চিমেন নদীত উদ্ধাৰ নিৰুদ্দিষ্ট ডিব্ৰুগড়ৰ অজিতেশৰ মৃতদেহ

চিমেন নদীত উদ্ধাৰ নিৰুদ্দিষ্ট ডিব্ৰুগড়ৰ অজিতেশৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- তিনিদিনৰ অন্তত উদ্ধাৰ হ’ল চিমেন নদীত ১২ জুলাইত ফটো উঠিবলৈ আহি নদীৰ বুকুত সন্ধানহীন হোৱা ডিব্ৰুগড় আৰ কে স্কুলৰ ছাত্ৰ অজিতেশ হাজৰিকাৰ মৃতদেহ ।এছ ডি আৰ এফ বাহিনীয়ে  উদ্ধাৰ অভিযান চলাই থকা সময়তে ঘটনাস্থলীৰ পৰা প্ৰায় ওঠৰ কিলোমিটাৰ নিলগত চিমেন নদীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো ওপঙি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ।লগে লগে উদ্ধাৰ অভিযান চলাই থকা দুৰ্যোগ প্ৰশমন বাহিনীৰ জোৱানে অজিতেশ হাজৰিকাৰ মৃতদেহটো উদ্ধাৰ কৰে । পৰিয়ালৰ লোকৰ উপস্থিতিত আৰক্ষীয়ে অজিতেশৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ১২ জুলাইৰ বিয়লি চিমেন নদীৰ অৰুণাচল প্ৰদেশৰ অংশত ফটো উঠিবলৈ লওঁতে শিলৰ পৰা পিচলি পৰাত নদীৰ সোঁতে উটুৱাই লৈ গৈছিল অজিতেশক । তেতিয়াৰ পৰাই ৰাজ্যিক দুৰ্যোগ প্ৰশমন বাহিনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন বাহিনীৰ বৃহৎ জোৱানৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছিল ।ই সন্দৰ্ভত এক গোচৰো পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে যুৱকজন ডিব্ৰুগড়ৰ জ্ঞান বিজ্ঞান কনিষ্ঠ মহাবিদ্যালয়ৰ বাণিজ্য শাখাৰ প্ৰথম বর্ষৰ ছাত্র আছিল।