চিন্তাশক্তি আৰু কর্মশক্তিৰ উওৰণ – দুলুমণি দেৱী

চিন্তাশক্তি আৰু কর্মশক্তিৰ উওৰণ

দুলুমণি দেৱী,মাকুম

এটা সময় আছিল মানুহে প্রকৃতিৰ সৈতে সহৱস্থান কৰিছিল ৷ যিটো সময়ত মানুহৰ মাজত জ্ঞানৰ পৰিসৰ তেনেই সীমিত আছিল ৷আদিমতম অৱস্থাত মানুহে হাবিয়ে জংঘলে বসবাস কৰিছিল তেতিয়া চিন্তাশক্তি আৰু কর্মশক্তি দুয়োটা সক্রিয় নাছিল ৷ কিয়নো প্রকৃতিৰ পৰাই সকলোখিনি সংগ্রহ কৰিছিল ৷খাবৰ কাৰণে গছৰ ফল,পিন্ধিবৰ কাৰণে গছৰ পাত ,চাল বাকলি ইত্যাদি ৷তদুপৰি নদীৰ মাছ ,হাবিৰ জীৱজন্ত আদিও চিকাৰ কৰি যিয়ে যেনেকৈ পাৰে খায়ছিল ৷গতিকে কর্মশক্তি বিকশিত হোৱা নাছিল ,৷ ঠিক তেনেকৈ চিন্তা কৰিবলগা পৰিস্থিতিৰো উদ্ভৱ হোৱা নাছিল ৷প্রকৃতিৰ অনবদ্য অৱদানক লৈয়ে মানুহ সুখী আছিল ৷সেই অৱদান যিয়ে যেনেকৈ  পাইছিল গ্রহণ কৰিছিল ৷এতিয়া কথা হ’ল মানুহৰ মাজত চিন্তা কৰাৰ প্রৱণতা কিয় আহিল ?আৰু কেতিয়াৰ পৰা আহিল ?প্রকৃতিৰ মাজত মানুহে সুখী জীৱনেই কটাইছিল ,তথাপি মানুহে কিয় সমাজ পাতি থাকিবলৈ শিকিলে৷

মানুহৰ মাজত যেতিয়া জনসংখ্যা বৃদ্ধি পাবলৈ ধৰিলে তেতিয়া মানুহ একগোট হৈ সংগবদ্ধ হবলৈ ল’লে আৰু উন্নতধৰণে জীৱন কটোৱাৰ হাৱিয়াস গঢ়ি উঠিল৷ তদুপৰি গছৰ ফল ,হাবিৰ চিকাৰো একেদৰে নাথাকে ,মানুহৰ সংখ্যা বৃদ্ধিয়ে খাদ্যৰ নাটনিৰো  সমস্যা সৃষ্টি কৰিলে ৷চকাৰ আৱিস্কাৰে নতুন এক যুগৰ আৰম্ভণি ঘটালে ৷ মানুহে যেতিয়া এঠাইৰ পৰা আন এঠাইলৈ যাব পৰা  সুযোগ সুবিধা হ’ল তেতিয়াৰ পৰা কর্ম কৰাৰ স্পৃহা বাঢ়িল ৷লগে লগে শিক্ষা প্রসাৰ সাধন হবলৈ ধৰিলে৷

চিন্তাশক্তিৰ উওৰণ ঘটে শিক্ষাৰদ্বাৰা ৷সমাজ পাতি থকাৰ পাছৰেপৰা মানুহে লাহে লাহে উন্নত চিন্তা চর্চা কৰিবপৰা হ’ল৷ সমাজৰ পাছত এখন ৰাষ্ট্রৰ কথাও মানুহৰ মনলৈ আহিল৷ ঠিক তেনেকৈ উন্নত প্রযুক্তিকৌশলৰ আবিস্কাৰ হ’ল যাৰ ফলত ইখন দেশৰ লগত সিখন দেশৰ যোগাযোগ অতি সহজ হৈ পৰিল৷

আদিম অৱস্থাৰ পৰা বর্তমান সময়লৈকে যুগে যুগে যিমান  পৰিবর্তন হৈছে এই সকলোখিনি মানুহৰ চিন্তাৰ উৎকর্ষ সাধনৰ ফলতহে সম্ভৱপৰ হৈছে৷ আৰু বর্তমান বিশ্বায়নৰ যুগত সমগ্র বিশ্বখনেই এখন গাঁৱত পৰিণত হৈছে৷  বিশ্বায়নৰ যুগত নতুনত্ব প্রতিদিনেই আমাৰ চকুত পৰে৷ নতুন এক যুগৰ সুচনা হ’ল যেতিয়া কর্মশক্তি বৃদ্ধি পালে আৰু চিন্তাশক্তিৰ উওৰণ ঘটিল৷  সেয়া সম্ভৱ হ’ল আদিমতম সময়ত মানুহৰ মনত যেতিয়া নতুন চিন্তাৰ উদ্রেক হ’ল৷

যি কি নহওঁক নতুনত্ব সকলোৰে বিচাৰে৷ আদিম অৱস্থাৰ পৰা  ভিন্ন পর্যায়ৰ মাজেৰে পৰিবর্তন হৈ আহিছে বর্তমানলৈকে।