(চিন্তামণীৰ চিন্তা) – একবিংশ শতিকাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ গৰাহত আমি…..

pc-scoopwhoop

(চিন্তামণীৰ চিন্তা) –

একবিংশ শতিকাৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ গৰাহত আমি…..

মানসী মিশ্ৰ

একবিংশ শতিকাৰ নাগৰিক আমি। বিজ্ঞান আৰু প্ৰযুক্তিৰে আকাশ চুব খোজাৰ বাসনা আমাৰ। বিশ্বায়নে একাকাৰ কৰি পেলোৱা এখন আধুনিক পৃথিৱীৰ বাসিন্দা আমি। এই একৈশ শতিকাৰ বাসিন্দা সকলে গাঁৱে-ভূঞে নগৰে-চহৰে ব্যৱহাৰ কৰি আছে বিজ্ঞান আৰু প্ৰযুক্তিৰ সমন্বয়ৰে গঢ় দিয়া সকলো সা-সামগ্ৰী আৰু ইয়াৰ লগে লগে প্ৰায় সকলোৱে নিজকে আধুনিক বুলি দাবী কৰিছে। এইসকল লোকৰ অধিকাংশই পিন্ধনে উৰণে, ভাষাই, মাতে-কথাই, আচবাব-পত্ৰৰে নিজে আধুনিক মনৰ, অধুনিক ফেশ্যনৰ মানুহ বুলি দাবী কৰে যদিও এইসকল লোকে আভ্যন্তৰীন দিশ মানসিকতাৰ ফালৰ পৰা আধুনিক দৃষ্টিভংগী সম্পন্ন হৈছে জানো ? নিশ্চয় হোৱা নাই। এইখন সমাজত, আমাৰ ৰাজ্যত এতিয়াও কোবাই কোবাই মানুহ হত্যা কৰা হয়। ডাইনীৰ দৰে অন্ধবিশ্বাসত এতিয়াও মানুহক নিৰ্মম শাস্তি দিয়া হয়। এগৰাকী সুস্থ সবল মানুহক ডাইনী সন্দেহত হত্যা কৰি পেলুৱা হয়। জীয়াই থাকিলেও জীৱন্তে মৃত্যুৰ দৰেই হয়। আজিৰ একবিংশ শতিকাতো এচাম মানুহে মানুহক যিদৰে জীৱ-জন্তুৰ দৰে কোবাই কোবাই হত্যা কৰে, হয়তো জীৱ-জন্তুকো এনেদৰে হত্যা কৰিব পৰা নাযায়। একবিংশ শতিকাত বিজ্ঞান আৰু প্ৰযুক্তিৰ জয়গান গোৱা মানুহে এইখন সমাজত আজিৰ দিনতো সোপাধৰা, পিছল মানুহ আদি বিশ্বাস কৰে। খুব সঘনাই আমাৰ সমাজত একে ঘটনা হৈ থাকে। বহু ঘটনা প্ৰকাশ নোপোৱাকৈয়ে থাকি যায়। মানুহ এতিয়াও অন্ধবিশ্বাস, কু-সংস্কাৰৰ অবেষ্টনীৰ মাজত বেয়াকৈ সোমাই আছে। ছ’ছিয়েল মিডিয়াযোগে কোনো এটা উৰাবাতৰি প্ৰচাৰ হোৱাৰ লগে লগে তাৰ কোনো সত্যতা বিচাৰ কৰাৰ বাবে নিজৰ বিবেকটোক সুধি চোৱাৰ বাবে এচাম মানুহৰ সময় নহয়। আজি এই দিনতো তেনে এচাম উদণ্ড, উন্মত্ত মানুহৰ নৃশংতাৰ মাজত পোত গৈ থকা এচাম উদণ্ড মানুহৰ নৃশসতাৰ গুৱাহাটীৰে সংস্কৃতিবান, সম্ভ্ৰান্ত পৰিয়ালৰ দুজন যুৱক। বাইক, স্মাৰ্তফোন নহ’লে এখোজো দিব নোৱাৰা বহুসংখ্যক মানুহৰ মাজত একৈশ শতিকাতো কুসংস্কাৰ, ধৰ্মান্ধতাৰে ভৰা মানসিকতা দেখিলেই নিজৰ মনতে প্ৰায়ে প্ৰশ্ন জাগে যে আমি এতিয়াও আদিম যুগতে বসবাস কৰি আছোঁ নেকি ? মানুহে যে এতিয়া ব্যয়বহুল শিক্ষাদীক্ষাও লৈছে, বিজ্ঞান আৰু প্ৰযুক্তিৰ উপাদানেৰে নিজকে সমৃদ্ধও কৰিছে। যি শিক্ষাই মানুহৰ মনৰ দুৱাৰ খিৰিকি মুকলি কৰিব নোৱাৰে, অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা  নিজক মুক্ত কৰিব পৰা নাই, তেনে মানুহক আমি শিক্ষিত বুলি কম নে ? নে আধুনিক বুলিয়ে কম। এতিয়াও আমাৰ চৌপাশে ডাইনীৰ দৰে অন্ধবিশ্বাসত  কেৱল এটা পৰিয়ালকে নহয়, সমগ্ৰ পৰিয়ালটোকে সমাজচ্যুত কৰা হয়। ইয়াৰ লগে লগে সোপাধৰাৰ দৰে অন্ধসবিশ্বসতো  নিৰীহ  মানুহৰ ওপৰত অত্যাচাৰ চলোৱা হ’ল। আজিৰ দিনতো ছোৱালী সন্তান জন্ম দিয়া বাবেই মহিলাক হত্যা কৰা ঘটনা এইখন পৃথিৱীতে সংঘটিত হৈ আছে।

