চি আই টি ইউ(অসম)ৰ প্ৰতিবাদ

চি আই টি ইউ(অসম)ৰ প্ৰতিবাদ
শ্ৰম আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ উলুবাৰীস্হিত মহাকাল শিৱ মন্দিৰ প্ৰাংগনত চিটুৰ কামৰূপ মহানগৰ জিলা কমিটীৰ উদ্যোগত শ্ৰম কোড বাতিল নুন্যতম মজুৰি আদায়, আঁচনিভুক্ত কৰ্মচাৰীক মাননিৰ সলনি মজুৰি দিয়া আদিৰ দাবীত সমবেত হৈ ধৰ্না প্ৰতিবাদ কৰি শ্ৰম আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়। হাতে হাতে প্লে কাৰ্ড, পোষ্টাৰ আদি লৈ চৰকাৰ বিৰোধী শ্লোগান দি শ্ৰমিক সকলৰ ৫ টা দাবী পুৰণৰ অৰ্থে বিভাগীয় কৰ্তৃপক্ষ , শ্ৰমমন্ত্ৰী তথা চৰকাৰলৈ শীঘ্ৰেই সমাধান কৰাৰ দাবী জনায়। ৫ টা দাবী সম্বলিত স্মাৰক পত্ৰ শ্ৰমমন্ত্ৰীৰ অসম চৰকাৰলৈ বুলি শ্ৰম আয়ুক্তৰ জৰিয়তে স্মাৰক পত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ খন শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ শ্ৰম বিষয়া নিৰুপম দত্তই গ্ৰহণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা, কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক আলী আকবৰ, সভাপতি বিশ্বনাথ বিস্বাস, সদৌ অসম অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সম্পাদিকা ইন্ডিৰা নেৱাৰ, সভানেত্ৰী জয়মতী দাস, চি আই টি ইউৰ জ্যেষ্ঠ কৰ্মী, মুকুত মনি দাস , অমুল্য হালৈ , বিজন দাস, বীৰেন শৰ্মা,কামৰূপ মহানগৰ কমিটীৰ নিৰ্মাণ শ্ৰমিক সন্থাৰ সম্পাদক ৰনিধৰ কলিতা প্ৰমুখ্য প্ৰায় ১২০ জন প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে। উল্লেখ থাকে যে ৫ টা দাবী যদিহে বিভাগীয় কৰ্তৃপক্ষ ও চৰকাৰে শীঘ্ৰে কোনো সঠিক পদক্ষেপ গ্ৰহণ নকৰে তেন্তে শ্ৰম আয়ুক্তৰ কোনো কাম নাই, কৰ্মচাৰী সকলক আন বিভাগলৈ বদলি হ’বলৈ আহ্বান জনায়। প্ৰয়োজন সাপেক্ষে শ্ৰম আয়ুক্তৰ কাৰ্য্যালয়ত তলা ওলোমাই জংগী আন্দোলন কৰিবলৈ কুন্ঠাবোধ নকৰে বুলি চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই ঘোষণা কৰে৷