চি পি আই ( এম)ৰ সংবাদ মেল

চি পি আই ( এম)ৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ হেদায়েৎপুৰস্থিত চি পি আই (এম)ৰ মুখ্য কাৰ্যালয়ত ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু সম্পাদক নয়ন ভূঞাই  চি পি আই (এম) দলৰ হৈ এখন সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত তেওঁলোকে কয় যে, উজনি অসমত প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত বিজেপি সম্পূৰ্ণ ৰূপে বিপৰ্যয়ৰ সন্মুখীন হৈছে৷লক্ষীমপুৰ,কাজিৰঙা,শোনিতপুৰত বিজেপিৰ বিৰুদ্ধে তীব্ৰ যুদ্ধ হৈছে ৷ দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনতো বিজেপিৰ বিৰুদ্ধে ৰাইজ সজাগ হৈছে। গুৱাহাটী সমষ্টিৰ বাবে চি পি আই (এম) দলে মীৰা বৰঠাকুৰক পূৰ্ন সমৰ্থন আগবঢ়াব।গুৱাহাটী মহানগৰৰ লগতে দাতি কাষৰীয়া সমষ্টিৰ চি পি আই এম দলৰ সকলো কৰ্মীয়ে মীৰা বৰঠাকুৰৰ হৈ প্ৰচাৰ চলাব। বৰপেটা সমষ্টিৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ প্ৰচাৰ অভিযান খুব ভাল হৈছে ৷ বৰপেটাত হিন্দু ৰাইজে তালুকদাৰক পূৰ্ন সমৰ্থন আগবঢ়াইছে।বিজেপি এজিপিয়ে ভবাৰ দৰে একো নহ’ব এইবাৰ বৰপেটাত। আনহাতে কিৰেন ৰিজিজুৱে সংবাদ মেলত কোৱা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, হাজং- চাকমাক অৰুনাচলত ৰাখিব নোৱাৰে কিন্তু অসমত কেনেকৈ পাৰিব? গৃহমন্ত্ৰী মুখ্যমন্ত্ৰীৰ সৈতে ৰিজিজুয়ে কোৱা কথাৰ প্ৰতিক্ৰিয়া সকলোৱে এক মুখে প্ৰকাশ কৰিব লাগে। কিবা পেকেজ লৈ হ’লেও হিমন্তই অৰুনাচলৰ হাজং- চাকমা সংস্থাপন কৰিব। ইমান ডাঙৰ বিষয় এটাত বহু বল্কি মুখ্যমন্ত্ৰী নিমাত কিয় ? যি কোনো পৰিস্থিতিত কা আইন বাতিলৰ দাবী সংগঠনটোৰ ৷ নিৰ্বাচনক লৈ চৰকাৰে মূল্য বৃদ্ধি কিছু কমাইছে। নিৰ্বাচনৰ পাছত যে মূল্য বৃদ্ধিয়ে ভয়াভহ ৰূপ লব ই খাটাং। গতিকে ৰাইজ সজাগ হবৰ হ’ল। বৰ্তমান বিশেষকৈ নিৰ্মাণ কাৰ্য্যৰ সামগ্ৰীৰ আৰু ঔষধ পাতিৰ দাম যি হাৰত বাঢ়িছে ! মধ্যবিত্ত শ্ৰেণীৰ লোক নিগমে মৰাটো নিশ্চিত৷