চি পি আই(এম), চিপি আই, চি পি আই (এম-এল)ৰ পেহেলগামৰ ঘটনা সন্দৰ্ভত প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী ক্লাব ৰটাৰি পইণ্টত জম্মু কাশ্মীৰৰ পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে বৰ্বৰ ভাবে হত্যাকাণ্ড কৰাৰ বিৰুদ্ধে বাওঁপন্থী তিনিওটা দলে শৈলীত বাবে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে নিহত ২৮ গৰাকী লোকৰ পৰিয়াল বৰ্গলৈ সহমৰ্মিতা প্ৰকাশ কৰে। তেওঁলোকে হাতে হাতে দলীয় পতাকা, বেনাৰ প্লে কাৰ্ড আদি লৈ বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰে। সন্ত্ৰাসবাদ নিপাত যাওক, সন্ত্ৰাসৰ বিৰুদ্ধে হিন্দু মুছলিম এক হওক, মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক মন্তব্য কৰা বন্ধ কৰক ইত্যাদি শ্লোগান দিয়ে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বিধায়ক মনোৰঞ্জন তালুকদাৰে কয়, পেহেলগামত ঘটনা সংঘটিত হোৱাৰ ১ ঘণ্টা পিছতো কিয় পুলিচ প্ৰশাসনৰ কোনো লোকে তাত গৈ উপস্থিত হ’ব নোৱাৰিলে? ইয়াৰ উচিত তদন্ত হ’ব লাগে। আৰু ভৱিষ্যতে যাতে এনে ঘটনা হ’বলৈ নাপায় চৰকাৰে ইয়াৰ সঠিক ব্যবস্থা ল’ব লাগে বুলি মন্তব্য কৰে। প্ৰতিবাদকাৰী সকলে শ্লোগান দি কিছু দূৰ আগবাঢ়ি যাব বিচাৰত কৰ্তব্যৰত আৰক্ষীৰ লগত বিধায়ক মনোৰঞ্জন তালুকদাৰৰ লগতে প্ৰতিবাদ কাৰীৰ লগত কিছু বাক বিতন্দাৰ সৃষ্টি হয়। আজিৰ কাৰ্যসূচীত চি পি আই এমৰ ইছফাকুৰ ৰহমান, অজিৎ দাস, চি পি আই(এম এল) ৰ বিবেক দাস, চি পি আই (এম) ৰ পৰিমল সেন, সতঞ্জিত দাস, তপন শৰ্মা, ভবেন কলিতা, বীৰেন শৰ্মা, গৰ্গৰাম তালুকদাৰ, মছদ্দৰ হুছেইন, অসমী গগৈ, নিয়তি বৰ্মন, ইয়াছমীনা বেগম, জিনা ৰাজকুমাৰী, কুলেশ শৰ্মা, আকবৰ আলি হুছেইনকে আদি কৰি প্ৰায় ৭০ গৰাকী পুৰুষ মহিলা কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে৷