চিৰনিদ্ৰাত সংগীতৰ ঈশ্বৰ জুবিন :গোলাঘাট নিজান, নিস্তবদ্ধ
মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গণশিল্পী তথা মুকুট বিহীন সম্ৰাট জুবিন গাৰ্গৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে গোলাঘাটত স্বতঃস্ফূৰ্ত ভাৱে ব্যৱসায়িক প্ৰতিষ্ঠান, অনুষ্ঠান বন্ধ হৈ পৰে।আজিও সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে যানবাহন চলাচলো বন্ধ থাকে।বিভিন্ন স্থানত জুবিনৰ প্ৰতিচ্ছবিত মাল্য অৰ্পণ,বন্তি প্ৰজ্বলন কৰি ৰাইজে শ্ৰদ্ধাঞ্জলি জনায়। আজি সন্ধিয়া পূব বসন্ত সমিতিৰ বিষয়ববীয়া আৰু ৰাইজ গোট খাই কছাৰীহাট বনগাঁও তিনি আলিটো বন্তি প্ৰজ্বলন কৰি শোক সভা অনুষ্ঠিত কৰে।উল্লেখ যে গোলাঘাটৰ বিদ্যালয় সমূহত অনুষ্ঠিত হোৱা ছয়মহীয়া পৰীক্ষা বাতিল কৰি পৰীক্ষা ৰ দিন সলনি কৰা হৈছে।এনে দুখজনক খবৰে যোৱা দিনটোৰ পৰা সকলো ৰাইজকে শোকৰ সাগৰত পেলাইছে।জুবিনৰ মহান আত্মাৰ সদগতি কামনা কৰি সকলোৱে প্ৰাৰ্থনা জনাইছে।