চুটিগল্প সাহিত্যৰ এটি প্ৰয়োজনীয় ভাগ – প্ৰাণ প্ৰতিমা বড়া

PC - Wallpeper Flare
চুটিগল্প সাহিত্যৰ এটি প্ৰয়োজনীয় ভাগ
প্ৰাণ প্ৰতিমা বড়া, গুৱাহাটী
চুটিগল্প সাহিত্যৰ এক প্ৰধান ভাগ। সাহিত্যৰ ভিতৰত চুটিগল্পৰ সমাদৰ অতি বেছি। মানৱ জীৱনৰ সমস্যাসমূহ সত্যৰূপত তুলি ধৰিব পৰাটো চুটিগল্পৰ এক লক্ষ্য। চুটিগল্পৰ জৰিয়তে গল্পকাৰৰ আত্মজিজ্ঞাসা প্ৰকাশ পায়। এইবিধ সাহিত্যৰ মাজেদি গল্পকাৰে জীৱন আৰু জগতৰ এক অপূৰ্ব সংযোগ ঘটায় ।বৰ্হিজগতৰ যিকোনো এটা বস্তুক গল্পকাৰে নিজস্ব প্ৰয়োজন সাপেক্ষে গল্পৰ ৰূপ দিয়ে। গল্পকাৰে এটা গল্পৰ জৰিয়তে সমাজ অথবা জীৱন সম্পৰ্কে এক সত্যক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে ৷গল্পকাৰসকলে সমাজৰ যন্ত্ৰণাকাতৰ সমাজখনৰ বুকুতেই গল্পৰ উৎস বিচাৰি পায় ।মানুহৰ জীৱনৰ সুখ দুখ ,হৰ্ষ-বিষাদ আদিবোৰক আধাৰ হিচাপে লৈ একোটা গল্পৰ জন্ম দিয়ে।চুটিগল্প বিভিন্ন উপাদানৰ সমাহাৰ। চুটিগল্পত কাহিনী,চৰিত্ৰ,পৰিবেশ,জীৱন দৃষ্টি,বিষয়,প্ৰতীক,ৰূপক,ষ্টাইল,তাত অন্তৰ্নিহিত সুৰ আদিবোৰ থাকিব লাগে। ৰচনাশৈলীৰ ফালৰপৰা চুটিগল্প  কাহিনীপ্ৰধান গল্প,চৰিত্ৰপ্ৰধান গল্প,পৰিবেশপ্ৰধান গল্প হয় ।কাহিনীপ্ৰধান গল্পত কাহিনী একোটা মূল হৈ পৰে। চৰিত্ৰপ্ৰধান গল্পত চৰিত্ৰ একোটা মূলহৈ পৰে। পৰিবেশপ্ৰধান গল্প গল্পকাৰে পৰিবেশ এটোটাক মূল হিচাপে লৈ কাহিনী একোটা আগবঢ়াই নিয়ে। গল্পৰ বিষয়বস্তু অনুসৰি গল্পৰ ভাগ বেলেগ বেলেগ হয়। যেনে দাৰ্শনিক গল্পত এক গভীৰ ৰহস্যময় উপলব্ধি প্ৰকাশ কৰা হয়। সামাজিক গল্পত সমাজ জীৱনত দেখা দিয়া বিভিন্ন সমস্যাৰ ভিত্তিত এইবিধ গল্প ৰচনা কৰা হয়। প্ৰেমৰ গল্পত নৰ-নাৰীৰ প্ৰেম গল্পৰ বিষয়বস্তু হিচাপে স্থান পায় ।বৰ্তমান সময়ত এইবিধ গল্পৰ সমাদৰ অধিক। ৰাজনৈতিক গল্পত ৰাজনৈতিক চেতনাৰ পটভূমিত ৰচিত গল্পসমূহেই এইবিধ গল্পৰ ভিতৰুৱা ।অলৌকিক গল্পত ভূত-প্ৰেত,অলক্ষণীয় ভয়াবহ শক্তিৰ আতংক,তন্ত্ৰ-মন্ত্ৰৰ শক্তি আদিৰে এইবিধ গল্পৰ সৃষ্টি। আন এক প্ৰকাৰৰ গল্প অপৰাধমূলক গল্প ৷এইবিধ গল্পত আইন আৰু নীতিনিয়ম জড়িত সমাজ ব্যৱস্থাত আইন ভংগ কৰি দুষ্কৰ্ম কৰা ব্যক্তিৰ কাহিনী ।আন এবিধ গল্প হ’ল বিজ্ঞান ভিত্তিক গল্প ৷এইবিধ গল্পত বৈজ্ঞানিক ন ন তথ্যৰ আধাৰত সুন্দৰ সুন্দৰ গল্প ৰচনা কৰে গল্পকাৰসকলে।  এনেধৰণৰে চুটিগল্পৰ বিভিন্ন ৰূপেৰে এক সুন্দৰ সুন্দৰ গল্প সৃষ্টি কৰে গল্পকাৰসকলে ।