চিৰাঙৰ বিজনীত কাৰ্যকর্তা সন্মিলনত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- চিৰাং জিলাৰ বিজনী চহৰৰ বিজনী জিলা ক্রীড়া সন্থাৰ খেলপথাৰত বিজেপিৰ কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দুর্গাপূজাৰ পূৰ্বে বিটিআৰৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিটিআৰত নতুন চৰকাৰ গঠন হ’ব। দুর্গাপূজাৰ পাছত মার্চ-এপ্ৰিলত দিছপুৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব। বিটিআৰৰ কাৰ্যকৰ্তাসকলে জিৰণি লাভ নকৰিব। কাৰ্যকৰ্তাসকল বিটিআৰৰ নিৰ্বাচনৰ পাছতে বিধানসভা নিৰ্বাচনৰ বাবে সাজু হ’ব লাগিব। ৰাজ্যখনত যোৱা ৫ বছৰ আৰু তাৰ আগতে সোণোৱালৰ ৫ বছৰ সৰ্বমুঠ ১০ বছৰ দিছপুৰত বিজেপি চৰকাৰ প্ৰতিষ্ঠিত হৈ আছে। কংগ্ৰেছৰ যেতিয়া চৰকাৰ আছিল তেতিয়া বিটিআৰত প্ৰতিটো দিনেই গুলী, বন্দুক, ধর্ণা, ধর্মঘট, গোষ্ঠীগত সংঘর্ষ আৰু সাম্প্রদায়িক সংঘর্ষ হৈছিল। যোৱা ১০ বছৰত বিশেষকৈ বড়ো শান্তি চুক্তিৰ পাছত বিটিআৰৰ ৰাইজে শান্তিত বাস কৰিব পাৰিছে। বিগত ৪ বছৰ ৫ মাহ মই মুখ্যমন্ত্ৰীৰ দায়িত্বত আছোঁ। আজিলৈকে মোৰ কাৰ্যকালত বিটিআৰত এটাও বিস্ফোৰণ হোৱা নাই, এটাও গুলীৰ শব্দ শুনা নাই। সাম্প্রদায়িক বা গোষ্ঠীগত সংঘর্ষও হোৱা নাই। কংগ্ৰেছৰ দিনত কোকৰাঝাৰ আৰু ওদালগুৰিত কিধৰণৰ সাম্প্রদায়িক সংঘর্ষ হৈছিল। কংগ্ৰেছৰ দিনত আপোনালোকৰ মনত আছে কিদৰে ভয়ত দিন কটাইছিল। কোনো এটা অনুষ্ঠান তথা সভা-সমিতিলৈ মনৰ আনন্দৰে আমি ওলাই যাব পৰা নাছিলোঁ। আজি আমাৰ কার্যকালত সকলো ৰাজনৈতিক দল বিটিআৰলৈ আহিছে। সকলোৱে নিজৰ সংগঠন কৰিছে। সকলো ধৰ্মৰ লোক নিৰাপদে আছে। সকলো ভাষা-ভাষীৰ লোক আজি সমন্বয়ৰ মাজেৰে বাস কৰিছে। যোৱা ৫টা বছৰত আমি শান্তি আনিবলৈ সক্ষম হ’লোঁ। কিন্তু শান্তি আমাক কিয় লাগে, শান্তি আমাক এইকাৰণে লাগে যাতে আমাৰ অঞ্চলটোৰ বিকাশ আৰু প্ৰগতি হয়। য’ত সকলো শ্ৰেণীৰ লোকে একেলগে বিকাশৰ সুযোগ-সুবিধা লাভ কৰিব পাৰে। বিটিআৰত সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে জীয়াই থাকিব পাৰে, সেয়াই তেওঁ বিচাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইবুলিও কয়- মই এনে এখন বিটিআৰৰ সপোন দেখোঁ, য’ত কোনো জনগোষ্ঠীৰ লোক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ’ব নোৱাৰে। সকলোৱে যাতে প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব পাৰে। তেনে এখন বিটিআৰ স্থাপন কৰিব বিচাৰোঁ। সেয়েহে সুৰক্ষিত, বিকশিত আৰু সকলোকে ন্যায় প্রদান কৰিব পৰা এখন বিটিআৰ নিৰ্মাণ কৰাৰ বাবে