চিপিআই(এম)ৰ ২৪ সংখ্যক মহাসন্মিলনৰ সামৰণিঃ এম এ বেবী সাধাৰণ সম্পাদক নিৰ্বাচিত
অসমৰ পৰা কেন্দ্ৰীয় কমিটীলৈ পুনৰ নিৰ্বাচিত সুপ্ৰকাশ তালুকদাৰ আৰু ইচ্ফাকুৰ ৰহমান
বিজেপিৰ কৰ্পোৰেট-সাম্প্ৰদায়িক জোঁটবন্ধন আৰু স্বৈৰতান্ত্ৰিক শাসনৰ বিৰুদ্ধে যুঁজৰ সংকল্প
ৰঙিলী বাৰ্ত্তাসেৱা- তামিলনাডুৰ মাদুৰাই চহৰত এপ্ৰিলত আৰম্ভ হোৱা চিপিআই(এম)ৰ ৰাষ্ট্ৰীয় মহাসন্মিলন বা পাৰ্টি কংগ্ৰেছৰ অনুষ্ঠিত বিশাল মুকলি সমাৱেশৰ মাজেৰে সামৰণি পৰে। মাদুৰাই চহৰৰ মষ্টানপত্তিৰ এন শংকৰায়া স্মাৰক ফিল্ডত অনুষ্ঠিত সমাৱেশত কেইবা লক্ষাধিক লোকে অংশগ্ৰহণ কৰে। আজি পুৱাৰে পৰা সমগ্ৰ চহৰখন লোকাৰণ্যত পৰিণত হয়। হাতত ৰক্ত পতাকা, বেনাৰ-ফেষ্টুন আদি লৈ শ্লোগান মুখৰিত হেজাৰ হেজাৰ লোকে বিভিন্ন দিশৰ পৰা সমদল কৰি আহি সমাৱেশত যোগদান কৰে। ৰঙা ৰঙৰ পতাকা, মাৰ্ক্স-লেনিনৰ ফটো, বিভিন্ন ধৰণৰ বিপ্লৱী বাৰ্তা বহন কৰা অংকন আদিৰে সুসজ্জিত আৰু স্বেচ্ছাসেৱক বাহিনীৰ সুশৃংখল সমদলেৰে সমগ্ৰ চহৰখনক ৰঙীন, প্ৰাণৱন্ত আৰু উৎসৱমুখৰ কৰি তোলে। মুকলি সমাৱেশত কেৰালাৰ মুখ্যমন্ত্ৰী পিনৰাই বিজয়ন, প্ৰকাশ কাৰাট, বৃন্দা কাৰাট, জি ৰামকৃষ্ণন আদি নেতৃবৃন্দই ভাষণ দিয়ে। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ জঘন্য সাম্প্ৰদায়িকতা আৰু কৰ্পোৰেট প্ৰীতি, স্বৈৰতান্ত্ৰিক শাসনক বক্তা সকলে কঠোৰ ভাষাৰে নিন্দা কৰে আৰু দেশৰ জনগণক বিজেপিৰ কুশাসনৰ পৰা মুক্ত কৰিবলৈ ঐক্যবদ্ধ সংগ্ৰাম গঢ়ি তোলাৰ আহ্বান জনায়। উল্লেখ্য এপ্ৰিলত মাদুৰাই চহৰত চিপিআই(এম)ৰ ২৪ সংখ্যক পাৰ্টি কংগ্ৰেছ আৰম্ভ হয়। দেশৰ বিভিন্ন ৰাজ্যৰ ৭২৯ গৰাকী নিৰ্বাচিত প্ৰতিনিধি আৰু ৭৯ গৰাকী দৰ্শক প্ৰতিনিধিয়ে পাৰ্টি কংগ্ৰেছত অংশগ্ৰহণ কৰে। অসমৰ পৰা ১৬ গৰাকী প্ৰতিনিধি আৰু ২(দুই) গৰাকী দৰ্শক প্ৰতিনিধিৰ উপৰি কেন্দ্ৰীয় কমিটীৰ সদস্য ইচ্ফাকুৰ ৰহমানে ২৪ সংখ্যক পাৰ্টি কংগ্ৰেছত প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যৰ আন গৰাকী কেন্দ্ৰীয় কমিটীৰ সদস্য তথা পাৰ্টিৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক সুপ্ৰকাশ তালুকদাৰ অসুস্থতাৰ বাবে সন্মিলনত উপস্থিত থাকিব পৰা নাছিল। আনহাতে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা এইবাৰ পাৰ্টি কংগ্ৰেছলৈ বিশেষভাৱে আমন্ত্ৰণ কৰা ৬ (ছয়)জন বিশিষ্ট অতিথিৰ ভিতৰত অসমৰ পৰা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় কমিটিৰ প্ৰাক্তন সদস্য, প্ৰাক্তন সাংসদ আৰু বিধায়ক উদ্ধৱ বৰ্মনো মহাসন্মিলনত উপস্থিত থাকে। মহাসন্মিলনে অহা তিনি বছৰৰ বাবে সৰ্বসন্মতভাৱে পাৰ্টিৰ ৰাজনৈতিক-কৌশলগত লাইন নিৰ্ধাৰণ কৰাৰ উপৰি ৰাজনৈতিক-সাংগঠনিক প্ৰস্তাৱ গ্ৰহণ কৰে। মাদুৰাই কংগ্ৰেছত গৃহীত ৰাজনৈতিক প্ৰস্তাৱটোত বৰ্তমানৰ আৰএছএছ নিয়ন্ত্ৰিত বিজেপি-নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে কৰ্পোৰেট আৰু ‘হিন্দুত্ব