দুবছৰমান আগতে কাৰ্বি আঙলং জিলাৰ ডকমাকাত সোপাধৰা সান্দেহত গাঁৱৰ ৰাইজ উঠি আহি বাঁহ কাঠেৰে অতি নিৰ্মমভাৱে কোবাই কোবাই দুজন উঠি অহা যুৱকক হত্যা কৰিছিল। এই ঘটনাই সমগ্ৰ ভাৰতবাসীকে লজ্জানত কৰিছিল। দুয়োজন যুৱকে নিজৰ পৰিচয় দাঙি ধৰি, পিতৃ-মাতৃৰ নাম কৈ অহাৰ উদ্দেশ্য জনোৱাৰ পিছতো অতি পাশৱিকভাৱে হত্যা কৰিছিল এদল উন্মত্ত জনতাই। হয়তো বনৰীয়া জীৱ জন্তুবোৰেও ইমান নিষ্ঠুৰভাৱে আন জীৱজন্তুক হত্যা নকৰে। বহুতো ক্ৰিয়াকাণ্ড দেখিলে, জীৱজন্তুৰ হিংস্ৰতাতকৈও মানুহৰ হিংস্ৰতা, উগ্ৰতা বহুবেছি ওপৰত যেন লাগে। এই দুজন যুৱকেনো কি অপৰাধ কৰিছিল। কৰ্মব্যস্ত জীৱনত সদায়ে সৃষ্টিশীল কাম কৰি অহা এই দুজন যুৱকে কাৰ কি অপৰাধ কৰিছিল ? ব্যস্ত মহানগৰীৰ পৰা কিছু আঁতৰত থাকি প্ৰকৃতিৰ নিৰিবিলি পৰিৱেশৰ  মাজত সময় কটাবলৈ গৈছিল। এইখনেই আমাৰ গণতান্ত্ৰিক দেশ নেকি য’ত সৰ্বসাধাৰণ ৰাইজৰ সামান্য সুৰক্ষাও নাই। নিজৰ ঘৰৰ ভিতৰতে জীৱনটোৰ তিলমানো সুৰক্ষা নাই। পৰিয়ালৰ সুত্ৰই জনোৱা মতে, দুয়োজনে সৃষ্টিশীল কামত নিজকে জড়িত কৰি ৰখা যুৱক। পিতৃ-মাতৃ/ আত্মীয় স্বজনৰ ভাষ্য অনুসৰি, দুয়োজন যুৱকেই সৃষ্টিশীল কামৰ উৎস বিচাৰি প্ৰাকৃতিক পৰিৱেশে আৱৰা ঠাইলৈ ভ্ৰমণ কৰে। এইটো ঘটনাই প্ৰথম নহয়। এনে বহু দুৰ্ভাগ্যজনক ঘটনা ঘটি গৈছে এইখন ৰাজ্যত। ঘটনাসমূহ সংঘটিত হোৱাৰ লগে লগে চাৰিওফালে সৰব প্ৰতিবাদ, কিন্তু কেইদিন হোৱাৰ পিছতেই চৌদিশে নিজল মাৰে। বহু মাৰাত্মক ঘটনাত জড়িত অপৰাধীসকল কেনেকৈ আইনৰ সুৰুঙাই দি সাৰি যায়, সেয়া ৰাইজৰ সমূখত সবাটোকৈ ডাঙৰ প্ৰশ্ন। এনেধৰণৰ বিচাৰ সমূহ ফাষ্ট ট্ৰেক আদালতৰ যোগেদি নোহোৱা হেতুকে, আইনৰ লেহেমীয়া গতিৰ বাবেই আমাৰ ৰাজ্যখনত বহুতো মাৰাত্মক অপৰাধ সংঘটিত হৈ আহিছে। এই ক্ষেত্ৰত চৰকাৰৰ প্ৰতিনিধি দুজনমান গৈ কেইটামান টকাৰ চেক এখন দি আহিলেই সমস্যাটো শেষ হৈ নাযায়। অকালতে শেষ হৈ যোৱা মানুহজনক ঘূৰাই আনিব পাৰিব জানো ? ৰাজ্যখনত প্ৰায়ে সংঘটিত হৈ অহা এনে বিচাৰ প্ৰক্ৰিয়াৰ ওপৰত চৰকাৰখনৰ স্থিতি অতি দৃঢ় আৰু কঠোৰ হোৱা উচিত।

