চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন সফল সম্পন্ন

চিৰাঙৰ ঢালিগাঁৱত অসম সাহিত্য সভাৰ দ্বিতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন সফল সম্পন্ন
আমাৰ মনবোৰ পোহৰৰ দিশে ধাৱমান হ’ব লাগিব : ড০ বসন্ত কুমাৰ গোস্বামী
অসম সাহিত্য সভা বাৰ্তা আৰু চিৰাংজ্যোতি উন্মোচন
অক্টোবৰত তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশন অনুষ্ঠিত হ’ব বৰাক উপত্যকাৰ শিলচৰত
মহেন্দ্ৰ কুমাৰ নাথলৈ শ্ৰেষ্ঠ সাহিত্য সংগঠকৰ সন্মান

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ ২০২৫-২৭ কাৰ্যবৰ্ষৰ দ্বিতীয় পূর্ণাংগ কার্যনির্বাহক অধিৱেশনখন ৬ জুলাই তাৰিখ দেওবাৰে বঙাইগাঁও শোধনাগাৰৰ চৌহদ, চিৰাঙৰ ঢালিগাঁৱত দিনজোৰা কাৰ্যসূচীৰে বৰ্ণাঢ্য ৰূপত অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনৰ আঁত ধৰি উদ্দেশ্য ব্যাখ্যা কৰে সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই। চিৰাং জিলাৰ অন্তর্গত বঙাইগাঁও শোধনাগাৰ বিনোদন কেন্দ্রত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ কার্যনির্বাহক সভাখনত চিৰাং জিলাৰ আয়ুক্ত যতীন বৰা, বঙাইগাঁও শোধনাগাৰৰ প্ৰৱন্ধক, অসম সাহিত্য সভাৰ উপসভাপতি পদুম ৰাজখোৱা, ধনভঁৰালী মণিৰাম লাহন, কৰ্ণধাৰ সমিতিৰ সদস্য ক্ৰমে ড০ অনিল শইকীয়া, ড° মাধুৰ্য পণ্ডিত বৰুৱা, কন্দৰ্প শৰ্মা, ধীৰেন শৰ্মা, ড° হিতেশ ডেকা, আদিত্য গোস্বামী প্ৰমুখ্যে জিলা প্ৰতিনিধি, আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক-সাংগঠনিক সম্পাদক, কাৰ্যকৰী সভাপতি-আহ্বায়ক, বিষয়ববীয়াসকলৰ লগতে অসমৰ বহু সংখ্যক জিলাৰ সভাপতি, উপসভাপতি, সম্পাদকসকলৰ লগতে তিনি শতাধিক সদস্য-সদস্যাই অংশগ্রহণ কৰে। অসম সাহিত্য সভা প্ৰধান সম্পাদক দেৱজিৎ বৰা আৰু প্ৰচাৰ আহ্বায়ক শংকুসিদ্ধ নাথৰ সম্পাদনাত “ অসম সাহিত্য সভা বাৰ্তা“ উন্মোচন কৰে সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে। স্মৃতি গ্ৰন্থ ‘চিৰাং জ্যোতি’ৰ লগতে বহুকেইখন গ্ৰন্থ উন্মোচন কৰা সভাখনত ২৫০ জন আজীৱন সভ্যৰ অন্তৰ্ভুক্তিৰে শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰে কেন্দ্ৰীয় প্ৰচাৰ সমিতিৰ কাৰ্যকৰী সভাপতি মহেন্দ্ৰ কুমাৰ নাথ আৰু ১৪৭ জন আজীৱন সভ্য অন্তৰ্ভুক্তিৰে দ্বিতীয় শ্ৰেষ্ঠ সংগঠকৰ বঁটা লাভ কৰে ওদালগুৰি জিলা সাহিত্য সভাৰ জিলা প্ৰতিনিধি নিৰ্মল নাথে। অসম সাহিত্য সভাৰ এইবাৰৰ শ্ৰেষ্ঠ উপসমিতিৰ সন্মান লাভ কৰে ‘আকাশ’ উপসমিতিয়ে। উল্লেখ্য যে, উক্ত কাৰ্যনিৰ্বাহক অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই অনুসৰি প্ৰথমে ভাৰতীয় সংবিধানৰ অধীনত তালিকাভুক্ত তিৱা, মিচিং, বড়ো, দেউৰী, সোণোৱাল, কছাৰী, ৰাভা আদি জনগোষ্ঠীয়ে সুৰক্ষিত অনুভৱ কৰা নাই। তেনেকৈ তালিকা বহির্ভূত কোঁচ, মৰাণ, মটক, চুতীয়া, টাই আহোম আদিসকলেও ভাৰতীয় সংবিধানৰ অধীনত তালিকাভুক্ত হোৱাটো বিচাৰে। অসমৰ সকলো থলুৱা জনগোষ্ঠীয়ে আজি নিজকে সুৰক্ষিত বুলি নাভাবে কিয়নো তালিকাভুক্ত হৈয়ো ত্রিপুৰাৰ জনজাতি প্রায় অস্তিত্বশূন্য হৈছে। গতিকে চৰকাৰে নেহেৰুৰ ঘোষণা কৰা ট্ৰাইবেল পঞ্চশীলৰ প্রতিও আজিৰ সভাই চৰকাৰৰ দৃষ্টি আকর্ষণ কৰি বিষয়টো সমাধান কৰি অসমৰ স্বাভিমান আৰু অসমীয়াগিৰী সংৰক্ষণৰ বাবে চৰকাৰক আহ্বান জনায়। সভাই ভাৰতৰ ন্যায় সংহিতাৰ (১৯৫০) এম আৰু ষষ্ঠ অনুসূচী অনুযায়ী জনজাতিৰ স্বকীয় বৈশিষ্ট ৰক্ষাৰ বাবে কার্যকৰী কৰিবলৈ দাবী জনায়।
