতীয়া জাতিটো এলাপেচা জাতি নহয় । এই ৰাজ্যৰ সকলো মানুহেই কাৰিকৰী বিদ্যাত যথেষ্ট পাৰ্গত আছিল। “

এই ৰাজ্যৰ বিভিন্ন মন্দিৰ, থান , দেৱালয়, পুখুৰী, ৰাস্তাঘাট আদিৰ সৰ্ব ক্ষেত্ৰতে উন্নতি জখলাত বগাবলৈ সক্ষম হৈছিল। তাম্ৰেশ্বৰী মন্দিৰ , ৰাণী মৈদাম, ৰজা মৈদাম ,  পদুম পুখুৰী, বুঢ়া-বুঢ়ী শাল , কুণ্ডিল নগৰ, ভীষ্মক নগৰ , ৰুক্মিণী নগৰ আন আন সৰু সৰু মন্দিৰৰ নিদৰ্শন সঁচাই প্ৰশংসনীয় আৰু শলাগ ল’বলগীয়া ইয়াৰ কাৰুকাৰ্য। এই বিষয়ে নকই নোৱাৰোঁ যে ” চুতীয়া কেৱল  এটা জাতিৰ নাম নহয় অথচ ই হৈছে এটা নতুন সভ্যতাৰ গঢ় দিব পৰাকৈ মূল চাবিকাঠি ।”