আমাৰ বিভিন্ন পিছপৰা, দুৰ্গম এলেকাত বিশেষকৈ জনজাতীয়, চাহজনজাতীয় এলেকাসমূহত অন্ধবিশ্বাস, কুসংস্কাৰৰ মাত্ৰা বহুগুণে বেছি। এনেধৰণৰ পিছপৰা এলেকাসমূহত ব্যাপকভাৱে অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ ওপৰত  সজাগতামূলক কাৰ্যসূচী হ’ব লাগে। এইক্ষেত্ৰত প্ৰচাৰমূলক মাধ্যমসমূহো যথেষ্ট সক্ৰিয় হব লাগে কিয়নো এনে ধৰণৰ ঘটনা সমূহ পঢ়াৰ লগে লগে প্ৰকৃত তথ্যসমূহ পোহৰলৈ আহিব। দৰাচলতে আমাৰ ৰাজ্যখনত নিবাৰণ আৰু নিৰ্মূলকৰণৰ এখন কঠোৰ আৰু কটৰটীয়া আইন হব লাগে। ৰাজ্যখনত যিটো বিয়াগোম আৰক্ষী বিভাগ আছে তেওঁলোকেও এনে দূৰ্গম এলেকা সমূহত অধিক তৎপৰ হ’ব লাগে। চৰকাৰীভাৱেও ৰাজ্যখনৰ দূৰ্গম, জনজাতীয় অঞ্চলসমূহৰ বাবে যিখিনি সজাগতা মূলক কাৰ্যসূচী হ’ব লাগে সেইখিনি আজি পৰ্যন্ত হৈ উঠা নাই। আনকি এই পিছপৰা লোকসকলৰ মাজত এনে অন্ধবিশ্বাস, কুসংস্কাৰ আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে এখন আঁচনিৰ প্ৰৱৰ্ত্তন হোৱা নাই, এখন নিৰ্দিষ্ট আইন হৈ উঠা নাই। এখন গণতান্ত্ৰিক দেশৰ সৰ্বপ্ৰথম দ্বায়িত্ব সৰ্বসাধাৰণ ৰাইজৰ জীৱনসমূহক নিৰাপত্তা দিয়া। কিন্তু আমাৰ ৰাজ্যত সেয়া কিমানদূৰ সফল হৈছে, প্ৰতিজন সচেতন ব্যক্তিয়ে নিজক সুধি চালেই গম পাব। চৰকাৰৰ লগতে আমাৰ সমাজৰ কুসংস্কাৰ মুক্ত কৰাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিটো স্তৰৰ লোকৰে দ্বায়বদ্ধতা আছে। আমি প্ৰত্যেকেই নিষ্ঠা আৰু আন্তৰিকতাৰে সেইখিনি কৰিবলৈ আগবাঢ়ি যাব লাগে।

ফোনঃ ৮৬৩৮০৬০৫৭৩