চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা
ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা হ’ল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ড চমুকৈ চি বি এছ ইৰ দশম শ্ৰেণীৰ ফলাফল। ঘোষিত ফলাফল অনুসৰি, মুঠ ৯৩.৬৬% ছাত্ৰই এইবাৰৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীর্ণ হয়, যিটো পূৰ্বৰ বছৰৰ তুলনাত ০.০৬% অধিক । চিবিএছচিৰ দশম শ্ৰেণীৰ পৰীক্ষাত ছাত্ৰতকৈ ছাত্ৰী আগবাঢ়ি যায়। ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৯৫% । এইবাৰৰ পৰীক্ষাত ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ছাত্ৰতকৈ ২.৩৭% বেছি । আনহাতে,ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯২.৬৩% । ফলাফল সন্দৰ্ভত চি বি এছ ইয়ে এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি সকলো তথ্য প্ৰকাশ কৰে । বিবৃতি অনুসৰি, এইবাৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ২২,৩৮৮,২৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল । ইয়াৰে ভিতৰত ২০,৯৫,৪৬৭ গৰাকী উত্তীর্ণ হয় । আনহাতে, জ’ন হিচাপে থিৰুৱনন্তপুৰমে উত্তীৰ্ণৰ শীৰ্ষস্থান দখল কৰে । ইয়াৰ বিপৰীতে গুৱাহাটীত উত্তীৰ্ণৰ হাৰ হৈছে সৰ্বনিম্ন । থিৰুৱনন্তপুৰমত ৯৯.৭০% ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হয় । আনহাতে, গুৱাহাটীৰ উত্তীৰ্ণৰ হাৰ হৈছে মাত্ৰ ৮৪.১৪% । উল্লেখ্য যে চি বি এছ ইৰ দশম শ্ৰেণীৰ পৰীক্ষা ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু ১৮ মাৰ্চত সমাপ্ত হয় ।
