চি পি আই (এম), অসমৰ বিক্ষোভ

চি পি আই (এম), অসমৰ বিক্ষোভ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ পানবজাৰস্থিত মেঘদূত ভৱনৰ সন্মুখত কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত গৰু খুটিৰ গিৰ গাইৰ কেলেংকাৰিত জড়িত মন্ত্ৰী বিধায়কৰ উচিত তদন্ত কৰা, উচ্ছেদিত স্থানৰ ভাৰতীয় নাগৰিকৰ উপযুক্ত ক্ষতিপূৰণ ও সংস্থাপন প্ৰদান কৰা, উৎকত সাপ্ৰদায়িক প্ৰচাৰ বন্ধ কৰা আদিৰ দাবীত হাতে হাতে বেনাৰ, পষ্টাৰ, দলীয় পতাকা, প্লেকাৰ্ড আদি লৈ জিলা সম্পাদক ভবেন কুমাৰ কলিতাৰ নেতৃত্বত এক গণ বিক্ষোভ প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰে। আজিৰ বিক্ষোভ কাৰ্যসূচীত চিতুৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, চি পি আই এমৰ জ্যেষ্ঠ কৰ্মী শতঞ্জিত দাস, পৰিমল সেন, সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা ইন্দিৰা নেৱাৰ, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিৰ সভানেত্ৰী নিয়তি বৰ্মন, উপ সভানেত্ৰী সীমা বিশ্বাস, স্বৰ্ণ লতা দাস প্ৰমুখ্যে প্ৰায় ৪০ গৰাকী প্ৰতিবাদ কাৰীয়ে অংশগ্ৰহণ কৰে।