চিনাকীৰ পৰা অচিনাকীলৈ – নাচিমা য়াচমিন

Pc The Independent

চিনাকীৰ পৰা অচিনাকীলৈ

নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
কথোপকথন চলি থাকোঁতেই
হঠাৎ  এনে এক দিন আহিব,,
যিদিনা আমাৰ বাক্যবোৰ
নিঃশব্দৰ উপত্যকাত খহি পৰিব।
অনুৰাগৰ জোনাকীবিলাক
শূণ্যতাৰ গভীৰত হেৰাই যাব,
আৱেগৰ উষ্ণতাসমূহ
চকুৰ উপকূলত টোপাল হৈ ৰ’ব,
য’ত ভাললগাবোৰ স্মৃতি হৈ ভাঁহিব।
সেইদিনা মই  বুজি উঠিম ,,,
যিদৰে কোনো কাৰণ  অবিহনে
আমাৰ মাজত কথোপকথন আৰম্ভ হৈছিল,
ঠিক তেনেদৰে কোনো কাৰণ অবিহনেই
আমাৰ মাজত কথোপকথন সোঁফলীয়া হৈ
শূণ্যতাত বিলীন হ’ব।