চিপ চিপ বৰষুণ- কমলেশ কাঞ্চন

Pc- skynews
চিপ চিপ বৰষুণ
চিপ চিপ বৰষুণত
তিতি তিতি ঘৰচিৰীকাই কথা পাতিছে
পূবত ৰঙা বেলিটিয়ে
শোৱাপাটি এৰি নিজৰ উপস্থিতিৰ কথা জনাইছে
ব’হাগৰ ৰঙত ৰঙীন আজি
সৰু ঘৰচিৰীকাবোৰ।
ঘৰৰ এচুকত বহি
আইতাই হাত দুখনেৰে অঙ্গী-ভঙ্গী কৰি
নাতি-নাতিনীহঁতক
সাধু কৈছে। সাধুৰ সম্ৰাট শিয়ালৰ কথাই
আমোদ দিছে কল্পনাপ্ৰৱন শিশুৰ মনক।
উঁই হাফলুৰ পৰুৱাবোৰ উৰিছে
মাকে সিহঁতক দুপাখি মেলাৰ জ্ঞান দিছে
বৰষুণত তিতি শিকিছে জীৱন সংগ্ৰামৰ আদিপাঠ॥
কমলেশ কাঞ্চন