চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱসৰী শিক্ষক – কৰ্মচাৰীৰ বিদায় সভা সম্পন্ন

চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱসৰী শিক্ষক – কৰ্মচাৰীৰ বিদায় সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- উজনি মাজুলীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত  অনুষ্ঠিত হয় এখন বিদায় সম্বৰ্ধনা সভা । সভাখনি সভাপতিত্ব কৰে অধ্যক্ষ পদুম কুমাৰ মহন্তই । বিদ্যালয় কৰ্তৃপক্ষ , শিক্ষক গোট, পৰিচালনা  সমিতি ,ছাত্র ছাত্ৰী সকলৰ উপস্থিত স্থানীয় গণ্য মান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত সভাখনিত  অৱসৰী  শিক্ষক অৰুণ মিলি আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুতিৰাম বৰাক মঞ্চৰ আসনত উপবিষ্ট কৰোৱাৰ পাছত ফুলাম গামোচা ,চেলেং, গ্ৰন্থ ,দৌল শৰাই আদিৰে বিপুল ভাবে সম্বৰ্ধনা জ্ঞাপন কৰে । সভাত শিক্ষক অৰুণ মিলি আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুতিৰাম  বৰাই সুদীৰ্ঘ চাকৰিৰ  জীৱন কালৰ কৰ্মময়  মধুৰ স্মৃতি ৰোমন্থন কৰে কিছু আবেগিক হৈ পৰে । দুয়োজন ব্যক্তিৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান সন্দৰ্ভত  বিস্তৃতভাবে কেইবাগৰাকী বক্তাই বক্তব্য ৰাখি তেখেত সকলৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন কামনা কৰে । ইয়াৰ উপৰিও অঞ্চলটোৰ বহু কেইজন প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে  তেওঁলোকে বিদ্যালয় খনিত  দুয়োগৰাকী ব্যক্তিক লগ পোৱা সময়ৰ কথা কৈ উল্লেখ কৰি নিজৰ নিজৰ ব্যক্তব্য ৰাখে ।