দ্বিতীয় প্ৰস্তাৱত অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ বন্ধ হোৱা আৰু আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সমস্যাৰ বিষয়ে বিদ্যায়তনিক কোষ গঠন কৰি চৰকাৰৰ শিক্ষা বিভাগে গভীৰভাৱে অধ্যয়ন কৰি বিষয়টোত গুৰুত্ব দিবলৈ আজিৰ সভাই দাবী জনায়। চৰকাৰে বিষয়টোত গুৰুত্ব নিদিলে এদিন অসমত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলিও চৰকাৰক অৱগত কৰাৰ সিদ্ধান্ত লোৱা হয়। তৃতীয়তে অসমৰ কাষৰীয়া ৰাজ্যসমূহৰ লগত সৃষ্টি হোৱা সীমা-সমস্যা শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়। অসম সাহিত্য সভাই বিবদমান এলেকালৈ গৈ সাংস্কৃতিক ভাব-বিনিময় কৰিবৰ বাবে প্রস্তুত হৈছে। এই ক্ষেত্রত সভাই চনকাৰক সহযোগ কৰিবলৈ আহ্বান জনায়। চতুৰ্থতে বৰাক-ব্রহ্মপুত্রৰ মাজত থকা মান-অভিমান ইতিমধ্যে অসম সাহিত্য সভাই নিৰাময় কৰি এক সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ সক্ষম হ’ল কিন্তু বৰাক উপত্যকাৰ উন্নয়ন হোৱা নাই বুলি সভাই অনুভৱ কৰে। সেয়ে বৰাক উপত্যকাৰ সার্বিক উন্নয়নৰ বাবে আজিৰ সভাই কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায়। পঞ্চম প্ৰস্তাৱত অসমৰ জনজাতিসকলৰ নিজৰ ভাষা বা দোৱান থকা সত্ত্বেও তেওঁলোকৰ চিন্তা-চৰ্চাৰ বহিঃপ্রকাশ ঘটে অসমীয়াত। অসমীয়া ভাষাৰ বিকাশত সেইসকলৰ প্রভূত অৰিহণা সম্পর্কে সভা অৱগত। তেওঁলোকে বিদ্যালয় পর্যন্ত প্রতিষ্ঠা কৰি সমন্বয়ৰ সেতু ৰচনা কৰিছে। সেয়ে সভাই জনজাতিসকলৰ লগত ব্যৱহাৰিক জীৱনত তেওঁলোকৰ দোৱান বা ভাষা শিকিবলৈ আহ্বান জনায়। ইয়াৰ বাবে সভাই পুথি প্রস্তুত কৰা। ষষ্ঠ প্ৰস্তাৱত ড্রাগ-সেৱনৰ ফলত নতুন প্রজন্মৰ একাংশই সামাজিক বিশৃংখলা সৃষ্টি কৰাৰ উপৰি অসামাজিক কাম-কাজত লিপ্ত হোৱাত আজিৰ সভাই উদ্বেগ প্রকাশ কৰে আৰু চৰকাৰে প্রতি জিলাত ড্রাগ-নিবাৰণ কোষ গঠন কৰাৰ লগতে সমগ্র অসম জুৰি বৃহৎ প্ৰচাৰ চলাবলৈ দাবী জনায়। সভাই এইক্ষেত্রত সাংস্কৃতিক আৰু বিদ্যায়তনিক কাৰ্যসূচীৰে চৰকাৰৰ লগত সহযোগ কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে। সপ্তম প্ৰস্তাৱত অংকুৰ শ্ৰেণীৰ পৰা দশম শ্রেণীলৈকে ছাত্র-ছাত্রীৰ ভৱিষ্যত সুৰক্ষাৰ বাবে মবাইল ফোন ব্যৱহাৰত নির্দিষ্ট সময় নির্ধাৰণ কৰি আইন প্রণয়ন কৰিবলৈ চৰকাৰক আহ্বান জনায়। বৰগীত, সমৱেত সংগীতৰ মূৰ্চনাত জীপাল হোৱা সভাখনত শিলচৰৰ বিধায়ক তথা আদৰণী সমিতিৰ সাধাৰণ সম্পাদক দ্বীপায়ন চক্ৰৱৰ্তীৰ নেতৃত্বত অহা এটা সঁজাতি দ’লে অসম সাহিত্য সভাৰ তৃতীয় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক অধিৱেশনখন শিলচৰত অনুষ্ঠিত কৰিবলৈ নিমন্ত্ৰণী শৰাই আগবঢ়াই। চিৰ চেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই অভ্যর্থনা সমিতিৰ সম্পাদক ধৰ্মেশ্বৰ দাসে। জাতীয় সংগীত পৰিৱেশনেৰে সামৰণি পৰা সভাখনৰ আৰম্ভণিতে সভাপতি-প্ৰধান সম্পাদক প্ৰমুখ্যে কাৰ্যনিৰ্বাহক সদস্য সদস্যাসকলক পৰিচয় পত্ৰ, অংগ বস্ত্ৰ, জনগোষ্ঠীয় বেগ আদিৰ উদযাপন সমিতিয়ে ব্যাপক আদৰণি জনায়।।