‘চিনেমাৰ মানুহ’ গ্ৰন্থ উন্মোচন

‘চিনেমাৰ মানুহ’ গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম সাহিত্য সভা ভৱনৰ ‘ নেহা আগৰৱালা সোঁৱৰণি সভাকক্ষ ‘ ত চলচ্চিত্ৰ জগতৰ হেমন্ত কুমাৰ দাসৰ ‘চিনেমাৰ মানুহ’ নামৰ গ্ৰন্থখন উন্মোচন কৰা হয়৷গ্ৰন্থখন উন্মোচন কৰে অভিনেত্ৰী মৃদুলা বৰুৱাই । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ‘প্ৰতিদিন টাইম ‘ ৰ পৰিচালন সম্পাদক স্মিতাক্ষী বি গোস্বামী , ‘আমাৰ অসম’ কাকতৰ বাতৰি বিভাগৰ সম্পাদক গৌতম শৰ্মা আৰু সাহিত্য একাডেমী বঁটা প্ৰাপক ড° জয়ন্ত মাধৱ বৰা । ‘বি এণ্ড এম পাব্লিকেচন এণ্ড প্ৰিন্টাৰ্ছ’ ৰ স্বত্বাধিকাৰী ড° দৰ্শনা বৰুৱা থমাছ-এ প্ৰকাশ কৰা ‘চিনেমাৰ মানুহ’ গ্ৰন্থখনিৰ উন্মোচনী অনুষ্ঠানটোত উপস্থিত আছিল সমৰ হাজৰিকা , কমললোচন দাস , অৰুণলোচন দাস , উৎপল দত্ত , অতুল মজুমদাৰ , নয়ন প্ৰসাদ , দ্বীপ চৌধুৰী , মিন্টু বৰুৱা , উৎপল মেনা, , প্ৰভাত গোস্বামী , উৎপল মেনা , উৎপল তালুকদাৰ , মন্টু শইকীয়া , ৰিমলী বৰকটকী , নৱ মহন্ত , মন্দিৰা গগৈ আদি বহু শিল্পী সাহিত্যিক ।