চিনেমা হলত বাহিৰৰ পৰা খাদ্য লৈ প্ৰৱেশ কৰিব নোৱাৰিব দৰ্শকে
ৰঙিলী বাৰ্ত্তাসেৱা- চিনেমা হলৰ মালিকসকলে দৰ্শকক বাহিৰৰ খাদ্য অনাত বাধা দিব পাৰে।মঙলবাৰে উচ্চতম ন্যায়ালয়ে ৰায় দিয়ে যে চিনেমা হল হৈছে মালিকৰ ব্যক্তিগত সম্পত্তি যি হললৈ অহা লোকসকলৰ প্ৰৱেশৰ অধিকাৰৰ ওপৰত এনে ‘চৰ্তাৱলী আৰু নিয়মাৱলী’ আৰোপ কৰাৰ অধিকাৰৰ ভিতৰত আছে৷জম্মু-কাশ্মীৰৰ মাল্টিপ্লেক্স মালিক আৰু থিয়েটাৰ মালিকসকলৰ দ্বাৰা দাখিল কৰা এক গোটৰ আপীলৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ (চিজেআই) ধনঞ্জয়া ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ বিচাৰপীঠে কয়, “চিনেমা হলৰ সম্পত্তি চিনেমা হলৰ গৰাকীৰ ব্যক্তিগত সম্পত্তি।চিনেমা হল আৰু মাল্টিপ্লেক্সবোৰৰ চৰ্তাৱলী আৰু নিয়মাৱলী নিৰ্ধাৰণ কৰাৰ আৰু বাহিৰৰ পৰা খাদ্য আৰু পানীয়ৰ অনুমতি দিয়া হ’ব নে নাই সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে।চিনেমা চাব নে নকৰিব সেয়া দৰ্শকৰ পছন্দ আৰু তেওঁলোকে চিনেমা হলত প্ৰৱেশ কৰাৰ পিছত,তেওঁলোকে মেনেজমেণ্টৰ নিয়ম মানি চলিব লাগিব।”