চিৰিয়াখানাৰ সন্মুখত অজাপৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ চিৰিয়াখানাৰ জন্তু প্ৰচলিত আইন তথা বিধি উলংঘা কৰি আম্বাৰনী গ্ৰুপৰ ব্যক্তিগত চিৰিয়াখানালৈ প্ৰেৰণৰ প্ৰতিবাদত আজি অসম জাতীয় পৰিষদে ৰাজ্যিক চিৰিয়াখানাৰ সন্মুখভাগ উত্তাল কৰি তোলে৷ হাতে বাতে বেনাৰ আৰু দলীয় পতাকা লৈ সমবেত হোৱা শতাধিক জাতীয় সেৱকে চিৰিয়াখানা বন্ধ কৰাৰ চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰে৷ দলৰ কেন্দ্ৰীয় সমিতিৰ নেতা গিৰীন তালুকদাৰ, প্ৰিন্স ফাইজুল হক, অমৃত খাটনীয়াৰ, কামৰূপ মহানগৰ সমিতিৰ সভাপতি দীপক দেৱচৌধুৰী, সম্পাদক ৰূপ কুমাৰ দাস, প্ৰণৱ ডেকা আৰু আছিফ আহমেদ, মহিলা শক্তিৰ মহানগৰ সমিতিৰ সভানেত্ৰী বুলুমণি গগৈ প্ৰমুখ্যে শতাধিক কৰ্মীয়ে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়৷ প্ৰতিবাদী দলটোৰ সৈতে এটা সময়ত আৰক্ষীৰ ঠেলা-হেঁচাৰো সৃষ্টি হয়৷ কিছু সময় দলটোৱে তাত শ্লোগান দিয়াৰ পিছত আৰক্ষীয়ে তেওঁলোকক আটক কৰি লৈ যায়৷