চিৰ চিনাকি সেই মুখ খন
পৰিশ্ৰমৰ চাপত মুখত বয়সৰ ছাপ
বয়স সিমান এটা বেছি হোৱা নাই যদিও
বয়সীয়াল যেনেই লাগে দেখিলে
উঠৰ কোণত জিলিকি উজলি থকা
সেই চিৰ চিনাকি মতি জিলিকা হাঁহি
কেৱল চাই থাকিবৰে মন যায় …..
অলপতে কোমল দেহ কোমল মনটো
পূৰঠ কৰি নিপুণ সংসাৰী জনী হৈ উঠি
সমস্ত দায়িত্ব কৰ্তব্য নিজৰ ভৰত তুলি
পাৰ্গত মানু্হ জনী হৈ জীয়াই যদিও
নিজৰ মনৰ সপোন নিজৰ আশাখিনি
কাৰো তাত ব্যক্ত নকৰে কাহানিও….
নৱ বধুৰ ৰূপ এৰি কিছুদিনৰ পিছতে
মতৃত্বৰ গুণ লাভ কৰি নিজক উৎসৰ্গা কৰে
সন্তানৰ নামত এই মায়াময় সংসাৰত
নিজৰ ভোক পিয়াহ পাহৰি নতুন সত্তাৰ
যতনত মগন থাকে গোটেই দিন ৰাতি
যেন টোপনিও নাই তাইৰ চকু হালত….
এই জনীয়েই আমাৰ মৰমৰ মা, আম্মা
প্ৰাণৰ এটি মূল্যৱান টুকুৰা যি অমূল্য
যি অতুলনীয় ব্যক্তিত্বৰ অধিকাৰী
মৰমৰ এটা পৱিত্ৰ বাগিছা
কেৱল মৰমৰ সুবাস বিলাই থাকে
মৰমৰ এনাজৰীৰে বান্ধি ৰাখে আজীৱন….