চি পি আই এমৰ সংবাদ মেল
কেবিনেটত অপ্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ হেদায়ৎপুৰস্থিত চিপিআইএমৰ মুখ্য কাৰ্যালয়ত আজি চিপিআইএমৰ এখন সংবাদ মেল অনুষ্ঠিত হয়৷সংবাদ মেলত চিপিআইএমৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক এম এ বেবী,ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ,বিধায়ক মনোৰঞ্জন তালুকদাৰ,প্ৰচাৰ সম্পাদক ইছফাকুৰ ৰহমান,জ্যেষ্ঠ কৰ্মী অজিত দাস,সাংবাদিক সহ প্ৰায় ১৪ জন মান উপস্হিত আছিল৷সংবাদ মেলত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক এম এ বেবীয়ে কয় যে-কেবিনেটত অপ্ৰয়োজনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।বিদেশী অসমত সংস্থাপন কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ হাতত লোৱাৰ বিৰোধিতা বেবীৰ।ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰীয়ে সংবিধানকো সন্মান কৰিব নিবিচাৰে বুলি মন্তব্য৷মুখ্যমন্ত্ৰীৰ আসনখনৰ মৰ্যদা মুখ্যমন্ত্ৰীয়ে বুজি নোপোৱাৰো অভিযোগ।গৌৰব গগৈ সন্দৰ্ভত ১০ ছেপ্টেম্বৰ সীমা নিৰ্ধাৰণ কৰিছিল।নহ’লে পদত্যাগ কৰিম বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে।এতিয়া পদত্যাগ কৰক মুখ্যমন্ত্ৰীইয়ে।শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত দেশৰ শেষৰ ৫ ৰাজ্যৰ তালিকাত স্থান পাইছে অসমে।নীতি আয়োগৰ সমীক্ষাত এই তথ্য পোহৰলৈ অহাৰ দাবী এম্ এ বেবীৰ।আদানি, আম্বনিৰ বাবে ৬ষ্ঠ অনুসূচি এলেকাত উচ্ছেদ কেনেকৈ চলাব খুজিছে চৰকাৰে?প্ৰশ্ন CPI (M) ৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জনৰ।থলুৱা, জনজাতীয় লোকৰ সৈতে সদায় থিয় দি থাকিব CPI (M)৷এইবাৰৰ নিৰ্বাচন অসমৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই নিৰ্বাচনক উন্নয়নৰ পক্ষত নিবলৈ চেষ্টা কৰিব CPI(M)য়ে৷