চি.এ.পি.এফ., অসম ৰাইফলছৰ চাকৰিত ‘অগ্নিবীৰ’সকলে অগ্ৰাধিকাৰ পাব: গৃহ মন্ত্ৰালয়

চি.এ.পি.এফ., অসম ৰাইফলছৰ চাকৰিত ‘অগ্নিবীৰ’সকলে অগ্ৰাধিকাৰ পাব: গৃহ মন্ত্ৰালয়

ৰঙিলী বাৰ্ত্তাসেৱা- ‘অগ্নিপথ’ আঁচনিৰ অধীনত সামৰিক বাহিনীত চাৰি বছৰৰ সেৱা সম্পূৰ্ণ কৰা ‘অগ্নিবীৰ’সকলক কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ) আৰু অসম ৰাইফলছত নিযুক্তিৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ’ব, গৃহ মন্ত্ৰালয়ে কয়। এই পদক্ষেপে আঁচনিখনৰ অধীনত প্ৰশিক্ষণ প্ৰাপ্ত যুৱক-যুৱতীসকলক দেশৰ সেৱা আৰু নিৰাপত্তাত অধিক অৰিহণা যোগোৱাত সহায় কৰিব, মন্ত্ৰালয়ে লগতে কয়।