চিন্তন –  মিতালি বৰঠাকুৰ

Pc Pinterest.com

চিন্তন

 মিতালি বৰঠাকুৰ,মালিগাওঁ

আমাৰ   বুকুৰ  ভিতৰত
সদায় এখন যুদ্ধ চলি আছে
য’ত ৰ্নিলিপ্ত হৈ থাকে প্ৰেম আৰু ঘৃণা
কেতিয়াবা  কথাবোৰ  হৈ পৰে
পটন্তৰ , সাধুকথাৰ দৰে
আৰু  কেতিয়াবা কথা বোৰ
গীতা, উপনিষদৰ প্ৰেমৰ বাণী।
আবেগ আৰু অজুহাতৰ দোমোজাত
ওপঙি থকা আমি
একো একোটা অৱচেতন আত্মা
যেন শামুকৰ খোলাত নিদ্ৰাৰত এক জীৱন্ত ফচিল।