চিত্ৰশিল্পী কিৰণ শংকৰৰ চিকিৎসা সাহায্যৰ বাবে আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা-অসমৰ এজন প্ৰসিদ্ধ চিত্ৰশিল্পী,ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম প্ৰতিষ্ঠাপক তথা উপ-সভাপতি কিৰণ শংকৰ হাঁওফাঁওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে৷জনবিজ্ঞান আন্দোলনৰ নিষ্ঠাবান কৰ্মী তথা শিল্পীজন বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কেঞ্চাৰ প্ৰতিষ্ঠানৰ অধীনত চিকিৎসা গ্ৰহণ কৰি আছে আৰু ৰোগৰ বিৰুদ্ধে সাহসেৰে যুঁজিছে৷চিত্ৰশিল্পী জনৰ চিকিৎসাৰ বাবে উদাৰহস্তে আৰ্থিক সাহায্য আগবঢ়াবলৈ ইলোৰা বিজ্ঞান মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছে৷ইচ্ছুক আগ্ৰহীয়ে ইলোৰা বিজ্ঞান মঞ্চ, একাউন্ট নং- ৩০০০৬১৬৩৫৭৯, এছ বি আই চেণীকুঠী শাখা, গুৱাহাটী-৩, আইএফএছচি- এছবিআইএন ০০০৭৯৭৬ত জমা দিবলৈ সাধাৰণ সম্পাদক কমলেশ গুপ্তই অনুৰোধ জনাইছে ৷