চুঙা চাই সোপা
মৃদুলা বৰুৱা
“ন বোৱাৰী চাবলৈ আহিলোঁ বৰুৱানী । যৌতুকত কি কি আনিছে বা ।”
” আহক আহক শইকীয়ানী, বহকচোন”
“বৰ ভাল বস্তু নিদিলে যেন পাওঁ।চ’ফা এইটোহে…”
বৰুৱানীৰ ন বোৱাৰীয়েকৰ বুকু খন শোকে খুন্দা মাৰি ধৰিলে । বাপেক নোহোৱা ছোৱালীজনী যেনে-তেনে মাকে বিয়া দিছে। শাহুয়েকে কি কয় তাই তাৰ উত্তৰলৈ বাট চালে।
” বোৱাৰী এইফালে আহাচোন আৰু লগত মাৰ ঘৰৰ পৰা অনা ফাইলটো লৈ আনিবা। ”
“এইয়া চাওক শইকীয়ানী মোৰ বোৱাৰী আৰু লগত অনা যৌতুক । বি.এ ফাৰ্ষ্ট ক্লাছ, এম.এ গোল্ড মেডেলিষ্ট ইন ইকনমিক্স । এইখন চাওক পি.এইচ.ডি ৰ বাবে গুৱাহাটী ইউনিভাৰ্ছিটিত চিট পাইছে। অহ্ আপুনিটো এইবোৰ বুজিয়ে নাপাব।”