এইবাৰ বিজেপি দলে বিটিআৰত নিৰ্বাচন খেলিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। আমি কাৰো বিৰুদ্ধে নহয়। বিজেপিৰ এটাই দায়িত্ব যাতে বিটিআৰত বিজেপিয়ে নির্বাচনত জিকি সকলো শ্ৰেণীৰ নাগৰিকক সুৰক্ষা আৰু বিকাশ দিব পাৰে। আনহাতে ভাষণ প্রসংগত তেওঁ চৰকাৰৰ অভিলাষী আঁচনি যেনে- অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম, মহিলা উদ্যমিতা, ৰেচন কাৰ্ডৰ সুবিধা আদিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰে। ইয়াৰ বাবে জিলা আয়ুক্তক ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়া হৈছে বুলিও তেওঁ উপস্থিত ৰাইজক সদৰী কৰে। আনহাতে কংগ্রেছক তীব্র সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছে বিটিআৰক একো নিদিলে। কেইদিনমান আগতে কংগ্ৰেছৰ সভাপতিয়ে ইয়ালৈ আহি কৈছিল যে কংগ্ৰেছৰ দিনত আমি বিটিআৰত নাহিছিলোঁ আৰু বিটিআৰক স্বাধীনতা দিছিলোঁ। তেওঁ কৈছিল যে দিছপুৰত আমি আছিলোঁ আৰু কোকৰাঝাৰত আমি হাগ্রামা মহিলাৰীক থাকিবলৈ দিছিলোঁ। কিন্তু তেনেকৈ এতিয়া আৰু নহ’ব। অসমৰ মুখ্যমন্ত্রী বিটিআৰৰো মুখ্যমন্ত্রী। অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে বিটিআৰলৈও তেওঁ আহে আৰু বিটিআৰৰ মানুহকো নিৰাপত্তা দিয়ে। আমি বিটিআৰৰ দুখীয়া-দৰিদ্ৰ লোকসকলক সহায় কৰিব লাগে। সেয়াই হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। বিটিআৰত সকলো নাগৰিকে সমান অধিকাৰ পাব লাগে, সকলো নাগৰিকে বিটিআৰৰ বাসিন্দা বুলি কৈ গৌৰৱ অনুভৱ কৰিব লাগিব। অহা ৫ বছৰত আমি বিকাশ আনিম, প্রগতি আনিম। সকলো নাগৰিকৰ বাবে সমান অধিকাৰ আনিম। আনহাতে এইবাৰৰ নিৰ্বাচনত জিকিবৰ বাবে বিজেপি অৱতীৰ্ণ হ’ব বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে আমি নিজৰ কাৰণে নিজিকো। ৰাইজৰ বাবে জিকিম। যাতে বিটিআৰৰ ৰাইজ অসমৰ আন অঞ্চলৰ দৰে উন্নতিৰ পথেৰে আগবাঢ়িব পাৰে। সুৰক্ষিত আৰু শান্তি অনুভৱ কৰিব পাৰে। বিজেপিয়ে বিটিআৰৰ ৰাইজৰ কাৰণে নিৰ্বাচন খেলিব। দিল্লীত বিজেপি চৰকাৰ, দিছপুৰত বিজেপি চৰকাৰ আৰু বিটিআৰতো বিজেপি চৰকাৰ। অৰ্থাৎ ত্রিপল ইঞ্জিনৰ চৰকাৰ লাগে। আমি সকলোৱে লগ লাগি এনে এখন বিটিআৰ নিৰ্মাণ কৰিম, য’ত সকলো ৰাইজে আনন্দ, সন্তুষ্টি লাভ কৰিব পাৰে। তেওঁ ভাষণ প্ৰসংগতে প্রার্থিত্বৰ বাবে কাজিয়া-পেচাল নকৰিবলৈও আহ্বান জনায়। এই সভাখনত চিৰাং জিলা বিজেপি সভাপতি ৰতন চন্দ্ৰ ৰায়, বিধায়ক অজয় কুমাৰ ৰায়, মন্ত্রী কৌশিক ৰায়, বিধায়ক হেমাংগ ঠাকুৰীয়া, ৰামকৃষ্ণ ঘোষ উপস্থিত থাকে।