চি আই ডি কার্যালয়ত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী
ৰঙিলী বাৰ্ত্তাসেৱা- আজি চি আই ডি কাৰ্যালয়ত উপস্থিত হয় বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰী। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্ত চলাই থকা এছ আই টিয়ে সোমবাৰে ফোনযোগে বিশিষ্ট সাহিত্যিকগৰাকীক তলব কৰিছিল। সেই অনুসৰি আজি প্রায় ১১ বজাত চি আই ডি কার্যালয়ত হাজিৰ হয় বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰী। চি আই ডি কার্যালয়ত হাজিৰ হোৱাৰ পাছত বিশিষ্ট সাহিত্যিক ড০ ৰীতা চৌধুৰীৰ সাক্ষ্য গ্রহণ কৰে এছ আই টিয়ে। এছ আই টিক সাক্ষ্যদানৰ অন্তত বিশিষ্ট সাহিত্যিকগৰাকীয়ে চি আই ডি কাৰ্যালয়ৰ পৰা ওলাই আহি সাংবাদিকৰ আগত কয়- মূলত: ছিংগাপুৰলৈ যোৱাৰ পূৰ্বে প্ৰাণৰ শিল্পীগৰাকীৰে হোৱা পডকাষ্টটোক লৈয়ে কথা-বতৰা হয় এছ আই টিৰ সৈতে। মই কি ভাবো বা মই কি Anlysis কৰোঁ তাক লৈয়ে কথা-বতৰা হৈছে। তদুপৰি সাংবাদিকৰ আন এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়- ছিংগাপুৰ যাব বুলি গম পালে মই নিশ্চয়কৈ ক’লোঁহেতেন যে জুবিন যোৱাটো উচিত নহয়। তেওঁক আচলতে যাবই দিব নালাগিছিল বুলি মই ভাবোঁ। কাৰণ যিখিনি সময় মই তেওঁক পাইছোঁ বহুত সুস্থ যেন লগা নাছিল।তাৰ গাত জ্বৰ আছিল ৷ সাক্ষাৎকাৰৰ শেষত যেতিয়া মোক আঁকোৱালি হৈছিল, তেতিয়া সি কঁপিছিল ৷ ৰীতা চৌধুৰীয়ে লগতে কয়, ‘‘মই যেতিয়া সাক্ষাৎকাৰ লৈছিলো, জুবিন গাৰ্গৰ তাত হতাশা দেখা নাছিলো । জুবিন খুব উৎসাহেৰে ৰৈ ৰৈ বিনালে চিনেমাৰ কথা কৈছিলে । মোক ঘৰলৈ লৈ যাম কৈছিল, ষ্টুডিঅ’ যাবলৈ কৈছিল, চিনেমাখন চাবলৈ আহিব কৈছিল । মোক চিনেমাত অভিনয় কৰিব দিম বুলি কৈছিল । জুবিনে মোক কৈছিল চিনেমাৰ বহুত ডাঙৰ নিচা । এবাৰ সোমালে ওলাব নোৱাৰি । জুবিনে অকল গায়ক হিচাপে নহয়, বহুমুখী মানুহ হিচাপে পৰিচিত হ’ব বিচাৰিছিল । মই সাক্ষাৎকাৰটোৰ জৰিয়তে জুবিনৰ ভিতৰখন জুখি চাবলৈ চেষ্টা কৰিছিলো । জুবিনৰ জীৱন পৰিক্ৰমাটো ধৰি ৰাখিবলৈ চেষ্টা কৰিছিলো । সাক্ষাৎকাৰটোৰ শেষৰফালে জুবিনে কোৱা কেইটামান কথাই গভীৰ মানুহ এজনক প্ৰকাশ কৰিছে ।’’ উল্লেখ্য যে ৰীতা চৌধুৰীৰে হোৱা উক্ত পডকাষ্টত জুবিন গাৰ্গে উল্লেখ কৰা বহু কথাৰ দ্বাৰা জুবিনক নতুন ৰূপত বিচাৰি পাইছিল অসমবাসীয়ে। যথেষ্ট চর্চাও হৈছিল উক্ত পডকাষ্টটোৰ। পডকাষ্টটোৰ দ্বাৰা জুবিন গাৰ্গ সন্দৰ্ভত বহু কথাৰ ইংগিত পাইছিল জুবিন অনুৰাগীয়ে। সাক্ষাৎকাৰৰ পূৰ্বে অফ কেমেৰাও হিয়াৰ আমঠু জুবিনৰ সৈতে বহু কথা পাতিছিল ৰীতা চৌধুৰীয়ে। এই সকলোবোৰক লৈয়ে এছ আই টিয়ে আজি সাক্ষ্য গ্রহণ কৰে বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ।