সাম্প্ৰদায়িকতা’ৰ মাজৰ জোঁটবন্ধনক প্ৰতিনিধিত্ব কৰা বুলি উল্লেখ কৰা হয়। সেয়ে বৰ্তমান পৰিস্থিতিত সর্বনশীয়া নব্য উদাৰ আৰ্থিক নীতি আৰু সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে যুঁজখনক তীব্ৰতৰ কৰাত গুৰুত্ব প্ৰদান কৰা হয়। আৰএছএছৰ ফেচিবাদী সাম্প্ৰদায়িক প্ৰকল্প ৰূপায়ণ আৰু কৰ্পোৰেট গোষ্ঠীৰ শোষণ-লুণ্ঠনৰ বাবে বিজেপি চৰকাৰে স্বৈৰতান্ত্ৰিক পথেৰে গণতন্ত্ৰ নিধন যজ্ঞ তথা ভাৰতীয় সংবিধানৰ ওপৰত ধাৰাবাহিক আক্ৰমণ চলাই আছে। মোদী চৰকাৰ তৃতীয় বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছত অধিক আক্ৰমণাত্মক হৈ চৰকাৰখনে জনগণৰ জীৱন-জীৱিকাৰ ওপৰত আক্ৰমণ তীব্ৰ কৰিছে আৰু নব্য ফেচিবাদী প্ৰৱণতাবোৰো ফুটাই তুলিছে। এই পৰিস্থিতিত চিপিআই(এম) দলে জনগণৰ দায়-দাবীবোৰৰ ভিত্তিত গণ আন্দোলন আৰু গণ সংগ্ৰাম তীব্ৰতৰ কৰি স্বাধীন শক্তি বৃদ্ধি কৰাৰ লগতে বাওঁ ঐক্য দৃঢ়তৰ কৰাৰ বাবেও নিৰলস প্ৰচেষ্টা চলাই যাব বুলি প্ৰস্তাৱত উল্লেখ কৰা হয়। সর্বোপৰি, বিজেপিক প্ৰতিহত আৰু পৰাস্ত কৰাৰ বাবে পাৰ্টিয়ে সকলো বাওঁ, গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ দল-সংগঠনৰ সৈতে বহল ঐক্য গঢ়ি তোলাৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সিদ্ধান্ত লয়। চিপিআই (এম)ৰ মহাসন্মিলনে ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰগতিশীল পথেৰে ‘নতুন ভাৰত’ নিৰ্মাণৰ সংকল্প গ্ৰহণ কৰে। চিপিআই(এম)ৰ সন্মিলনত বিভিন্ন বিষয়ৰ ওপৰত কেইবাটাও সুকীয়া সুকীয়া প্ৰস্তাৱো গৃহীত হয়। আজি সন্মিলন সমাপ্তিৰ দিনা চিপিআই(এম)ৰ ২৪ সংখ্যক পাৰ্টি কংগ্ৰেছে ৮৫ জনীয়া নতুন কেন্দ্ৰীয় কমিটী নিৰ্বাচন কৰে। অসমৰ পৰা পাৰ্টিৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ আৰু ৰাজ্যিক সম্পাদকমণ্ডলীৰ অন্যতম সদস্য ইচ্ফাকুৰ ৰহমানক পুনৰ কেন্দ্ৰীয় কমিটীৰ সদস্য হিচাপে নিৰ্বাচন কৰা হয়। নৱ-নিৰ্বাচিত সদস্যসকলে সৰ্বসন্মতভাৱে এম এ বেবীক চিপিআই(এম)ৰ নতুন সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচন কৰাৰ উপৰি ১৮ জনীয়া নতুন পলিটব্যুৰ’ নিৰ্বাচন কৰে। ই এম এছ নাম্বুদিৰিপাদৰ পাছত বৰ্তমান ৭১ বছৰ বয়সীয়া এম এ বেবী কেৰালাৰ পৰা নিৰ্বাচিত দ্বিতীয় গৰাকী আৰু পাৰ্টিৰ ষষ্ঠ গৰাকী সাধাৰণ সম্পাদক। প্ৰগতিশীল ছাত্ৰ আন্দোলনৰ মাজেৰে ৰাজনৈতিক জীৱন আৰম্ভ কৰা এম এ বেবীয়ে ১৯৮৬চনৰ পৰা ১৯৯৮ চনলৈ ৰাজ্যসভাৰ সদস্য হিচাপে আৰু ২০০৬-১১ চনৰ কালছোৱাত কেৰেলাৰ বাওঁ-গণতান্ত্ৰিক মৰ্চা চৰকাৰৰ শিক্ষা আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী হিচাপে দক্ষতাৰে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১২ চনত তেওঁ পাৰ্টিৰ পলিটব্যুৰ’লৈ সদস্য হিচাপে নিৰ্বাচিত হয়। বেবী ৰাজনৈতিক কাম-কাজৰ লগত যুক্ত হৈ থকাৰ উপৰি এগৰাকী লেখক তথা প্ৰগতিশীল সাহিত্য-সংস্কৃতিৰ আন্দোলনৰ কৰ্মী হিচাপেও পৰিচিত৷