চিন্তাত টোপনি নাহে মোৰ
এছ ইছলাম, শিক্ষক
পশ্চিম মইনবৰী, বৰপেটা
চোৱা চোন,
যোৱা তিনিটা বছৰ যন্ত্রণাত কাতৰ
সেউজীয়া পাতবোৰ
তুমি যোৱাৰ পিছৰে পৰা চিন্তাত
টোপনি নাহে মোৰ।
সেই যে লগ পাইছিলোঁ তোমাক
কদম জোপাৰ তলত তোমাৰ
বাঁহীৰ সুৰৰ বিচ্ছেদৰ কি যে যন্ত্রণা !
কুলিৰ চৰাইৰ দৰে শুৱলা মাত তোমাৰ
আজিও মনত পৰে তোমাৰ কলমে
মোৰ উকা কাগজত কি যে লিখিলা!
আজিও মচিব পৰা নাই
আজিও পাহৰিব পৰা নাই
তোমাৰ কথা মনলৈ আহে
চিন্তাত টোপনি মোৰ নাহে ।
মনত পৰেনে তোমাৰ?
কদম জোপাৰ তলত চাৰি চকুৰ মিলনে
কথা ক’লে চকুৱে চকুৱে,
আজি আশা ,সপোন, প্ৰতিশ্ৰুতি
সকলো টুকুৰা টুকুৰ হৈ গ’ল।
তোমাৰ প্ৰতিচ্ছবি থাপনা কৰিছিলোঁ
মোৰ হৃদয় মন্দিৰৰ বেদীত
বিচ্ছেদৰ যন্ত্রণাত তোমাৰ চিন্তাত
টোপনি নাহে মোৰ চকুত।
