চি পি আই (এম), কামৰূপ মহানগৰ জিলা সমিতিৰ বিক্ষোপ
ৰঙিলী বাৰ্ত্তাসেৱা- মেঘদুত ভৱনৰ সম্মুখত চি পি আই (এম)ৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে, স্মাৰ্ট মিটাৰ,কৃত্ৰিম বানপানীৰ সমস্যা, খোৱা পানী যোগান, মহানগৰৰ দুৰ্গম বাট পথ মেৰামতি, নিৰ্মাণ আৰু বিভিন্ন বয় বস্তুৰ দাম বৃদ্ধিৰ বিৰুদ্ধে এক বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। তেওঁলোকে বিভিন্ন শ্লোগানেৰে হাতে হাতে বেনাৰ, দলীয় পতাকা আদি লৈ স্মাৰ্ট মিটাৰ বন্ধ কৰক, কৃত্ৰিম বানপানী ৰোধ কৰক, বিজেপি চৰকাৰ গো বেক্ আদি শ্লোগান দি, পৰিৱেশ উত্তল কৰে। বিজেপি চৰকাৰৰ দিনত নাৰী ধৰ্ষণ-নিৰ্যাতনৰ ঘটনা দৈনিক বৃদ্ধি পাবলৈ ধৰা, স্মাৰ্ট মিটাৰৰ নামত মহা লুণ্ঠন, আদি বিষয়ত কেবা গৰাকী বক্তাৰ ভাষণ দিয়ে। তেওঁলোকে এইবোৰ বিষয়ত আজি পানবজাৰ থানাৰ উপ পৰিদৰ্শকৰ হাতত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে। উক্ত কাৰ্য্যসূচীত কামৰূপ মহানগৰ জিলাৰ মটৰ শ্ৰমিক সন্থাৰ সম্পাদক বীৰেন শৰ্মা, চিটুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, জে চি টি ইউৰ সম্পাদক ভবেন কলিতা, জ্যেষ্ঠ কৰ্মী টিকেন দাস, সতঞ্জিত দাস, ভোলা শৰ্মা, পৰিমল দাস,চি পি আই এমৰ প্ৰচাৰ সম্পাদক নিৰংকুশ নাথ, কিষান মৰ্চাৰ মুছাদ্দৰ হুছেইন, নিখিল ভাৰত মহিলা সমিতিৰ উপ সভানেত্ৰী সীমা বিশ্বাস, সম্পাদিকা নিয়তি বৰ্মণ, ৰীতা দত্ত অধিকাৰী সহ প্ৰায় ৭৫ জন সদস্যই অংশগ্ৰহণ কৰে। উল্লেখ কৰিব পাৰি যে নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে সুকীয়াকৈ বিক্ষোভ কাৰ্য্যসূচী কৰাৰ কথা আছিল যদিও তাক নাকচ কৰি,চি পি আই (এম)ৰ বিক্ষোভ কাৰ্য্যসূচীৰ লগত সহযোগ কৰে।
