চিৰাম ইনষ্টিটিউটে ছেপ্টেম্বৰৰ পৰা প্ৰস্তুত কৰিব স্পুটনিক-ভি

pc Mint

অনলাইন বাৰ্ত্তাসেৱা – ‘ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ড’ (আৰ.ডি.আই.এফ.) আৰু ‘চিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়া’ই স্পুটনিক-ভি কোভিড-১৯ ভেকছিনৰ উৎপাদন ছেপ্টেম্বৰত এছ.আই.আই.ত আৰম্ভ হ’ব বুলি ঘোষণা কৰে। “দলবোৰে প্ৰতি বছৰে ভেকছিনটোৰ ৩০০ নিযুত (৩০ কোটি)তকৈ অধিক পালি প্ৰস্তুত কৰিব বিচাৰে,” আৰ.ডি.আই.এফে. কয়। এছ.আই.আই.-য়ে ইতিমধ্যে ৰাছিয়াৰ গামালিয়া কেন্দ্ৰৰ পৰা কোষ আৰু ভেক্টৰৰ নমুনা প্ৰাপ্ত কৰিছে বুলি লগতে উল্লেখ কৰে।

(UD.)