চি বি এছ ই  দশম শ্ৰেণীৰ পৰীক্ষাত ৯৭.৪ শতাংশ লাভ ডিব্ৰুগড়ৰ জিচান টানবিৰ:: ভৱিষ্যতে মহাকাশ বিজ্ঞানী হোৱাৰ সপোন 

চি বি এছ ই  দশম শ্ৰেণীৰ পৰীক্ষাত ৯৭.৪ শতাংশ লাভ ডিব্ৰুগড়ৰ জিচান টানবিৰ:: ভৱিষ্যতে মহাকাশ বিজ্ঞানী হোৱাৰ সপোন 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সদ্য ঘোষিত চি বি এছ ই চূড়ান্ত পৰীক্ষাত ডিব্ৰুগড়ৰ পূব বানীপুৰ নিবাসী জিচান টানবিৰে ৯৭.৪  শতাংশ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পিতৃ ফাৰ্মাচী ব্যৱসায়ী দুলু আহমেদ আৰু মাতৃ ৰুজেদা হক আহমেদৰ দুই পুত্ৰৰ প্ৰথম পুত্ৰ জিচান টানবিৰে ইংৰাজীত ৯৪, অসমীয়াত ৯১, অংকত ৯৪, বিজ্ঞানত ৯৬, সমাজ বিজ্ঞানত ৯৮ , আই টিত  ১০০ আৰু পেইণ্টিংত ৯৯ শতাংশৰে গড়ে মুঠ ৯৭.৪  শতাংশ লাভ কৰে। সৰুৰে পৰা মেধাবী জিচান টানবিৰৰ এই সফলতাৰ বাবে পিতৃ মাতৃ আৰু বিদ্যালয়খনৰ শিক্ষাগুৰুক ধন্যবাদ জ্ঞাপন কৰে। ভৱিষ্যতে এগৰাকী মহাকাশ গৱেষণা বিজ্ঞানী হোৱাৰ সপোন মনতে পুহি ৰখা জিচান টানবিৰে এই সফলতা লাভ কৰাত আত্মীয়ৰ লগতে অঞ্চলটোৰ ৰাইজে আশীষ আৰু শুভেচ্ছা জনাইছে।